Monday, July 29, 2019

29 জুলাই ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )

✍ আজি ২০১৯ চনৰ জুলাই মাহৰ ২৯ তাৰিখ, সোমবাৰ। বছৰটোৰ আজি ২১০ তম দিন।বছৰটো শেষ হ'বলৈ আৰু ১৫৫ দিন বাকী। অসমীয়া লেখেৰে ১৯৪‍১ শকৰ শাওণ মাহৰ ১২ দিন।
******************************************

✍ আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস।

✍ আজি গায়িকা শান্তা উজীৰৰ জন্ম দিন।

✍ ১৯৫৯ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা সঞ্জয় দত্তৰ জন্ম হয়।

✍ ১৯০৪ চনৰ আজিৰ দিনটোতে টাটা মটৰ্চ আৰু টাটা গ্ল'বেল বিভাৰেজেচৰ প্ৰতিস্থাপক জে আৰ ডি টাটাৰ জন্ম হয়।

✍ ১৮৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ মৃত্যু হয়।

✍ ১৮৯০ চনৰ আজিৰ দিনটোতে হলেণ্ডৰ বিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গ'গৰ মৃত্যু হয়। গোটেই জীৱন দৰিদ্ৰতাৰ বিপক্ষে যুঁজ কৰি ভাগৰি পৰা শিল্পীজনে আত্মহননৰ পথ বাছি ল'ব লগীয়া হয়।

✍ ১৯২১ চনৰ আজিৰ দিনটোতে হিটলাৰ  National Socialist German Workers' Party (নাজী পাৰ্টী) ৰ নেতা নিৰ্ৱাচিত হয়।

✍ ১৯৫৭ চনৰ আজিৰ দিনটোতে International Atomic Energy Agency গঠন হয়। নিউক্লিয়েৰ শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সমৰ্থন আৰু ইয়াৰ সামৰিক ব্যৱহাৰত বাধা দিয়াৰ উদ্দেশ্যেৰে ইয়াক গঠন কৰা হয়।

✍১৯৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা National Aeronautics and Space Administration (NASA) প্ৰতিস্থা কৰা হয়।

✍ ২০০৫ চনৰ আজিৰ দিনটোতে সৌৰজগতৰ বাওনা বা বামন গ্ৰহ 'এৰিচ' আৱিস্কৃত হোৱা কথাটো নিশ্চিত কৰি ঘোষণা কৰা হয়। ইয়াৰ ভৰ পৃথিৱীৰ ভৰতকৈ ০.২৭ শতাংশ কম আৰু প্লুটোতকৈ ০.২৭ শতাংশ বেছি। অৱশ্যে ই প্লুটোতকৈ সামান্য লঘূ।

                            🙏 ধন্যবাদ 🙏

Share:

0 comments:

Post a Comment

Popular Posts