Wednesday, December 25, 2019
Sunday, December 1, 2019
ইতিহাসৰ পাতত আজিৰ দিনটো
Monday, August 19, 2019
১৯ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )
✍ আজি ইংৰাজী ২০১৯ চনৰ আগষ্ট মাহৰ ১৯ তাৰিখ,সোমবাৰ।বছৰটোৰ ২৩১তম দিন।বছৰটো শেষ হ'বলৈ আৰু ১৩৪ দিন বাকী। অসমীয়া লেখেৰে ১৯৪১ শকৰ ভাদ মাহৰ ১ তাৰিখ।
******************************************
✍ আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।
✍ ১৮৮০ চনৰ আজিৰ দিনটোতে জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয়।লেখক,শিক্ষক, অভিনেতা বৰুৱাই ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুস্থিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনত সভাপতিত্ব কৰিছিল।
✍ ১৯০৪ চনৰ আজিৰ দিনটোতে কবি,গীতিকাৰ, নাট্যকাৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম হয়।
✍ ১৯২৬ চনৰ আজিৰ দিনটোতে কবি, সাহিত্যিক,অনুবাদক আৰু প্ৰশাসনিক বিষয়া সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত অজিত বৰুৱাৰ জন্ম হয়।
✍ ১৯১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ নৱম জন ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাৰ জন্ম হয়।
✍ ১৯০৭ চনৰ আজিৰ দিনটোতে হিন্দী ঔপন্যাসিক, সমালোচক হাজাৰি প্ৰসাদ দ্বিবেদীৰ জন্ম হয়।
✍ ১৭৫৭ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পাণীয়ে ভাৰতত ১ টকীয়া মূদ্ৰা সাজি উলিয়াই।
✍ ১৯৪৯ চনৰ আজিৰ দিনটোতে ভূৱনেশ্বৰক ঊৰিষ্যাৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
✍ ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন প্ৰসিদ্ধ শ্বুটাৰ বিজয় কুমাৰৰ জন্ম হয়।২০১২ চনৰ লণ্ডণ অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিদ ফায়াৰ পিষ্টল শাখাত তেখেতে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
✍ ১৯৩০ চনৰ আজিৰ দিনটোতে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। সেই সময়ত এই মহাবিদ্যালয়ৰ নাম আছিল উজনি অসম মহাবিদ্যালয়।সেই সময়ত এইখনেই আছিল উজনি অসমৰ একমাত্ৰ মহাবিদ্যালয়।১৯৩৮ চনৰ ২৫ জুন তাৰিখে মহাবিদ্যালয় খনৰ পুণৰ নামাকৰণ কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয় বুলি ঘোষণা
🙏 ধন্যবাদ 🙏
Sunday, August 18, 2019
১৮ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )
🙏সুপ্ৰভাত🙏
✍ আজি ইংৰাজী ২০১৯ চনৰ আগষ্ট মাহৰ ১৮ তাৰিখ, দেওবাৰ। বছৰটোৰ ২৩০তম দিন।বছৰটো শেষ হ'বলৈ আৰু ১৩৫ দিন বাকী। অসমীয়া লেখেৰে ১৯৪১ শকৰ শাওণ মাহৰ ৩২ তাৰিখ।
**********************************************
✍ আজি মেচিডনিয়াৰ সশস্ত্ৰ বাহিনী দিৱস।
✍ আজি ইণ্ডোণেছিয়াৰ সংবিধান দিৱস।
✍ আজি থাইলেণ্ডৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
✍ ১৯৮০ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী জেৰিফা ৱাহিদৰ জন্ম হৈছিল।
✍ আজি প্ৰথম গৰাকী অসমীয়া আধুনিক অসমীয়া কবি অমূল্য বৰুৱাৰ স্মৃতি দিৱস।
✍ ১৯০০ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম গৰাকী সভানেত্ৰী তথা প্ৰথম গৰাকী ভাৰতীয় বিজয়লক্ষ্মী পণ্ডিতৰ জন্ম হয়। ১৯৫৩ চনৰ ১৫ চেপ্তেম্বৰৰ পৰা ১৯৫৪ চনৰ ২১ চেপ্তেম্বৰ তাৰিখলৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল।
✍ ২০০০ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, স্বাধীনতা সংগ্ৰামী, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক,ৰাজনীতিবিদ, শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হয়।
✍ ১৯৮৮ চনৰ আজিৰ দিনটোতে আৱাহন যুগৰ গল্পকাৰ দীননাথ শৰ্মাৰ মৃত্যু হয়।
✍ ১৯৪৫ চনৰ আজিৰ দিনটোতে টাইৱানত এক প্লেন দুৰ্ঘটনাত সুভাষচন্দ্ৰ বসু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।পিছত এক স্থানীয় চিকিৎসালয়ত তেখেতৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা হয়। যদিও তেখেতৰ মৃত্যু ৰহস্যৰ আৱৰ্তত তেখেতৰ মৃত্যু দিৱস হিচাপে আজিৰ দিনটো পালন কৰা হয়।
✍ ১৯৫৮ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ব্ৰজেন দাসে এক প্ৰতিযোগিতাত ইংলিছ চেনেল সাঁতুৰি পাৰ হয়। তেখেতে প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।তেখেত ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম জন বাঙালী তথা প্ৰথমজন এচিয় লোক। আনহাতে ইংলিছ চেনেল ছবাৰকৈ সাঁতুৰি পাৰ হোৱা প্ৰথমজন ব্যক্তি।
✍ ১৮০০ চনৰ আজিৰ দিনটোতে কলকাতা(বৰ্তমানৰ কলিকতা)ত লৰ্ড ৱেলেছলিৰ দ্বাৰা ফ'ৰ্ট উইলিয়াম মহাবিদ্যালয় স্থাপন কৰা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ ১৮৫৪ চনত মহাবিদ্যালয় খন বন্ধ হয়।
✍ ২০০৪ চনৰ আজিৰ দিনটোত এথেন্স অলিম্পিকত ভাৰতৰ ৰাজ্যবৰ্ধন ৰাথোৰে শ্বুটিঙত ৰূপক পদ অৰ্জন কৰিবলৈ সক্ষম হয়।
✍ ১৮৬৪ চনৰ আজিৰ দিনটোতে সমাজ সেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰে'ডক্ৰছ গঠন কৰা হয়।
🙏 ধন্যবাদ 🙏
Sunday, August 11, 2019
১১ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )
🙏সু -প্ৰভাত🙏
আজি (ইংৰাজী: 11 August) অসমীয়া ২৫ শাওণ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৩তম (অধিবৰ্ষত ২২৪তম) দিন। বছৰ শেষ হ'বলৈ ১৪২ দিন বাকী থাকে।
################################
✍বিশিষ্ট চিকিৎসা বিজ্ঞানী খ্ৰীষ্টিয়ান আইজেকমেনৰ নেদাৰলেণ্ডত জন্ম হয় এই দিনটোতে। ১৯২৯ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
✍১৯৯৯ চনৰ এই দিনটোতেই সাহিত্যচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাই মৃত্যুক আঁকোৱালি লৈছিল।
✍১৯৪৫ চনৰ এই দিনটোতে হেম বৰুৱা (ত্যাগবীৰ)ৰ গুৱাহাটীত মৃত্যু হয়৷
✍সংগীত পৰিচালক পাৰ্থপ্ৰতীম চৌধুৰীৰ মৃত্যু হয় ২০০৫ চনৰ এই দিনটোতে।
✍প্ৰাক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হয় ১৯৯৯ চনৰ এই দিনটোতে।
ক্ষুধিৰাম বসুৰ বিনা বিচাৰে ফাঁচী হৈছিল ১৯০৮ চনৰ এই দিনটোতে।
✍১৯৯৮ চনৰ এই দিনটোতে নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰে ✍২০০৭ চনৰ এই দিনটোতে।
✍১৮৬০ চনত এই দিনটোতে আলাউদ্দিনৰ বাহমণি সাম্ৰাজ্য প্ৰতিষ্ঠ হয়।
✍১৯৬১ চনৰ এই দিনটোতে দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
✍১৯৯৯ চনৰ এই
দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ।
ধন্যবাদ🙏🙏🙏🙏
Saturday, August 3, 2019
৩ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )
🙏সু প্ৰভাত🙏
আজি (ইংৰাজী: 3 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম (অধিবৰ্ষত ২১৬তম) দিন। বছৰ শেষ হ'বলৈ ১৫০ দিন বাকী থাকে।
✍১৮৮৬ চনৰ আজিৰ তাৰিখতে হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হয়।
✍১৯৮৪ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী ৰ জন্ম হৈছিল।
✍১৯৫৯ চনৰ আজিৰ তাৰিখতে কবি-দাৰ্শনিক ভবানন্দ দত্তৰ মৃত্যু হয়।
✍১৯৮০ চনৰ আজিৰ তাৰিখতে শিল্পী কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।
✍১৩৪৭ চনৰ আজিৰ তাৰিখতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
✍১৮৮৫ চনৰ আজিৰ তাৰিখতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন আৰম্ভ হয়।
✍১৯১৪ চনৰ আজিৰ তাৰিখতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে
✍১৯৬০ চনৰ আজিৰ তাৰিখতে নাইজাৰে স্বাধীনতা লাভ কৰে।
আজিৰ তাৰিখতে এংগোলো, মোজাম্বিক আৰু গিনি বিচাৱে স্বাধীনতা লাভ কৰে।
✍১৯৯৯ চনৰ আজিৰ তাৰিখতে নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
✍২০০৪ চনৰ আজিৰ তাৰিখতে বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।
ধন্যবাদ 🙏🙏🙏
Monday, July 29, 2019
29 জুলাই ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )
✍ আজি ২০১৯ চনৰ জুলাই মাহৰ ২৯ তাৰিখ, সোমবাৰ। বছৰটোৰ আজি ২১০ তম দিন।বছৰটো শেষ হ'বলৈ আৰু ১৫৫ দিন বাকী। অসমীয়া লেখেৰে ১৯৪১ শকৰ শাওণ মাহৰ ১২ দিন।
******************************************
✍ আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস।
✍ আজি গায়িকা শান্তা উজীৰৰ জন্ম দিন।
✍ ১৯৫৯ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা সঞ্জয় দত্তৰ জন্ম হয়।
✍ ১৯০৪ চনৰ আজিৰ দিনটোতে টাটা মটৰ্চ আৰু টাটা গ্ল'বেল বিভাৰেজেচৰ প্ৰতিস্থাপক জে আৰ ডি টাটাৰ জন্ম হয়।
✍ ১৮৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ মৃত্যু হয়।
✍ ১৮৯০ চনৰ আজিৰ দিনটোতে হলেণ্ডৰ বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গ'গৰ মৃত্যু হয়। গোটেই জীৱন দৰিদ্ৰতাৰ বিপক্ষে যুঁজ কৰি ভাগৰি পৰা শিল্পীজনে আত্মহননৰ পথ বাছি ল'ব লগীয়া হয়।
✍ ১৯২১ চনৰ আজিৰ দিনটোতে হিটলাৰ National Socialist German Workers' Party (নাজী পাৰ্টী) ৰ নেতা নিৰ্ৱাচিত হয়।
✍ ১৯৫৭ চনৰ আজিৰ দিনটোতে International Atomic Energy Agency গঠন হয়। নিউক্লিয়েৰ শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সমৰ্থন আৰু ইয়াৰ সামৰিক ব্যৱহাৰত বাধা দিয়াৰ উদ্দেশ্যেৰে ইয়াক গঠন কৰা হয়।
✍১৯৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা National Aeronautics and Space Administration (NASA) প্ৰতিস্থা কৰা হয়।
✍ ২০০৫ চনৰ আজিৰ দিনটোতে সৌৰজগতৰ বাওনা বা বামন গ্ৰহ 'এৰিচ' আৱিস্কৃত হোৱা কথাটো নিশ্চিত কৰি ঘোষণা কৰা হয়। ইয়াৰ ভৰ পৃথিৱীৰ ভৰতকৈ ০.২৭ শতাংশ কম আৰু প্লুটোতকৈ ০.২৭ শতাংশ বেছি। অৱশ্যে ই প্লুটোতকৈ সামান্য লঘূ।
🙏 ধন্যবাদ 🙏
Wednesday, February 20, 2019
History of February 20
Friday, February 1, 2019
১ ফ্ৰেব্ৰুৱাৰী ( আজিৰ দিনটোৰ ঘটনাৱলী )
১ ফেব্ৰুৱাৰী (ইংৰাজী: 1 February) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩ টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে৷
আজি World Hijab Day
2013 ত এই দিৱসৰ আৰম্ভণি । Nazma Khan ৰ নেতৃত্বত 140 খন দেশত পালন কৰা হয় । it as an opportunity for non-Muslim women to experience the hijab.
ঘটনাৱলী সম্পাদনা কৰক
2003 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী Kalpana Chawlaৰ মৃত্যু হয় ।(জন্ম March 17, 1962 )
১৮৮৪ চনৰ আজিৰ দিনটোতে অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এন্ট) প্ৰকাশিত হয় ।
১৮৫৫ চনৰ আজিৰ দিনটোতে কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যবস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।
1930 চনৰ আজিৰ দিনটোতে *The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে ।
1835 চনৰ আজিৰ দিনটোতে East India company এ Darjeeling ক চিকিমৰ ৰজাৰ পৰা Lease ত লয় ।
1942 চনৰ আজিৰ দিনটোতে Voice of America, আনুস্থানিক ৰেডিঅ আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভ কৰা হৈছিল ।
1884 চনৰ আজিৰ দিনটোতে ডাক বীমা যোজনা আৰম্ভ কৰা হয় ।
1786 চনৰ আজিৰ দিনটোতে লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু
1797 চনৰ আজিৰ দিনটোতে বেংগল ৰ গৱৰ্ণৰ জেনেৰেল হয় ।
1881 Cambridge Missionaries founded St. Stephen's College in Delhi.
1855 East India Railways were held for formal inauguration; Howrah station was opened.
1977 চনৰ আজিৰ দিনটোতে *ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয় ।*
1994 ONGC becomes a Public Limited Company.
১৭২৬ চনৰ আজিৰ দিনটোতে হেনৰি লায়লেৰ সভাপতিত্বত কলকাতাযত প্ৰথম ফোৰ্ট উইলিয়াম "মেয়ৰচ্ কোৰ্ট" স্থাপিত হয়।
১৮২৭ - কলকাতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।
১৮৩১ চনৰ আজিৰ দিনটোতে বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।
১৮৬২ চনৰ আজিৰ দিনটোতে বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।
১৮৯৭ চনৰ আজিৰ দিনটোতে *দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে ।*Shinhan Bank,
নোবেল জয়ী জাৰ্মান বিজ্ঞানী* Werner Karl Heisenberg ৰ ১৯৭৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল । মৃত্যু ১৯০১ চনৰ ৫ ডিচেম্বৰত । তেওঁ জাৰ্মান তাত্ত্বিক পদাৰ্থবিদ আৰু কোৱান্টম বলবিদ্যাৰ উদ্ভাবক । ১৯২৫ চনত মেক্স বৰ্ন আৰু পাচকুৱাল জৰ্ডানৰ লগত মিলি হাইজেনবেৰ্গ কোৱান্টম বলবিদ্যাৰ মেট্ৰিক্স ভিত্তিক ব্যাখ্যা প্ৰদান কৰিছিল । তেওঁ অনিশ্চয়তা নীতিৰ বাবে বিখ্যাত, যি ১৯২৭ চনত প্ৰকাশ কৰে । কোৱান্টম বলবিদ্যাৰ আবিষ্কাৰক হিচাবে আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হিচাবে হাইড্ৰোজেনৰ বহুৰূপতা আবিষ্কাৰত অবদান ৰখাৰ বাবে ১৯৩২ চনত তেওঁক পদাৰ্থবিদ্যাত নোবেল পুৰস্কাৰ দিয়া হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ নাৎসি জাৰ্মান পাৰমাণবিক অস্ত্ৰ প্ৰকল্পৰ প্ৰধান বিজ্ঞানী
আছিল ।
1964 Unit Trust of India' established.
1971 ক্ৰিকেটৰ অজয় জাডেজাৰ জন্ম ।
1957 অভিনেতা জেকী শ্ৰাফৰ জন্ম ।
Popular Posts
-
ক্ৰিয়া পদ (Verb) সংজ্ঞা: যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে । ক্ৰিয়া পদৰ ভাগ: ১) বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নো...
-
কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ ১) বেৰোস্কোপ - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ। ২) বেৰোমিটাৰ - বায়ু...
-
১) প্ৰশ্ন : মহাকাশ ভ্ৰমণ সম্পৰ্কীয় অধ্যয়ন কি কোৱা হয়? উত্তৰ : এষ্ট্ৰ’নটিকাছ। (Astronautics)। ২) প্ৰশ্ন : মহাকাশৰ পৰা স্পষ্টভাৱে দেখা মানুহ...
Categories
- Assam TET
- Day info
- General Knowledge
- GK
- Health knowledge