Friday, February 1, 2019

মানুহৰ শৰীৰৰ ওজন কম হোৱা বা ক্ষীণাই যোৱাৰ কাৰণ অাৰু ইয়াৰ সমাধান

     মানুহ এজনৰ বয়স আৰু শৰীৰৰ উচ্চতা অনুপাতে যিমান ওজন থাকিব লাগে তাতকৈ ১৫ ৰ পৰা ২০ শতাংশ ওজন কম থকাকেই শৰীৰৰ ওজন কম থকা (Underweight) বা ক্ষীণ বুলি কোৱা হয়। সাধাৰণতে বয়স আৰু উচ্চতা অনুপাতে মানুহ এজনৰ ওজন কিমান থাকিব লাগে তাক নিৰ্ধাৰণ কৰা হয় BMI (Basal metabolic index) ৰ জড়িয়তে । উদাহৰণ স্বৰূপে ২৫ ৰ পৰা ৫০ বছৰ বয়সৰ মহিলা এগৰাকীৰ উচ্চতা যদি ১.৬৩ মিটাৰ হয় তেন্তে তেওঁৰ ওজন ৫৯ কিলোগ্ৰামৰ আশে পাশে হব লাগে। যদি তেওঁৰ শৰীৰৰ ওজন ৫০ কেজি (স্বাভাবিক ওজনতকৈ ৯ কেজি বা ১৫ শতাংশ কম) বা ৪৭ কেজি (স্বাভাৱিক ওজনতকৈ ১২ কেজি বা ২০ শতাংশ কম) বা তাতকৈ কম থাকে তেন্তে তেওঁক কম ওজনযুক্ত বা ক্ষীণ বুলি কোৱা হয়। মানুহ গৰাকীৰ স্বাভাবিক ওজন ৫৯ কেজি হ'লে তেওঁৰ BMI হব ২২, আনহাতে ৫০ কেজি বা ৪৭ কেজি ওজন হ'লে BMI হব ১৮.৮ বা ১৭.৭ যিটো স্বাভাবিকতকৈ কম। তেনেদৰে ২৫ ৰ পৰা ৫০ বছৰ বয়সৰ সুস্থ সবল মতা মানুহ এজনৰ শৰীৰৰ উচ্চতা যদি ১.৭৫ মিটাৰ হয় তেন্তে তেওঁৰ শৰীৰৰ স্বাভাৱিক ওজন প্ৰায় ৭১ কেজি হব লাগে। যদি তেওঁৰ শৰীৰৰ ওজন ৬০ কেজি (স্বাভাৱিক ওজনতকৈ ১৫ শতাংশ কম) বা ৫৭ কেজি (স্বাভাৱিক ওজনতকৈ ২০ শতাংশ কম) বা তাতকৈও কম থাকে তেন্তে তেওঁক কম ওজনযুক্ত  বা ক্ষীণ বুলি কোৱা হয়।

⚖️শৰীৰৰ ওজন কম হোৱাৰ কাৰণ:- বিভিন্ন কাৰণত শৰীৰৰ ওজন কম হব পাৰে। ইয়াৰে কিছুমান মানসিক আৰু কিছুমান শাৰীৰিক কাৰণ।

শৰীৰৰ ওজন কমাৰ শাৰীৰিক কাৰণ:- বহুতো শাৰীৰিক বেমাৰ আজাৰৰ ফলত শৰীৰৰ ওজন অস্থায়ী ভাবে কমি যাব পাৰে। যেনে - সাধাৰণ চৰ্দী জ্বৰৰ ফলত শৰীৰৰ ওজন কমি যাব পাৰে। কিন্তু বেমাৰ থিক হৈ গ'লে হেৰোৱা ওজন পুনৰ ঘূৰি আহে। ইয়াৰ উপৰিও বহুতো শাৰীৰৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ ফলতো শৰীৰৰ ওজন কমি যাব পাৰে। তলত সচৰাচৰ দেখা তাৰেই কেইটামান কাৰণ উল্লেখ কৰা হ'ল -

➡️জেনেটিক বা বংশগত কাৰণ - জেনেটিক বা বংশগত কাৰণতো মানুহ এজনৰ শৰীৰৰ ওজন কম থাকিব পাৰে। যদি ব্যক্তি জনৰ মাক বা দেউতাক ক্ষীণ হয় বা পৰিয়ালৰ অন্য কোনো সমস্য ক্ষীণকায়ী হয় তেন্তে তেওঁ নিজেও ক্ষীণ হোৱাৰ সম্ভাৱনা থাকে ।

➡️হাইপোথাইৰয়ডিজম :- থাইৰয়ড গ্ৰন্থিৰ পৰা নি:সৰিত থাইৰক্সিন নামৰ হৰমন বিধক আমাৰ শৰীৰ নামৰ যন্ত্ৰটোৰ পৰিচালক আখ্যা দিয়া হয়। যদি থাইৰয়ড হৰমন সথিক পৰিমাণে নি:সৰিত হৈ থাকে তেন্তে আমাৰ শৰীৰৰ স্বাস্থ্য, বিপাক ক্ৰিয়া আৰু ওজন স্বাভাৱিক অৱস্থাত থাকে। আনহাতে যদি কোনো কাৰণ বশতঃ থাইৰয়ড গ্ৰন্থিৰ পৰা অত্যধিক পৰিমাণত থাইৰয়ড হৰমনৰ নি:সৰিত হয় তেন্তে শৰীৰৰ বিপাক ক্ৰিয়া আৰু বহুতো শাৰীৰিক কাৰ্য্য যেনে- হৃদস্পন্দন, তাপমাত্ৰা ইত্যাদিৰ বিশৃংখলতা দেখা যায় আৰু ফলত শৰীৰৰ ওজন কমি যাব পাৰে।
এই অৱস্থাটোক  হাইপোথাইৰয়ডিজম (hypothyroidism) বা থাইৰটক্সিকচিচ্ (thyrotoxicosis) বা অত্যধিক সক্ৰিয় থাইৰয়ড গ্ৰন্থি বুলি কোৱা হয়। ইয়াৰ ফলত থাইৰয়ড গ্ৰন্থি ফুলি গইটাৰ (goitre) বা গলগণ্ড বা আমি সাধাৰণ ভাষাত ঘেগ বেমাৰ বুলি কওঁ, হব পাৰে, মানুহজনে অত্যধিক ভাগৰুৱা অনুভৱ কৰিব পাৰে, মানসিক ভাবে সকলো সময়তে উৎকন্ঠাগ্ৰস্থ হব পাৰে, নিয়মিত সথিক পৰিমানে খাদ্য গ্ৰহণ কৰিলেও শৰীৰৰ ওজন কমি যাব পাৰে, শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে লগতে অত্যধিক ঘাম নিৰ্গত হব পাৰে, হৃদস্পন্দন বৃদ্ধি পাব পাৰে আৰু কিছুমান ৰোগীৰ exophthalmous নামৰ এটি সমস্যাৰ সৃষ্টি হব পাৰে য'ত চকুযুৰি উখহি উঠিব পাৰে।
যদি কোনো ব্যক্তিৰ শৰীৰৰ ওজন কমি যায় আৰু ওপৰোক্ত লক্ষণ সমূহ দেখা যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত আৰু থাইৰয়ড হৰমন টেষ্ট কৰি ঔষধ সেৱন কৰা উচিত।

➡️কৰ্কট ৰোগ - কৰ্কট ৰোগৰ বাবেও কোনো কোনো মানুহৰ হঠাৎ শৰীৰৰ ওজন হ্ৰাস পাব পাৰে আৰু যিমান খাদ্য সেৱন কৰিলেও শৰীৰৰ ওজন বৃদ্ধি নহব পাৰে ।যিহেতু কৰ্কট এটা ভয়ানক স্বাস্থ্যজনিত ৰোগ এনেকুৱা অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লৈ যাবতীয় পৰীক্ষা নিৰীক্ষা কৰাই চিকিৎসা গ্ৰহণ কৰা উচিত।

➡️যক্ষ্মা ৰোগ :- যক্ষ্মা ৰোগৰ ফলতো মানুহ এজনৰ শৰীৰৰ ওজন কমি যাব পাৰে, লগতে কাঁহ, ৰাতি শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱা, ভাগৰুৱা, শৰীৰৰ বিষ ইত্যাদি লক্ষণো দেখা যায়।

➡️ডায়েবেটিজ - ডায়েবেটিজ যুক্ত ৰোগীৰো শৰীৰৰ অত্যধিক ওজন বৃদ্ধি বা কমি যোৱা, ভাগৰ লগা, অত্যধিক পিয়াহ লগা, বাৰে বাৰে পেচাব হোৱা ইত্যাদি লক্ষণ দেখা যায়। এনে ৰোগীয়ে নিয়মিত তেজৰ শৰ্কৰা পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰা উচিত।

➡️এইচ্ আই ভি বা এইডছ - এইচ্ আই ভি বা এইডছ যুক্ত ৰোগীৰো হঠাৎ শৰীৰৰ ওজন কমি যোৱা দেখা যায়। সথিক আহাৰ সেৱনৰ পিছতো এনে ৰোগীৰ শৰীৰৰ ওজন বৃদ্ধি নহয়।
#শৰীৰৰ ওজন হ্ৰাসৰ মানসিক কাৰণ- ভোক নলগা বেমাৰ (anorexia) বা অত্যধিক ক্ষুধা লগা (bulimia) ৰোগৰ উপৰিও অত্যধিক মানসিক অৱসাদ (depression) বা মানসিক চাপ (mental stress) শৰীৰৰ ওজন হ্ৰাসৰ অন্যতম কাৰণ। মানসিক অৱসাদ গ্ৰস্ত বা মানসিক চাপ যুক্ত ৰোগীৰ ভোক কমি যোৱাৰ উপৰিও বিপদজনক ভাবে শৰীৰৰ ওজন হ্ৰাস পায়। এনে ৰোগীয়ে দেৰি নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মানসিক অৱসাদৰ লগত জড়িত অন্য লক্ষণ সমূহ হ'ল মুখত নিৰানন্দ বা গোমোঠা ভাব, ভাগৰুৱা অনুভৱ, দিনৰ বেছিভাগ সময় শুই থাকিবলৈ ইচ্ছা প্ৰকাশ, দৈনন্দিন জীৱনৰ সৰু সৰু কামবিলাক কৰিবলৈ অনিহা প্ৰকাশ, জীৱনৰ প্ৰতি বিতুষ্ট হোৱা আৰু কেতিয়াবা আত্মহত্যাৰ প্ৰৱণতাও দেখা যাব পাৰে।

অন্য কাৰণ - কিছুমান অন্য কাৰণ বশতঃ ও মানুহ এজনৰ শৰীৰৰ ওজন কমি যাব পাৰে। যেনে-

➡️কোনো ঔষধৰ সেৱনৰ ফলত :- বহুতো ঔষধ সেৱনৰ ফলত মানুহ এজনৰ ক্ষুধা লোপ পাব পাৰে আৰু ফলত মানুহজনৰ ওজন হ্ৰাস পাব পাৰে।

➡️অত্যধিক ব্যায়াম :- যদি কোনো ব্যক্তিয়ে অত্যধিক ব্যায়াম কৰে আৰু সেই অনুপাতে খাদ্য গ্ৰহণ নকৰে তেতিয়াও ওজন হ্ৰাস পাব পাৰে।

➡️পাচক ৰস বা এনজাইমৰ অভাৱ- পাচন নলীত পাচক ৰস বা এনজাইম কমকৈ নি:সৰিত হোৱা বাবে খাদ্য হজম বা পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে। যাৰ ফলত অন্ত্ৰই (intestine) শৰীৰক প্ৰয়োজনীয় পোষকতত্ব অৱশোষণ কৰি লব নোৱাৰে আৰু শৰীৰৰ ওজন হ্ৰাস পায়। অন্ত্ৰত থকা অত্যধিক কৃমিৰ ফলতো আমি খোৱা খাদ্যৰ পৰা উৎপন্ন পোষক তত্ব শৰীৰে লাভ নকৰিব পাৰে আৰু ফলত ওজন হ্ৰাস হব পাৰে।

➡️অন্য স্বাস্থ্যজনিত সমস্যা - Coeliac disease (গ্লুটেনৰ অসহিষ্ণুতা বা এলাৰ্জীৰ ফলত), cystic fibrosis, Irritable bowel syndrome, কোনো কাৰণ বশতঃ হৈ থকা অত্যধিক বমি ইত্যাদি সমস্যাৰে জৰ্জৰিত ৰোগীয়েও উপযুক্ত পৰিমাণৰ আহাৰ সেৱন কৰিলেও শৰীৰৰ ওজন বৃদ্ধি নাপাব পাৰে। মাইকী মানুহৰ ক্ষেত্ৰত কোনো সংক্ৰমণৰ ফলত হোৱা বগাস্ৰাৱ ৰোগৰ ফলতো শৰীৰৰ ওজন কমিব পাৰে আৰু লগতে অন্য লক্ষণ যেনে - খিংখিঙিয়া স্বভাৱ, ভোক নলগা, ৰক্তহীনতা, ভাগৰ লগা ইত্যাদি লক্ষণ উপস্থিত থাকিব পাৰে।

➡️পৰ্যাপ্ত পৰিমাণে কেলৰিযুক্ত আহাৰ সেৱন নকৰাৰ ফলত - শৰীৰক প্ৰয়োজন অনুপাতে কেলৰিযুক্ত আহাৰ সেৱন নকৰাৰ শৰীৰৰ ওজন হ্ৰাস পালে বা ক্ষীণাই গ'লে বহুতো ভয়াবহ সমস্যাৰ সৃষ্টি হব পাৰে। তেনেলোক অতি সোনকালে ক্লান্ত হৈ পৰিব পাৰে, শাৰীৰিক ষ্টেমিনা বা শক্তি কমি যাব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ যেনে - যক্ষ্মা, শ্বাস প্ৰশ্বাস জনিত সমস্যা, নিউমোনিয়া, ৰক্তবাহী তন্ত্ৰৰ বিভিন্ন ৰোগ যেনে- হৃদৰোগ, মগজুৰ ৰক্তক্ষৰণ (cerebral hemorrhage), বৃক্কৰ প্ৰদাহ, টাইফয়ড, কৰ্কট ৰোগ ইত্যাদিৰ সম্ভাৱনা বৃদ্ধি পায়।

➡️কোনো কাৰণত অত্যধিক পেচাব আৰু অত্যধিক ঘাম নিৰ্গত হলেও শৰীৰৰ ওজন হ্ৰাস পাব পাৰে।
শৰীৰৰ ওজন কম থকাৰ বাবে হব পৰা জটিলতা :-
শৰীৰত যিকোনো সংক্ৰমণ হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।
শৰীৰৰ stamina বা শাৰীৰিক শক্তি কমি যায়।
পোষকতত্ব থিক মতে তেজলৈ অৱশোষিত নহোৱা বাবে ভিটামিন, খনিজ পদাৰ্থ ইত্যাদিৰ অভাৱ পৰিলক্ষিত হয়।
osteoporosis বা হাড় বিলাক থুনুকা হব পাৰে ।
ৰক্তহীনতা, চুলি সৰা, মানসিক ৰোগ, হৃদৰোগ ইত্যাদিৰ সম্ভাৱনা বৃদ্ধি পায়।

লবলগীয়া সাবধানতা :- নিয়মিত সময় মতে আহাৰ সেৱনৰ নিয়ম গঢ়িব লাগে। একেলগে গধূৰ আহাৰ সেৱন নকৰি কম পৰিমাণত অধিক বাৰ আহাৰ সেৱন কৰা উচিত। ডায়েবেটিজ নাথাকিলে ওজন কম থকা মানুহে অধিক কেলৰিযুক্ত খাদ্য, ঘীঁ, চৰ্বীজাতীয় খাদ্য খোৱা উচিত। কষ্টকৰ আৰু কঠিন ব্যায়াম বা যোগাসন কৰাতকৈ পাতলীয়া ব্যায়াম বা যোগাসন কৰা উচিত। দৈনিক ৬ ৰ পৰা ৮ ঘণ্টা শুৱাৰ অভ্যাস গঢ়িব লাগে ।
গতিকে কোনো ব্যক্তিৰ শৰীৰৰ ওজন যদি তেওঁ গম নোপোৱাকৈ কমি যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসকে থাইৰয়ড, কৰ্কত ৰোগ, যক্ষ্মা, ডায়েবেটিজ, coeliac disease, cystic fibrosis, এনজাইম কমকৈ নি:সৰণ হোৱা, মাইকী মানুহ হ'লে বগাস্ৰাৱ ইত্যাদি বিভিন্ন দিশ চালি জাৰি চাই ইয়াৰ সমাধান দিবলৈ চেষ্টা কৰে।
আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিত ক্ষীণকায়ী লোক সকলৰ শৰীৰৰ ওজন কমি যোৱাৰ কাৰণ সমূহ চালি জাৰি চাই বিহিত ব্যৱস্থা লবলৈ ৰোগীসকলক পৰামৰ্শ দিয়া হয়। লগতে শৰীৰৰ ওজন বৃদ্ধিৰ বাবে কিছুমান ঔষধী সেৱনৰ পৰামৰ্শ দিয়া হয় ।যেনে - অস্বগন্ধা চূৰ্ণ, শতাৱৰী চূৰ্ণ, ধাতুপৌষ্টিক চূৰ্ণ, বসন্ত কুসুমাকৰ ৰস 
ইত্যাদি ।

Share:

0 comments:

Post a Comment

Popular Posts