Friday, February 1, 2019

অন্তবৰ্তী বাজেট ২০১৯ ------ লোকসভাত পীয়ুষ গোৱেলৰ বাজেট ভাষণ ।

     ৪ মাহৰ বাবে দাখিল কৰা হৈছে এই বাজেট।
‘মই সম্পূৰ্ণ বিশ্বাসেৰে ক’ব পাৰো যে ভাৰতবৰ্ষ এতিয়া বিকাশ আৰু সমৃদ্ধিৰ দিশে অগ্ৰসৰ হৈছে।’
‘আমি পূৰ্বৰ তুলনাত বাজেটত বহু উন্নয়ন সম্ভৱ কৰিছো।’
মুদ্ৰাস্ফীতি ৰোধ কৰিবলৈ সক্ষম হৈছে মোডী চৰকাৰে।
২০২২ চনলৈ আমি নতুন ভাৰত গঢ়াৰ লক্ষ্য লৈছো।
২০২২ চনৰ ভিতৰত আমি প্ৰতিজন দৰিদ্ৰ লোককে চৰকাৰী ঘৰ দিবলৈ সক্ষম হ’ম।
আমি বিকাশতো আগবাঢ়িছো, মূল্যবৃদ্ধিও হ্ৰাস কৰিছো।
সাধাৰণ বৰ্গৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছো আমি।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আছে বুলি দাবী চৰকাৰৰ।
দেশৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে বুলি দাবী।
মোডী চৰকাৰৰ দিনতে দৰিদ্ৰতা দূৰ হৈছে।
গাঁও অঞ্চলত ৯৮ শতাংশ অনাময় আঁচনি সংম্পন্ন।
ৰাজ্যসমূহক ৪২ শতাংশ শ্বেয়াৰ দিয়া হৈছে।
দেশ প্ৰগতিৰ পথত আগবাঢ়িছে বুলি দাবী পীয়ুষ গোৱেলৰ।
পূৰ্বৰ তুলনাত ভাৰতত বিদেশী বিনিয়োগ বৃদ্ধি হৈছে।
২০১৮ৰ ডিচেম্বৰত মুদ্ৰাস্ফীতিৰ হাৰ ২.১ শতাংশ।
চৰকাৰে ক’লা ধন ঘূৰাই আনিবলৈ সক্ষম হৈছে।
বিমুদ্ৰাকৰণৰ পিছত প্ৰথমবাৰৰ বাবে ১ কোটি ৬ লাখ লোকে আয়কৰ আদায় দিছে।
দৰিদ্ৰ কৃষকৰ বেংকত প্ৰতিবছৰে ৬০০০ টকা প্ৰদানৰ সুবিধা কৰিছে চৰকাৰে।
আমি আগন্তুক বিত্তিয় বৰ্ষটোত ৩ ত্ৰিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হ’ম।
পৰিবহণ, উদ্যোগ খণ্ডৰ পৰা আমাৰ অৰ্থনৈতিক শক্তি বৃদ্ধি পাব।
দেশত ২২ খন এইমছ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।
নতুনকৈ ঘৰ ক্ৰয় কৰা সকলৰ বাবে জি এছ টি হ্ৰাসৰ ব্যৱস্থা।
ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে জি এছ টি হ্ৰাস কৰা হৈছে।
২৫ লাখতকৈ কম টাৰ্ণ অভাৰৰ ব্যৱসায়ীসকলে প্ৰদান কৰিব লাগিব কেৱল ৬ টকা জি এছ টি।
জানুৱাৰী মাহত ১ লাখ ৩ হাজাৰ কোটি আনুমানিক জি এছ টি লাভ কৰা হৈছে।
সংসদত উত্থাপন কৰা হৈছে আগন্তক ৪ মাহৰ বাবে অন্তৱৰ্তীকালীন বাজেট।
ভাৰপ্ৰাপ্ত বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে উত্থাপন কৰিছে বাজেট।
কৃষকৰ আয় দুগুন হোৱা বুলি দাবী পীয়ুষ গোৱেলৰ।
বিগত চাৰে চাৰি বছৰত দেশে কেৱল বিকাশৰ মুখ দেখিছে।
ক্ষুদ্ৰ উদ্যেগস্থাপনৰ বাবে বিশেষ সহাস প্ৰদান কৰাৰ ঘোষণা।
দেশৰ মানচিত্ৰত স্থান পাব মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামে।
ম’বাইল ডাটা ব্যৱহাৰ ৫০ গুণ বৃদ্ধি পাইছে।
ব্ৰ’ডগজ ৰে’লৱেৰ ৰখীয়াবিহীন ৰে’ল ক্ৰচিং বিলোপ কৰাৰ ঘোষণা।
২০২০ বৰ্ষৰ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা বাজেট ৩ লাখ কোটি টকা অতিক্ৰম।
গো সুৰক্ষাৰ বাবে ৭৫০ কোটি টকা ঘোষণা।
গাঁও অঞ্চলৰ মহিলাৰ জীৱন ধাৰণ উন্নত কৰাৰ লক্ষ্য।
অহা বছৰত ৮ কোটি মহিলাক বিনামূলীয়া ৰন্ধন গেছ প্ৰদানৰ লক্ষ্য চৰকাৰৰ।
প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনাৰ অধীনত প্ৰদান কৰা হ’ব বিনামূলীয়া ৰন্ধন গেছ।
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ বাবে ১৯ হাজাৰ কোটি টকা আবন্টন।
গাঁওসমূহতো চহৰৰ দৰে ব্যৱস্থা প্ৰদানৰ সুবিধা কৰা হৈছে।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে
এম জি এনৰেগাৰ বাবে ৬০ হাজাৰ কোটি টকা আবন্টন।
২ হেক্টক কৃষিভূমি থকা সকলক বিশেষ সুবিধা প্ৰদান।
বিশ্বৰ ভিতৰত ষষ্ঠ স্থানত ভাৰতৰ অৰ্থনীতি বুলি দাবী।
পূৰ্বৰ চৰকাৰৰ তুলনাত হ্ৰাস পাইছে মূল্যবৃদ্ধি।
মহাবিদ্যালয়সমূহত ২ লাখ আসন বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে।
পশুধনৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ ঘোষণা।
নতুন পেঞ্চন আঁচনিৰ ঘোষণা।
শ্ৰমিকৰ বাবেও পেঞ্চন আঁচনি ঘোষণা।
বেংকিং ব্যৱস্থাত দ্ৰুতগতিত সংস্কাৰ হৈছে।
দেশলৈ ৩ লাখ কোটি টকাৰ ঋণ ঘুৰি আহিছে।
২২ বিধ শস্যৰ এম এছ পি বৃদ্ধি।
গো মাতাৰ সংৰক্ষণৰ বাবে বিশেষ কাৰ্যসূচী।
আয়োগ গঠন কৰিব মীন পালনৰ বাবে।
পশু পালনৰ কিষাণ ক্ৰেডিত কাৰ্ডৰ ব্যৱস্থা।
ক্ষুদ্ৰ খেতিয়কক প্ৰতিমাহে বেংক একাউন্টৰ জৰিয়তে প্ৰদান কৰিব ৫০০ টকাকৈ।
লোকসভাত বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলৰ বাজেট সম্পৰ্কীয় ভাষণ-
আমি বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যৰক্ষা আঁচনি লৈছো।
পি এম কিষাণ আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ সহায়ৰ লক্ষ্য।
এই আঁচনিৰে লাভাৱাম্বিত হ’ব ১২ লাখ কৃষক পৰিয়াল।
৩ টা কিস্তিত কৃষকৰ বেংক একাউন্টত এই ধন দিয়াৰ ব্যৱস্থা।
এম জি এনেৰেগাৰ বাবে ৬০ হাজাৰ কোটি টকাৰ আবন্টন।
Share:

Popular Posts