Showing posts with label Health knowledge. Show all posts
Showing posts with label Health knowledge. Show all posts

Saturday, July 27, 2019

স্বাস্থ্য ৰক্ষাত কেঁচা কঁঠাল উপকাৰিতা

স্বাস্থ্য ৰক্ষাত কেঁচা কঁঠাল উপকাৰিতা

         পকা কঁঠাল যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি' বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ আঞ্জা বহুতৰে প্রিয়। কেচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ আঞ্জা খনৰ সোৱাদ মাংসৰ জোলতকৈও সুন্দৰ হয়। সেয়েহে হয়তো কঁঠালৰ আঞ্জা নিৰামিষভোজী সকলৰ খুবেই প্রিয় ব্যঞ্জন। ভাৰতৰ বিভিন্ন ঠাইত কেঁচা কঁঠাল বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হয়। আমাৰ ইয়াত ফাগুন চ'ত মাহ মানৰ পৰাই বজাৰত কঁঠালৰ মুচি ওলায় । হাতত মিঠাতেল সানি কঁঠালৰ মুচিবোৰ কাটিব লাগে, কাৰণ কেঁচা কঁঠালৰ পৰা খুব আঠা ওলায়। ওপৰৰ কঠিন তৰপ এৰুৱাই বাকী অংশ কাটি পানীত ভালদৰে সিজাই লোৱাৰ পিছত যিকোনো ব্যঞ্জন বনাওতে ব্যৱহাৰ কৰিব পাৰি। কঁঠালৰ মুচি ৰদত শুকুৱাই তাৰ পৰা আচাৰ বনোৱাও হয়। আবতৰত ইয়াৰে অকণমান আচাৰৰ জুতি লৈয়ে ভাতসাঁজ সুন্দৰকৈ খাব পাৰি। আমাৰ পূৰ্বপুৰুষ সকলে বতৰৰ ফলবোৰৰৰ ৰন্ধন প্ৰকৰণ আৰু সংৰক্ষণ বিধিৰ সুন্দৰ দিহা আমাক শিকাই থৈ গৈছে আৰু আমিও তেওঁলোকৰ পদানুসৰণ কৰিয়ে সকলোবোৰ শিকিছো। কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে চবজি হিচাবে ব্যবহাৰ বেছি হয়। অসমীয়া মানুহৰ জনবিশ্বাস মতে ' আমে আনে বান, কঁঠালে আনে ধান।' এই সাৰুৱা কথাফাকিৰ গুহাৰ্থ হ'ল যেতিয়া আম গছত সৰহকৈ আম লাগে তেতিয়া দেশত বানপানীৰ প্ৰকোপ হয় আৰু কঁঠাল যদি সৰহকৈ লাগে ( আমৰ তুলনাত) দেশ শস্য শ্যামলা হয় । তুলনামূলক ভাবে আমতকৈ কঁঠালৰ ঔষধি গুণাগুণ বেছি। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এন্টিঅক্সিডেন্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ইয়াৰ গুণাগুণ সমূহ হৈছে:-

☘️  কঁঠালৰ মুচি বা কেঁচা কঁঠালে মেদবহুলতা সমস্যা নিৰাময় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে  ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। কঁঠালৰ মুচিৰ ব্যঞ্জন খালে সেয়েহে সোনকালে পেট ভৰি যায়। ওজন কম কৰিব বিচৰাসকলে মাজে সময়ে কঁঠালৰ মুচি সেৱন কৰিলে সুফল পাব।
☘️ কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে। লগতে আঁহ থকাৰ বাবে আন বহুতো সমস্যা নিৰ্মূল কৰে। কঁঠালৰ মুচিয়ে ডায়েবেটিচ ৰোগ প্ৰতিৰোধও কৰে। সেয়েহে নিৰোগী লোকেও মাজে সময়ে  কেঁচা কঁঠাল সেৱন কৰা উচিত।
☘️ কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা দ্ৰবিত আঁহে( soluble fiber)  শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত  সহায় কৰে।
☘️ প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে। গৱেষণামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে কেঁচা কঁঠালৰ সেৱনে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।
☘️ ভিটামিন, এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আইৰণ থকা বাবে ৰক্তহীনতা দূৰ কৰে।
🍀 এন্টিঅক্সিডেন্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

প্ৰকৃতিৰ বুকুত উপলব্ধ প্ৰতিবিধ খাদ্য সামগ্ৰীৰে বিশেষ কিছুমান গুণ আছে। আমাৰ পূৰ্বপুৰুষ সকলৰ ব্যৱহাৰিক জ্ঞান বেছি আছিল বাবে তেওঁলোকে স্বাস্থ্যসন্মত বিবিধ ব্যঞ্জনৰ জুতি লৈ নিৰোগী হৈ আছিল। আমিও কেঁচা কঁঠালৰ দৰে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ খাদ্যসম্ভাৰ দৈনন্দিন খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰা উচিত। কাৰণ আমাৰ সুস্বাস্থ্যৰ চাবিকাঠি আমাৰ নিজৰ হাতৰ মুঠিতে আছে।

Share:

Thursday, July 25, 2019

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব.....

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব.....

বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই এপ্ৰিল , মে' মাহত বহুলোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ ৷ এতিয়া বজ্ৰপাত পৰাৰ দিন সমাগত ৷ গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো তাকে লিখিবলৈ লৈছো ৷
প্ৰথমতেই কওঁ কিছু গাঁৱলীয়া সমাজত বজ্ৰপাতৰ সম্পৰ্কে অন্ধ বিশ্বাস আছে ৷ গতিকে আমি প্ৰথমতেই এই অন্ধ বিশ্বাস পৰিহাৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বজ্ৰপাত কি আৰু কেনেকৈ কিয় হয় এই বিষয়ে অধ্যয়ন কৰিব লাগিব ৷ কাৰণ অন্ধবিশ্বাসী মানুহে সত্যক মানিবলৈ টান পায় ৷
        চমুকৈ ক'বলৈ গ'লে, বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰে ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ ফলত দুয়ো অংশতে অসংখ্য আধানৰ সৃষ্টি হয় ৷ বায়ুমণ্ডলৰ ওপৰৰ অংশত সাধাৰণতে যোগাত্মক (+) আধান আৰু নিম্ন অংশত ঋণাত্মক (--) আধানৰ সৃষ্টি হয় ৷ আনহাতে আমি সকলোৱে জানো যে বায়ু বিদুৎতৰ কু-পৰিবাহী ৷ কিন্তু যেতিয়া এই আধানৰ পৰিমান অত্যাধিক বৃদ্ধি পায় তেতিয়া বায়ুৰ এই ধৰ্ম ভেদি যোগাত্মক আধান ঋণাত্মক আধানলৈ খুউব বেগেৰে প্ৰবাহিত হয় ৷ আৰু তেতিয়া পোহৰ আৰু শব্দৰ সৃষ্টি হয় ৷ পোহৰৰ গতিবেগ শব্দতকৈ বেছি বাবে আমি পোহৰ আগত দেখা পাওঁ আৰু শব্দ পাছত শুনিবলৈ পাওঁ ৷ বায়ুমণ্ডলৰ উচ্চ অংশত সৃষ্টি হোৱা এই আধানবোৰ তীব্ৰ গতিৰে নিম্ন অংশৰ বিপৰীতধৰ্মী আধানৰ মাজেৰে ভূগৰ্ভলৈ পাৰহৈ যোৱা পৰিঘটনাটোৱেই হৈছে  বজ্ৰপাত ৷

এতিয়া আহো বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা উপায় সমূহলৈ ---

(১) মনত ৰাখিব বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানতহে পৰিব পাৰে ৷ গতিকে বিজুলী-ধেৰেকনি মৰা সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰহৈ যাবলৈ চেষ্টা নকৰিব ৷ কাৰণ মুকলি পথাৰখনত আপুনিহে ওখ হৈ থাকিব ৷

(২) বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি স্থানত মোবাইলত কথা পাতি বা ছাতি লৈ নাথাকিব ৷
মোবাইল Switch Off কৰক ৷

(৩) আপুনি যদি বিজুলী-ধেৰেকনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত থাকি গ’ল ৷ তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নলব ৷ কোনোবা চাপৰ গছ এজোপাৰ তলত আশ্ৰয় লওঁক ৷

(৪) বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোজোৱাটোৱেই মংগল ৷

(৫) আপুনি যদি বিজুলি -ধেৰেকনি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত আছে তেন্তে চিন্তা নকৰি সাৱধানে বহি ৰওঁক ৷ কিন্তু গাড়ীৰ দৰ্জা, খিৰিকি বা বডীত স্পৰ্শ কৰি নাথাকিব ৷

(৬) ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদুৎ পৰিবাহী দণ্ড লগাওঁক ৷

(৭) বিজুলী-ধেৰেকনি মৰাৰ সময়ত বৈদুৎতিক মাধ্যম সমূহ ব্যৱহাৰ নকৰি সংযোগ বিচিন্ন কৰি ৰাখক ৷
        মনত ৰাখিব আপোনাৰ ধৈৰ্য্য আৰু অলপ সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ংকৰ দূৰ্য্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ গতিকে নিজেও বাচক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰো জীৱন ৰক্ষা কৰক ৷

Share:

Saturday, March 2, 2019

চাহে আমাৰ স্বাস্থ্যৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়

চাহে আমাৰ স্বাস্থ্যৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়
CONTENTS
চাহ খোৱাটো ভাল নে বেয়া -
চাহ বনাম কফি -
কফি পানৰ উপকাৰিতা অৰু অপকাৰিতা -
কেনেদৰে তৈয়াৰ কৰিব -

প্ৰায় পাঁচ হাজাৰ বছৰ আগতে চীন দেশত চাহৰ আৱিষ্কাৰ হয়। অসমত ১৮২৩ চনত প্ৰথম চাহগছ আৱিষ্কাৰ হয় আৰু ১৮৩৫ চনত শদিয়াত চাহ খেতি আৰম্ভ হয়। শুনিবলৈ আচৰিত যেন লাগিলেও সত্য কথা এয়ে যে, কেইশমান বছৰ আগলৈকে চাহ কেৱল পোৱা গৈছিল ঔষধৰ দোকানতহে। ইয়াৰ আগতে বৌদ্ধ ভিক্ষুসকলে চাহক ঔষধৰ মৰ্যাদা দিছিল।
হাজাৰ বছৰ আগতে চীনা বৌদ্ধ সন্ন্যাসীসকলে দীৰ্ঘকালীন যোগ সাধনাৰ সময়ত চাহ পান কৰাৰ প্ৰথা প্ৰচলিত আছিল। ইয়াৰ পিছত বৌদ্ধধৰ্ম যিমান প্ৰসাৰিত হয়, চাহৰ ব্যৱহাৰো সিমানে বাঢ়িবলৈ লয়।
ভাৰতত পানীয় হিচাপে পানীৰ পিছতে চাহৰ স্থান। চাহ খালে শৰীৰ সতেজ হৈ উঠে বাবে সকলো ধৰণৰ মানুহৰ মাজত চাহ জনপ্ৰিয়। কেইবছৰমান আগলৈকে চাহ আছিল নিতান্ত নিচাৰ বস্তু। কিন্তু বৰ্তমান চাহ সম্পৰ্কে আগৰ ধাৰণা সলনি হৈছে।
চাহ সম্পৰ্কে হোৱা গৱেষণাই সম্প্ৰতি নিত্য নতুন তথ্য উদঙাই দিছে। আগতে ধাৰণা আছিল চাহ খালে-
গাৰ ৰং ক’লা হয়,
ছাল কৰ্কশ হয়,
লিভাৰ বেয়া হয়। কিন্তু এই ধাৰণাবোৰৰ কোনোটোৰে চাহৰ লগত যোগাযোগ নাই।
কাৰণ চাহে পোনপটীয়াকৈ উল্লিখিত কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে। যেনে- ছালৰ ৰং নিৰ্ভৰ কৰে মেলানোচাইটৰ ওপৰত। চাহে কোনো ধৰণে মেলানোচাইটৰ সক্ৰিয়তাক প্ৰভাৱিত কৰিব নোৱাৰে।
চাহে লিভাৰৰ ওপৰতো তেনেধৰণে কোনো প্ৰভাৱ নেপেলায়। কিন্তু দীৰ্ঘদিন অতিৰিক্ত চাহপান কৰাসকলে কোষ্ঠ কাঠিন্যত ভোগে। টোপনিও কম হয়। যাৰ বাবে ছালৰ মসৃণতা হ্ৰাস পাব পাৰে।
গৱেষণাৰ পৰা জনা যায় যে চাহত ফ্লাভোনয়েড এবিধ এন্টি অক্সিডেন্ট। আমাৰ শৰীৰৰ ফ্ৰি ৰেডিকেল বা মুক্ত অক্সিজেনঘটিত যিবোৰ ক্ষয় ৰোগ, সেইবোৰ ৰোধ কৰে চাহত থকা কেৰোটিনয়ড, ফ্লেভোনয়েড, পলিফেনলিক আদি উপাদানে।
ফ্ৰি ৰেডিকেল ডেমেজৰ বাবে বাৰ্ধক্যজনিত নানা ৰোগ, হাৰ্টৰ ৰোগ আদি হয়। শৰীৰত বয়সৰ চাপ পৰে। এন্টি অক্সিডেন্ট এনে এবিধ প্ৰাকৃতিক যৌগ যিয়ে শৰীৰক নানা ভাৱে ৰক্ষা কৰে।
গাজৰ,
বন্ধাকবি,
আঙুৰ,
আপেলতকৈ চাহত বেছি পৰিমাণে এন্টি অক্সিডেন্ট থাকে। পৰীক্ষাত প্ৰমাণিত হৈছে যে, চাহে দেহৰ কিছুমান অংগত হোৱাৰ টিউমাৰ বা কেন্সাৰ ৰোধ কৰিব পাৰে।
ইয়াৰ উপৰিও চাহত বেচ কিছু ভিটামিন, প্ৰায় পোন্ধৰটা এমিনো এচিড আৰু দুটা অত্যন্ত দৰকাৰী খনিজ উপাদান আছে। শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিবলৈ ভিটামিন চি, কোষ-প্ৰাচীৰৰ সুৰক্ষাৰ বাবে ফলিক এচিড, হাড়ৰ বৃদ্ধিৰ বাবে মেঙ্গানিজ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিক ৰাখিবলৈ পটাচিয়ামৰ দৰে উপাদান চাহত যথেষ্ট পৰিমাণে পোৱা যায়।
পটাচিয়ামে তেজত ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি আমাৰ ৰক্তচাপ স্বাভাৱিক ৰখাত সহায় কৰে। চাহত কিছু পৰিমাণে জিংকো আছে- যিটো  শৰীৰৰ বৃদ্ধিৰ বাবে দৰকাৰী।
চাহত থকা কেফিনে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ উজ্জীৱিত কৰে। সেয়ে চাহ খালে টোপনি ভাগে, ম্ন আৰু শৰীৰৰ অৱসাদ দূৰ হয়।
পোনপটীয়াকৈ গছৰ পৰা তুলি অনা চাহগছৰ পাত সকলোতকৈ উপকাৰী। কিন্তু আমাৰ ইয়াত এনেদৰে চাহপাত বিক্ৰী নহয়।
ইয়াৰ পৰিৱৰ্তে গ্ৰীন লিভ ব্যৱহাৰ কৰিব পাৰি। সেয়াও পোৱা নগ’লে বজাৰত প্ৰচলিত ক’লা চাহ খাব পাৰি। ইয়াতো ফ্লাভোনায়ড নামৰ এন্টি-অক্সিডেন্ট ৬১ শতাংশ আছে।
চাহ খোৱাটো ভাল নে বেয়া -
চাহ খালে শৰীৰ কিছুপৰিমাণে তজবজীয়া হৈ উঠে। ইয়াৰ কাৰণ হ’ল চাহত থলা থিয়োব্ৰোমিন, থিয়োফাইলিন আৰু কেফিন আদি উপাদান। ইয়াৰ ভিতৰত কেফিনেই প্ৰধান। কম মাত্ৰাত কেফিনে আমাৰ স্নায়ুবোৰক মনক ফূৰ্তি প্ৰদান কৰে।
কিন্তু বেছি মাত্ৰাত ই শৰীৰৰ ক্ষতি কৰে। চাহপাতৰ পৰা প্ৰায় ৮০ শতাংশ কেফিন চাহৰ পানীত মিলি যায়। যদি কোনোৱে গড়ে প্ৰতিদিনে তিনিকাপকৈ চাহ খায়, তেন্তে প্ৰায় ১৫০ মিলিগ্ৰামৰ সমান কেফিন শৰীৰত প্ৰৱেশ কৰে। এই পৰিমাণৰ কেফিনৰ বাবে উদ্বেগৰ কাৰণ নাই।
চাহপাত টেনিনৰ এক বৃহৎ উৎস। এক কাপ চাহৰ পৰা প্ৰায় ১৫০ মিলিগ্ৰাম টেনিন পোৱা যায়। খাদ্যগুণৰ পৰা চাবলৈ গ’লে টেনিন আমাৰ স্বাস্থ্যৰ বাবে মুঠেও প্ৰয়োজনীয় নহয়।
টেনিনে শৰীৰৰ আয়ৰণৰ দৰে গুৰুত্বপূৰ্ণ খনিজ শোষণত বাধা দিয়ে। ওপৰঞ্চিভাৱে টেনিন পাকস্থলীত গৈ টেনিক এচিডলৈ ৰূপান্তৰিত হয়।
সেয়ে যিসকল লোকে অম্বল বা ক্ষুধামান্দ্যত(Acidity) ভুগিছে, তেনেলোকে চাহ বা কফি পৰিহাৰ কৰা ভাল।
সম্প্ৰতি ভাৰতৰ এক গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্যৰ পৰা চাহ সম্পৰ্কে আমাৰ মনৰ ভ্ৰান্ত ধাৰণা কিছুমান দূৰ কৰিব পাৰি।
চাহ খালে আমাৰ ব্লাড প্ৰেচাৰ কম ৰখাত সহায় কৰে। চাহত থকা গামা এমিনো বিউটৰিক এচিড যৌগৰ বাবে এনে হয়।
প্ৰতিদিনে গ্ৰীন-টি খোৱা মানুহৰ মাজত পাকস্থলীৰ কেন্সাৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা কম।
বেছি পৰিমাণে চাহ খোৱাৰ বাবে গেচট্ৰিক আলচাৰ নহয়, বৰঞ্চ এনে আলচাৰ কমোৱাতহে সহায় কৰে।
চাহ খালে ডায়েৰিয়া প্ৰশমিত হয়।
চাহত থকা কেটিচিন নামৰ পলিফেনল যৌগই ইনফ্লুয়েঞ্জা আৰু কলেৰা ৰোধ কৰে।
প্ৰতিদিনে ৰাতিপুৱা কিশোৰ-কিশোৰী, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাই চাহ খালেও শিশুক চাহ খাবলৈ দিয়া নহয়। অৱশ্যে বিদেশত শিশুৱেও ৰাতিপুৱাটো আৰম্ভ কৰে ডাঙৰ কাপৰ চাহৰ শোহা মাৰি। শিশুৱে চাহ খাব লাগে নে নালাগে এই বিতৰ্ক আজিও অব্যাহত।
পিছে বিভিন্ন পৰীক্ষালব্ধ ফলৰ পৰা দেখা গৈছে যে, ভাৰতৰ প্ৰায় ৫০ ভাগ শিশু অপুষ্টিজনিত ৰক্তাল্পতাৰ চিকাৰ। নিয়মিত গাখীৰ, চেনি আৰু চাহৰ সম্বন্বিত গুণাগুণেৰে চাহ পান কৰালে এই সমস্যা দূৰ হ’ব পাৰে।
পাঁচ বছৰৰ তলৰ শিশুৰ লেক্টোজ ইনটলাৰেন্সৰ দৰে সমস্যা খুব কম থাকে বাবে গাখীৰ মিহলোৱা চাহ দিব পাৰি। কিন্তু চাহত থকা কেফিনে শিশুক উত্তেজিত কৰা, ভোক নষ্ট হোৱা আদি সমস্যা সৃষ্টি কৰিব পাৰে।
বংশগত প্ৰবণতা হিচাপে যি পৰিয়ালত গেচ, অম্বল বা স্থূলতাৰ সমস্যা আছে তেনে পৰিয়ালৰ শিশুক চাহ খাবলৈ নিদিয়াই ভাল।
চাহ বনাম কফি -
কিছুমান চাহ আৰু কিছুমানে কফি পছন্দ কৰে। গাখীৰ, চেনি মহলাই একাপ কফি খালে-
প্ৰোটিন,
ফেট,
কাৰ্বোহাইড্ৰেটৰ উপৰিও ভিটামিন-এ,
ৰিবোফ্লেভিন,
কেলচিয়াম আৰু
ফছফৰাছ পাব পাৰে।
চাহৰ দৰে কফিত থকা কেফিনে মস্তিষ্কত উদ্দীপনা জগায়। কিন্তু দুচামুচ গুৰি কফি এগিলাচ গৰমপানী বা গৰম গাখীৰত মিহলাই খালে ৬০ৰ পৰা ১২০ মিঃগ্ৰাঃ কেফিন পোৱা যায়। আনহাতে এক চাহ চামুচ চাহপাত একাপ গৰমপানীত পাঁচ মিনিট তিয়াই চেকি লৈ পান কৰিলে ৩০ৰ পৰা ৯০ মিঃগ্ৰাঃ কেফিন পোৱা যায়।
আনহাতে আমি লক্ষ্য নকৰা আন এটি বস্তু হ’ল ক’লডড্ৰিংকচ আৰু চকলেট বাৰ। ২০০ মিঃগ্ৰাঃ ক’লডড্ৰিংকচত অন্ততঃ ৪০ মিঃগ্ৰাঃ আৰু এটি সৰু চকলেট বাৰত ২৫ মিঃগ্ৰাঃ কেফিন পোৱা যায়।

কফি পানৰ উপকাৰিতা অৰু অপকাৰিতা -
     কফিত কেফিনৰ উপস্থিতিৰ বাবে পৰিমিত মাত্ৰাত অৰ্থাৎ দিনত দুবাৰকৈ খালে কৰা উপকাৰিতাবোৰ হ’ল-----
মূৰৰ বিষ বা মাইগ্ৰেন দূৰ হয়।
হাঁপানি আৰু শ্বাসকষ্টত সাময়িক আৰাম পোৱা যায়।
বাতৰ বিষত আৰামদায়ক।
পাকস্থলী আৰু অন্ত্ৰৰ সঞ্চালন স্বাভাৱিক ৰাখে।
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ বিষত ক’লা কফিৰ কুলকুলি কৰিলে সাময়িক আৰাম পোৱা যায়।
বমি, অমাশয় আদি ৰোগত পাতল আৰু কমপৰিমাণৰ কফি লাভদায়ক।
আনহাতে অতিৰিক্ত মাত্ৰাত কফি গ্ৰহণৰ ফলত শৰীৰৰ ওপৰত কেফিনৰ ক্ষতিকাৰ প্ৰভাৱ পৰে-
কেফিনে হৃৎপিণ্ড আৰু নাড়ীৰ গতি বৃদ্ধি কৰি ৰক্তচাপ বঢ়াব পাৰে।
এড্ৰিনেল গ্ৰন্থিৰ নিঃসৰণ বৃদ্ধি কৰি তেজত কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়।
অতিৰিক্ত চেনি আৰু গাখীৰৰ সহযোগত কফি সেৱনৰ ফলত কেলৰি আৰু ফেট বৃদ্ধি কৰি স্থূলতাৰ সমস্যাই দেখা দিব পাৰে।
বেছি মাত্ৰাত কফি সেৱনৰ ফলত টেনিনে হজমত ব্যাঘাত ঘটায়, কেফিনে গেচট্ৰাইটিচ আৰু পেপটিক আলচাৰ সৃষ্টি কৰিব পাৰে।
দীৰ্ঘদিন ধৰি তিনিকাপৰ বেছি কফি খোৱা লোকসকলৰ ক্ৰমোজোমৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে। আনকি গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত নিয়মিত কফি খালে বিকলাঙ্গ শিশুৰ জন্ম হ’ব পাৰে।
কফিত থকা অতিৰিক্ত কেফিনৰ বাবে নিচা ভাল পোৱাসকলক অন্যান্য নুইচাত আসক্ত কৰি তোলাৰ সম্ভাৱনা থাকে বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে। গতিকে ক’ব পাৰি চাহতকৈ কফি উপকাৰী নহয়।

ব্লেক টি আৰু গ্ৰীণ টি:
           ব্লেক আৰু গ্ৰীণ টিৰ পাৰ্থক্য কেৱল চাহপাত তৈয়াৰ কৰাৰ পদ্ধতিত। গ্ৰীণ টি জালৰ ওপৰত মেলি দি জলীয় বাষ্পত অলপ শুকুৱাই যন্ত্ৰৰ সহায়ত পাৰ্চিং, ৰোলিং আৰু একেবাৰে শেষত ড্ৰাই কৰা হয়। ইয়াক ফাৰ্মেন্টেচন কৰা নহয়।
সেয়ে ইয়াৰ সোৱাদ অন্যধৰণৰ আৰু শতকৰা এশভাগ কেলৰি মুক্ত। গ্ৰীণ টি ছালৰ সমস্যা আৰু কেন্সাৰ প্ৰতিহত কৰাত অধিক মাত্ৰাত সক্ষম। ই বীজাণুনাশক। ব্লেক টিও প্ৰথমে আচ্ছাদনীৰ তলত বতাহত শুকুৱাই ৰোলিং কৰা হয়।
তাৰ পিছত ফাৰ্মেন্টেচন কৰি বিক্ৰিয়া ঘটাই সোৱাদ আৰু সুগন্ধ অনা হয়। ইয়াৰ পিছত শুকুৱাই ব্লেক টি তৈয়াৰ হয়। দেখাত ব্লেক টিৰ উপকাৰিতা বেছি যেন লাগিলেও পানীয় তৈয়াৰ কৰাৰ পদ্ধতিটোৰ বাবেহে তেনে লাগে।
কাৰণ ব্লেক টিত অতিৰিক্তভাৱে চেনি, গাখীৰ মিশ্ৰণ কৰা হয়। তাৰ বাহিৰে দুয়োটাই এন্টিঅক্সিডেন্ট গুণসম্পন্ন আৰু আন উপকাৰী উপাদান একে মাত্ৰাৰ।
বিদেশৰ বিশেষকৈ চীন, জাপান আৰু ইউৰোপ মহাদেশৰ মানুহে গ্ৰীণ টি খোৱাত অভ্যস্ত। আমাৰ দেশত কাশ্মীৰী লোকসকলৰ মাজত এই চাহ জনপ্ৰিয়।

কেনেদৰে তৈয়াৰ কৰিব -
         চাহ গাখীৰ চেনি দি খাব নে নিদিয়াকৈ খাব, শুদা লিকাৰ নে নেমু দিয়া চাহ খাব, এইটো প্ৰত্যেকৰে নিজা মতে আৰু নিজা ৰুচিৰ কথা। চেনি দিয়া চাহ মানেই ক্ষতিকৰ নহয়। চেনিৰ পৰা যায়। পিছে এগৰাকী অতিৰিক্ত ওজনৰ ব্যক্তিয়ে নিশ্চয় চেনি নিদিয়া চাহ খোৱা ভাল।
ঠিক তেনেকৈ চাহত গাখীৰ মিহলালে অতিৰিক্ত প্ৰোটিন পোৱা যায়। কিন্তু এনেধৰণে প্ৰোটিন সৰবৰাহৰ প্ৰয়োজন নাথাকিলে ফিকা চাহ(লিকাৰ-টি) খোৱা ভাল। তদুপৰি আলচাৰ বা অম্বলৰ সমস্যাত ভোগাসকলে গাখীৰ দিয়া চাহ খোৱা অপকাৰী।
নেমু দিয়া চাহত নেমু আৰু চাহ দুয়োটাৰে উপকাৰ পোৱা যায়। নেমুৰ চাইট্ৰিক এচিড চাহৰ টেনিনৰ সৈতে বিক্ৰিয়া ঘটি কাপৰ তলত থিতাপি লয় আৰু তলিৰ খিনি বাদ দি এনে চাহ খোৱা উপকাৰী। মুঠতে ক’বলৈ গ’লে গাখীৰ চাহতকৈ লিকাৰ-টি অপেক্ষাকৃতভাৱে ভাল।
চাহ তৈয়াৰ কৰা পদ্ধতি নিৰ্ভুল হোৱা দৰকাৰ। উতলোৱা চাহ অতি ক্ষতিকাৰক। সেয়ে চাহ তৈয়াৰ কৰাৰ পদ্ধতি জনা উচিত। প্ৰথমতে পানী উতলাৰ পিছত চাহপাত দি চেকি লৈ গাখীৰ আৰু চেনি দিয়া উচিত।
গৰম চাহ কেতিয়াও প্লাষ্টিকৰ কাপ বা গিলাচত খোৱা উচিত নহয়। চীনামাটি বা মাটিৰ কাপ উপযোগী।
কোনো কোনো লোকে হঠাৎ চাহ বেয়া বুলি মাজ বয়সত চাহ খোৱা বন্ধ কৰে। ইয়াৰ বাবে –
মূৰৰ বিষ ,মেজাজ খিঙখিঙীয়া,
কামত এলাহ আদি উইড্ৰয়েল ছিনদ্ৰমে দেখা দিয়ে।

চাহ বিশেষকৈ গ্ৰীণ টিৰ স্কিন কেন্সাৰ প্ৰতিহত কৰাৰ ক্ষমতা আছে বুলি প্ৰমাণিত হৈছে। গ্ৰীণ টিত থকা কেথেমিন ৰসায়নে মানৱ শৰীৰৰ কেন্সাৰৰ সৈতে জড়িত উৎসেচকবোৰ বহুখিনি নিষ্ক্ৰিয় কৰি পেলায়। ছালবাৰ্ণৰ পৰা হোৱা ছালৰ কেন্সাৰত গ্ৰীণ পৰিমিত মাত্ৰাৰ লিকাৰ টি নিঃসন্দেহে শৰীৰৰ বাবে উপকাৰী।

Share:

Friday, February 1, 2019

মানুহৰ শৰীৰৰ ওজন কম হোৱা বা ক্ষীণাই যোৱাৰ কাৰণ অাৰু ইয়াৰ সমাধান

     মানুহ এজনৰ বয়স আৰু শৰীৰৰ উচ্চতা অনুপাতে যিমান ওজন থাকিব লাগে তাতকৈ ১৫ ৰ পৰা ২০ শতাংশ ওজন কম থকাকেই শৰীৰৰ ওজন কম থকা (Underweight) বা ক্ষীণ বুলি কোৱা হয়। সাধাৰণতে বয়স আৰু উচ্চতা অনুপাতে মানুহ এজনৰ ওজন কিমান থাকিব লাগে তাক নিৰ্ধাৰণ কৰা হয় BMI (Basal metabolic index) ৰ জড়িয়তে । উদাহৰণ স্বৰূপে ২৫ ৰ পৰা ৫০ বছৰ বয়সৰ মহিলা এগৰাকীৰ উচ্চতা যদি ১.৬৩ মিটাৰ হয় তেন্তে তেওঁৰ ওজন ৫৯ কিলোগ্ৰামৰ আশে পাশে হব লাগে। যদি তেওঁৰ শৰীৰৰ ওজন ৫০ কেজি (স্বাভাবিক ওজনতকৈ ৯ কেজি বা ১৫ শতাংশ কম) বা ৪৭ কেজি (স্বাভাৱিক ওজনতকৈ ১২ কেজি বা ২০ শতাংশ কম) বা তাতকৈ কম থাকে তেন্তে তেওঁক কম ওজনযুক্ত বা ক্ষীণ বুলি কোৱা হয়। মানুহ গৰাকীৰ স্বাভাবিক ওজন ৫৯ কেজি হ'লে তেওঁৰ BMI হব ২২, আনহাতে ৫০ কেজি বা ৪৭ কেজি ওজন হ'লে BMI হব ১৮.৮ বা ১৭.৭ যিটো স্বাভাবিকতকৈ কম। তেনেদৰে ২৫ ৰ পৰা ৫০ বছৰ বয়সৰ সুস্থ সবল মতা মানুহ এজনৰ শৰীৰৰ উচ্চতা যদি ১.৭৫ মিটাৰ হয় তেন্তে তেওঁৰ শৰীৰৰ স্বাভাৱিক ওজন প্ৰায় ৭১ কেজি হব লাগে। যদি তেওঁৰ শৰীৰৰ ওজন ৬০ কেজি (স্বাভাৱিক ওজনতকৈ ১৫ শতাংশ কম) বা ৫৭ কেজি (স্বাভাৱিক ওজনতকৈ ২০ শতাংশ কম) বা তাতকৈও কম থাকে তেন্তে তেওঁক কম ওজনযুক্ত  বা ক্ষীণ বুলি কোৱা হয়।

⚖️শৰীৰৰ ওজন কম হোৱাৰ কাৰণ:- বিভিন্ন কাৰণত শৰীৰৰ ওজন কম হব পাৰে। ইয়াৰে কিছুমান মানসিক আৰু কিছুমান শাৰীৰিক কাৰণ।

শৰীৰৰ ওজন কমাৰ শাৰীৰিক কাৰণ:- বহুতো শাৰীৰিক বেমাৰ আজাৰৰ ফলত শৰীৰৰ ওজন অস্থায়ী ভাবে কমি যাব পাৰে। যেনে - সাধাৰণ চৰ্দী জ্বৰৰ ফলত শৰীৰৰ ওজন কমি যাব পাৰে। কিন্তু বেমাৰ থিক হৈ গ'লে হেৰোৱা ওজন পুনৰ ঘূৰি আহে। ইয়াৰ উপৰিও বহুতো শাৰীৰৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ ফলতো শৰীৰৰ ওজন কমি যাব পাৰে। তলত সচৰাচৰ দেখা তাৰেই কেইটামান কাৰণ উল্লেখ কৰা হ'ল -

➡️জেনেটিক বা বংশগত কাৰণ - জেনেটিক বা বংশগত কাৰণতো মানুহ এজনৰ শৰীৰৰ ওজন কম থাকিব পাৰে। যদি ব্যক্তি জনৰ মাক বা দেউতাক ক্ষীণ হয় বা পৰিয়ালৰ অন্য কোনো সমস্য ক্ষীণকায়ী হয় তেন্তে তেওঁ নিজেও ক্ষীণ হোৱাৰ সম্ভাৱনা থাকে ।

➡️হাইপোথাইৰয়ডিজম :- থাইৰয়ড গ্ৰন্থিৰ পৰা নি:সৰিত থাইৰক্সিন নামৰ হৰমন বিধক আমাৰ শৰীৰ নামৰ যন্ত্ৰটোৰ পৰিচালক আখ্যা দিয়া হয়। যদি থাইৰয়ড হৰমন সথিক পৰিমাণে নি:সৰিত হৈ থাকে তেন্তে আমাৰ শৰীৰৰ স্বাস্থ্য, বিপাক ক্ৰিয়া আৰু ওজন স্বাভাৱিক অৱস্থাত থাকে। আনহাতে যদি কোনো কাৰণ বশতঃ থাইৰয়ড গ্ৰন্থিৰ পৰা অত্যধিক পৰিমাণত থাইৰয়ড হৰমনৰ নি:সৰিত হয় তেন্তে শৰীৰৰ বিপাক ক্ৰিয়া আৰু বহুতো শাৰীৰিক কাৰ্য্য যেনে- হৃদস্পন্দন, তাপমাত্ৰা ইত্যাদিৰ বিশৃংখলতা দেখা যায় আৰু ফলত শৰীৰৰ ওজন কমি যাব পাৰে।
এই অৱস্থাটোক  হাইপোথাইৰয়ডিজম (hypothyroidism) বা থাইৰটক্সিকচিচ্ (thyrotoxicosis) বা অত্যধিক সক্ৰিয় থাইৰয়ড গ্ৰন্থি বুলি কোৱা হয়। ইয়াৰ ফলত থাইৰয়ড গ্ৰন্থি ফুলি গইটাৰ (goitre) বা গলগণ্ড বা আমি সাধাৰণ ভাষাত ঘেগ বেমাৰ বুলি কওঁ, হব পাৰে, মানুহজনে অত্যধিক ভাগৰুৱা অনুভৱ কৰিব পাৰে, মানসিক ভাবে সকলো সময়তে উৎকন্ঠাগ্ৰস্থ হব পাৰে, নিয়মিত সথিক পৰিমানে খাদ্য গ্ৰহণ কৰিলেও শৰীৰৰ ওজন কমি যাব পাৰে, শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে লগতে অত্যধিক ঘাম নিৰ্গত হব পাৰে, হৃদস্পন্দন বৃদ্ধি পাব পাৰে আৰু কিছুমান ৰোগীৰ exophthalmous নামৰ এটি সমস্যাৰ সৃষ্টি হব পাৰে য'ত চকুযুৰি উখহি উঠিব পাৰে।
যদি কোনো ব্যক্তিৰ শৰীৰৰ ওজন কমি যায় আৰু ওপৰোক্ত লক্ষণ সমূহ দেখা যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত আৰু থাইৰয়ড হৰমন টেষ্ট কৰি ঔষধ সেৱন কৰা উচিত।

➡️কৰ্কট ৰোগ - কৰ্কট ৰোগৰ বাবেও কোনো কোনো মানুহৰ হঠাৎ শৰীৰৰ ওজন হ্ৰাস পাব পাৰে আৰু যিমান খাদ্য সেৱন কৰিলেও শৰীৰৰ ওজন বৃদ্ধি নহব পাৰে ।যিহেতু কৰ্কট এটা ভয়ানক স্বাস্থ্যজনিত ৰোগ এনেকুৱা অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লৈ যাবতীয় পৰীক্ষা নিৰীক্ষা কৰাই চিকিৎসা গ্ৰহণ কৰা উচিত।

➡️যক্ষ্মা ৰোগ :- যক্ষ্মা ৰোগৰ ফলতো মানুহ এজনৰ শৰীৰৰ ওজন কমি যাব পাৰে, লগতে কাঁহ, ৰাতি শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱা, ভাগৰুৱা, শৰীৰৰ বিষ ইত্যাদি লক্ষণো দেখা যায়।

➡️ডায়েবেটিজ - ডায়েবেটিজ যুক্ত ৰোগীৰো শৰীৰৰ অত্যধিক ওজন বৃদ্ধি বা কমি যোৱা, ভাগৰ লগা, অত্যধিক পিয়াহ লগা, বাৰে বাৰে পেচাব হোৱা ইত্যাদি লক্ষণ দেখা যায়। এনে ৰোগীয়ে নিয়মিত তেজৰ শৰ্কৰা পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰা উচিত।

➡️এইচ্ আই ভি বা এইডছ - এইচ্ আই ভি বা এইডছ যুক্ত ৰোগীৰো হঠাৎ শৰীৰৰ ওজন কমি যোৱা দেখা যায়। সথিক আহাৰ সেৱনৰ পিছতো এনে ৰোগীৰ শৰীৰৰ ওজন বৃদ্ধি নহয়।
#শৰীৰৰ ওজন হ্ৰাসৰ মানসিক কাৰণ- ভোক নলগা বেমাৰ (anorexia) বা অত্যধিক ক্ষুধা লগা (bulimia) ৰোগৰ উপৰিও অত্যধিক মানসিক অৱসাদ (depression) বা মানসিক চাপ (mental stress) শৰীৰৰ ওজন হ্ৰাসৰ অন্যতম কাৰণ। মানসিক অৱসাদ গ্ৰস্ত বা মানসিক চাপ যুক্ত ৰোগীৰ ভোক কমি যোৱাৰ উপৰিও বিপদজনক ভাবে শৰীৰৰ ওজন হ্ৰাস পায়। এনে ৰোগীয়ে দেৰি নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মানসিক অৱসাদৰ লগত জড়িত অন্য লক্ষণ সমূহ হ'ল মুখত নিৰানন্দ বা গোমোঠা ভাব, ভাগৰুৱা অনুভৱ, দিনৰ বেছিভাগ সময় শুই থাকিবলৈ ইচ্ছা প্ৰকাশ, দৈনন্দিন জীৱনৰ সৰু সৰু কামবিলাক কৰিবলৈ অনিহা প্ৰকাশ, জীৱনৰ প্ৰতি বিতুষ্ট হোৱা আৰু কেতিয়াবা আত্মহত্যাৰ প্ৰৱণতাও দেখা যাব পাৰে।

অন্য কাৰণ - কিছুমান অন্য কাৰণ বশতঃ ও মানুহ এজনৰ শৰীৰৰ ওজন কমি যাব পাৰে। যেনে-

➡️কোনো ঔষধৰ সেৱনৰ ফলত :- বহুতো ঔষধ সেৱনৰ ফলত মানুহ এজনৰ ক্ষুধা লোপ পাব পাৰে আৰু ফলত মানুহজনৰ ওজন হ্ৰাস পাব পাৰে।

➡️অত্যধিক ব্যায়াম :- যদি কোনো ব্যক্তিয়ে অত্যধিক ব্যায়াম কৰে আৰু সেই অনুপাতে খাদ্য গ্ৰহণ নকৰে তেতিয়াও ওজন হ্ৰাস পাব পাৰে।

➡️পাচক ৰস বা এনজাইমৰ অভাৱ- পাচন নলীত পাচক ৰস বা এনজাইম কমকৈ নি:সৰিত হোৱা বাবে খাদ্য হজম বা পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে। যাৰ ফলত অন্ত্ৰই (intestine) শৰীৰক প্ৰয়োজনীয় পোষকতত্ব অৱশোষণ কৰি লব নোৱাৰে আৰু শৰীৰৰ ওজন হ্ৰাস পায়। অন্ত্ৰত থকা অত্যধিক কৃমিৰ ফলতো আমি খোৱা খাদ্যৰ পৰা উৎপন্ন পোষক তত্ব শৰীৰে লাভ নকৰিব পাৰে আৰু ফলত ওজন হ্ৰাস হব পাৰে।

➡️অন্য স্বাস্থ্যজনিত সমস্যা - Coeliac disease (গ্লুটেনৰ অসহিষ্ণুতা বা এলাৰ্জীৰ ফলত), cystic fibrosis, Irritable bowel syndrome, কোনো কাৰণ বশতঃ হৈ থকা অত্যধিক বমি ইত্যাদি সমস্যাৰে জৰ্জৰিত ৰোগীয়েও উপযুক্ত পৰিমাণৰ আহাৰ সেৱন কৰিলেও শৰীৰৰ ওজন বৃদ্ধি নাপাব পাৰে। মাইকী মানুহৰ ক্ষেত্ৰত কোনো সংক্ৰমণৰ ফলত হোৱা বগাস্ৰাৱ ৰোগৰ ফলতো শৰীৰৰ ওজন কমিব পাৰে আৰু লগতে অন্য লক্ষণ যেনে - খিংখিঙিয়া স্বভাৱ, ভোক নলগা, ৰক্তহীনতা, ভাগৰ লগা ইত্যাদি লক্ষণ উপস্থিত থাকিব পাৰে।

➡️পৰ্যাপ্ত পৰিমাণে কেলৰিযুক্ত আহাৰ সেৱন নকৰাৰ ফলত - শৰীৰক প্ৰয়োজন অনুপাতে কেলৰিযুক্ত আহাৰ সেৱন নকৰাৰ শৰীৰৰ ওজন হ্ৰাস পালে বা ক্ষীণাই গ'লে বহুতো ভয়াবহ সমস্যাৰ সৃষ্টি হব পাৰে। তেনেলোক অতি সোনকালে ক্লান্ত হৈ পৰিব পাৰে, শাৰীৰিক ষ্টেমিনা বা শক্তি কমি যাব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ যেনে - যক্ষ্মা, শ্বাস প্ৰশ্বাস জনিত সমস্যা, নিউমোনিয়া, ৰক্তবাহী তন্ত্ৰৰ বিভিন্ন ৰোগ যেনে- হৃদৰোগ, মগজুৰ ৰক্তক্ষৰণ (cerebral hemorrhage), বৃক্কৰ প্ৰদাহ, টাইফয়ড, কৰ্কট ৰোগ ইত্যাদিৰ সম্ভাৱনা বৃদ্ধি পায়।

➡️কোনো কাৰণত অত্যধিক পেচাব আৰু অত্যধিক ঘাম নিৰ্গত হলেও শৰীৰৰ ওজন হ্ৰাস পাব পাৰে।
শৰীৰৰ ওজন কম থকাৰ বাবে হব পৰা জটিলতা :-
শৰীৰত যিকোনো সংক্ৰমণ হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।
শৰীৰৰ stamina বা শাৰীৰিক শক্তি কমি যায়।
পোষকতত্ব থিক মতে তেজলৈ অৱশোষিত নহোৱা বাবে ভিটামিন, খনিজ পদাৰ্থ ইত্যাদিৰ অভাৱ পৰিলক্ষিত হয়।
osteoporosis বা হাড় বিলাক থুনুকা হব পাৰে ।
ৰক্তহীনতা, চুলি সৰা, মানসিক ৰোগ, হৃদৰোগ ইত্যাদিৰ সম্ভাৱনা বৃদ্ধি পায়।

লবলগীয়া সাবধানতা :- নিয়মিত সময় মতে আহাৰ সেৱনৰ নিয়ম গঢ়িব লাগে। একেলগে গধূৰ আহাৰ সেৱন নকৰি কম পৰিমাণত অধিক বাৰ আহাৰ সেৱন কৰা উচিত। ডায়েবেটিজ নাথাকিলে ওজন কম থকা মানুহে অধিক কেলৰিযুক্ত খাদ্য, ঘীঁ, চৰ্বীজাতীয় খাদ্য খোৱা উচিত। কষ্টকৰ আৰু কঠিন ব্যায়াম বা যোগাসন কৰাতকৈ পাতলীয়া ব্যায়াম বা যোগাসন কৰা উচিত। দৈনিক ৬ ৰ পৰা ৮ ঘণ্টা শুৱাৰ অভ্যাস গঢ়িব লাগে ।
গতিকে কোনো ব্যক্তিৰ শৰীৰৰ ওজন যদি তেওঁ গম নোপোৱাকৈ কমি যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসকে থাইৰয়ড, কৰ্কত ৰোগ, যক্ষ্মা, ডায়েবেটিজ, coeliac disease, cystic fibrosis, এনজাইম কমকৈ নি:সৰণ হোৱা, মাইকী মানুহ হ'লে বগাস্ৰাৱ ইত্যাদি বিভিন্ন দিশ চালি জাৰি চাই ইয়াৰ সমাধান দিবলৈ চেষ্টা কৰে।
আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিত ক্ষীণকায়ী লোক সকলৰ শৰীৰৰ ওজন কমি যোৱাৰ কাৰণ সমূহ চালি জাৰি চাই বিহিত ব্যৱস্থা লবলৈ ৰোগীসকলক পৰামৰ্শ দিয়া হয়। লগতে শৰীৰৰ ওজন বৃদ্ধিৰ বাবে কিছুমান ঔষধী সেৱনৰ পৰামৰ্শ দিয়া হয় ।যেনে - অস্বগন্ধা চূৰ্ণ, শতাৱৰী চূৰ্ণ, ধাতুপৌষ্টিক চূৰ্ণ, বসন্ত কুসুমাকৰ ৰস 
ইত্যাদি ।

Share:

Popular Posts

Categories