Thursday, January 31, 2019

শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ চমু বিৱৰণ

শ্ৰীশ্ৰীদীৰ্ঘেশ্বৰী দেৱালয়
আমিনগাঁও উত্তৰ গুৱাহাটী মান্দাকাটা পথেৰে গৈ নাজিৰাখাট এৰি কিছুদূৰ গৈ এখন ওখ পাহাৰৰ দাঁতিয়েদি এটা সৰু পথ পোৱা যায়। এই পথটো লেঙা হৈ কুৰুৱাত মিলি গৈছে। এই পাহাৰখনক কোৱা হয় সীতাপৰ্বত। এই পৰ্বতৰ ওপৰতেই বিৰাজমান দীৰ্ঘেশ্বৰী মন্দিৰ। যোগিনীতন্ত্ৰৰ মতে বৰবংশৰ মৌজাৰ দীৰ্ঘেশ্বৰী পৰ্বতক সীতাপৰ্বত বোলে। এই সীতাপৰ্বত বা দীৰ্ঘেশ্বৰী পৰ্বতৰ দাঁতিত মাৰ্কণ্ডেয় মুনিৰ আশ্ৰম আছিল। ‘আচাম গেজেটেয়াৰ'ৰ মতে আনুমানিক ১৭৫১ শকত ৰাজেশ্বৰ সিংহৰ দিনত মন্দিৰটি নিৰ্মাণ কৰা হৈছিল। এই দেৱালয়ৰ অধীনত থকা নিষ্পিখেৰাজ ভূমিৰ পৰিমাণ হৈছে ৬৮২১ বিঘা। যোগিনীতন্ত্ৰই দীৰ্ঘেশ্বৰী দেৱীৰ ভূমিকাৰ বিষয়ে এনেদৰে কৈছে❀
আনহাতে, কালিকাপুৰাণৰ উল্লেখ অনুযায়ী দীৰ্ঘেশ্বৰী হ'ল কামাখ্যাৰ অষ্টযোগিনীৰ অন্যতমা। অতীজৰে পৰা এই মন্দিৰত দুৰ্গাদেৱীৰ পূজা-সেৱা উলহ-মালহেৰে পালন কৰি অহা হৈছে। মন্দিৰটোৰ সামূহিক ভোজনালয়টো পৰিচালনা সমিতিয়ে নিৰ্মাণ কৰি উলিয়াইছে। সেইটোত দুই-তিনিহাজাৰ যাত্ৰীয়ে একেলগে বহি ভোগ খাব পাৰে। এই মন্দিৰৰ চাৰিওপাশৰ সৌন্দৰ্য অতীৱ মনোমোহা। কাষেৰে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰই ৰূপত ৰহন চৰাইছে। যোৱা কেইটামান বছৰৰ পৰা বনভোজ খোৱা দল আৰু বহু দূৰ দূৰণিৰ পৰা অহা তীৰ্থযাত্ৰী তথা পৰ্যটকৰ উখল-মাখল দেখিবলৈ পোৱা গৈছে। উৰিষ্যাৰ ধৱলগিৰিৰ দৰে দীৰ্ঘেশ্বৰী মন্দিৰৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ অতীৱ মনোমোহা❀
Share:

Popular Posts