Thursday, January 31, 2019

গৃহস্থ্য কন্দলৰ শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৱ :-

      ঘৰুৱা হি‌ংসা বৰ্তমানৰ এটা জলন্ত সমস্যা যাক দেশ, জাতি, সমাজ, শ্ৰেণী নিৰ্বিশেষে সকলো তে দেখা পোৱা যায়।মহিলা সকলেই এই ঘৰুৱা হিংসাৰ বলি হোৱা দেখা যায় যদিও, ঘৰুৱা হিংসাৰ দ্বাৰা সেই ঘৰখনত বাস কৰা শিশুটোৰ মানসিক স্বাস্থ্যত যথেষ্ট কুপ্ৰভাৱ পেলোৱাৰ পৰিলক্ষিত হয়।এই ঘৰুৱা হিংসাই শিশুটোৰ জীৱনৰ পৰবৰ্তী সময়ত শিকিত অভ্যাস হিচাপে পৰিণত হব পাৰে।অৰ্থাৎ ডাঙৰ হোৱাৰ লগে লগে শিশুটোৱে ভাবিব ধৰে যে বিছৰা বস্তুটো পাবৰ বাবে যদি হিংসাত্মক কাৰ্য কৰিব লগা হয় সেইটো একো বেয়া কাম নহয়।ঘৰুৱা হিংসা কোনো ব্যক্তি বিশেষে আক্ৰান্ত হয় তেনে কোনো ধৰণৰ কথা নাই।ইয়াৰ বলি যিকোনো স্তৰৰ মানুহ হব পাৰে, শিশু, মহিলা, বৃদ্ধা,শাৰীৰিক ভাবে বিশেষ ভাবে সক্ষম বা আন যিকোনো অৰক্ষিত বয়সৰ পুৰুষ মহিলা বা শিশু হব পাৰে।এই ঘৰুৱা হিংসাক দুৰ্ব্যবহাৰ, ককৰ্থনা, স্বামী স্ত্ৰীৰ কাজিয়া, মাৰপিট,পাৰিবাৰিক কন্দল,অথবা ঘনিষ্ঠ সম্পৰ্ক ৰ অংশীদাৰ, (intimate partner violance) হিংসাত্মক কাৰ্য হব পাৰে।

        ঘৰুৱা হিংসাৰ প্ৰকাৰ -

        (১) শাৰীৰিক ভাবে অপদস্থ কৰা, মাৰপিট ইত্যাদি।

        (২) মানসিক ভাৱে শাস্তি দিয়া ( Psychological abuse ) ,যেনে আনৰ পৰা বাধ্যতামূলক ভাবে আতৰত ৰখা।অতি সন্দেহ পৰায়নতা, কাৰ্য্য কলাপৰ ওপৰত নিয়ন্ত্ৰণ কৰা অথবা নিজৰ মতে পৰিচালনা কৰা, কটুবাক্য, গালি শপনি পৰা, সম্পত্তি ধ্বংস কৰি দেখুওৱা, মাৰিবলৈ ভয় দেখুওৱা ইত্যাদি।

        (৩)  যৌন সম্পৰ্কীয় অবাঞ্চিত আচৰণ(sexual abuse ) - যেনে বাধ্য কৰাই যৌন কাৰ্য্য ত লিপ্ত কৰোৱা, ভয় দেখুৱাই বা মাৰপিট কৰি অবাঞ্চনীয় যৌন নিৰ্যাতন চলোৱা।

       (৪)  আৰ্থিক ভাৱে চলোৱা নিৰ্যাতন ( Economical abuse ) - ই হৈছে কোনো এজন ব্যক্তিক সমাজত বৰ্তি থাকিবৰ বাবে প্ৰয়োজন হোৱা মৌলিক সামগ্ৰী সমূহৰ পৰা বঞ্চিত ৰখা।ই এক প্ৰকাৰৰ অত্যাচাৰ/ দৰ্ব্যবহাৰ যত এজন অংশীদাৰৰ , আনজন আংশীদাৰৰ আৰ্থিক উৎসৰ ওপৰত নিয়ন্ত্ৰণ থাকে।আৰ্থিক হাৰাশাস্তি যেনে - নিৰ্যাতিতাক আৰ্থিক উৎস ৰ ব্যৱহাৰত প্ৰতিবন্ধকতা অনা নতুবা নিৰ্যাতিতাৰ আৰ্থিক সম্পত্তিৰ শোষণ কৰা। ইত্যাদি।

      ★★ ঘৰুৱা হিংসাৰ বলি হোৱাৰ বৃহৎ সংখ্যকে
             """""""""""""""""""""""""""""""""""""""""""""""""""""""
হৈছে পৰিয়ালৰ সৰু সদস্য অৰ্থাৎ শিশুটো :-
""""""""""""""""""""""""""""""""""""""""""""""""""""""""""
       মহিলাৰ ওপৰত ঘৰুৱা হিংসাই পেলোৱা প্ৰলয়ংকাৰী প্ৰভাৱ সঠিকভাৱে তথ্য প্ৰমাণৰ দ্বাৰা প্ৰতিপন্ন।কিন্তু এই হিংসাৰ যে অতি প্ৰলয়ংকাৰী প্ৰভাৱ শিশুৰ মানসিক বিকাশত পৰে তাৰ বিষয়ে বোধকৰোঁ খুব কমেই হে জ্ঞাত।

       প্ৰতিটো শিশুৰ কাম্য এটা নিৰাপদ আৰু সুৰক্ষিত ঘৰ যত নাথাকে কোনো হাই কাজিয়া, আৰু যত থাকে মাক দেউতাক যিয়ে সিহতক মৰম চেনেহ  দিয়ে আৰু বিপদৰ পৰা ৰক্ষা কৰে।সিহঁতক লাগে এটা নিয়মিত আৰু সুস্থিৰ ঘৰ, যত নেকি বাহিৰৰ পৰিবেশে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে আৰু বাহিৰত কিবা ঘটিলেও যাতে ঘৰখন হয় নিৰাপদ স্থান।

        যিসকল শিশুৱে অনবৰতে হাই কাজিয়া, ঘৰুৱা হিংসা হৈ থকা ঘৰত ডাঙৰ দীঘল হয় সেই সকলৰ বাবে সেই পৰিবেশ হয় সম্পূৰ্ণ ৰূপে অবাঞ্চিত, উত্তেজনাৰে ভৰ্ত্তি, উদ্দেগজনক, আৰু ভীতপূৰ্ণ, আৰু এই পৰিবেশে শিশুটোক মানসিক আৰু আৱেগিক ভাবে আঘাত কৰে যিটো নেকি মাৰপিট কৰা শিশু (child abuse ) ৰ সৈতে প্ৰায়একেহয়। এখন সুস্থ সবল, সুৰক্ষিত, অনুকূল আৰু বাঞ্চনীয় পৰিবেশৰ পৰিৱৰ্তে এই শিশুসকলে এখন অবাঞ্চিত পৰিবেশত ডাঙৰ দীঘল হয় যত সিহঁতৰ ভবিষ্যতে লৈ চিন্তা আৰু উদ্দেগ থাকে, অনবৰত মনত ভয় ভাব থাকে আকৌ হাই কাজিয়া হব বুলি বা তাৰ পৰা কেনেকৈ নিজকে অথবা ভাই ভনী সকলক বচাব পাৰি। দিনটো কেনেকৈ পৰা কৰিব পাৰি সেয়ে এই শিশু সকলৰ দিনটোৰ প্ৰধান লক্ষ্য হৈ পৰে, খেলা ধূলা ,জিৰণি, বা ভবিষ্যত পৰিকল্পনাৰ বাবে নেপায় কোনো সময়।

       ◆◆ এই শিশু সকলৰ ঘৰুৱা হিংসাৰ প্ৰতি তলত দিয়া ধৰনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায় :-
       (১) নিজকে দোষী ভবা ( self blame )
       (২) অসহায় অনুভৱ কৰা
       (৩) শোকত থকা ( Grief)
       (৪) স্ববিৰোধী (আৱেগ )যুক্ত Ambivalance
       (৫) ভয় (fear)
       (৬) আতংকিত (Dread)
       (৭) ভীতি গ্ৰস্ত (terror)
        (৮) দুঃখিত হোৱা (sadness)
        (৯) উদ্দেগ worry
       (১০) লজ্জিত হোৱা (shame)
        (১১) ক্ৰোধিত হোৱা ( Anger)
       (১২) জঠৰতা ( Numbness)
   
       ★★ ঘৰুৱা হিংসাই শিশু এটাৰ ওপৰত তলত
                -----------------------------------------------------
উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলায়  :-
-------------------------------------------
     (১) মনোযোগ কম হয়
     (২) টোপনি কম হয়
     (৩) আৱেগ অনুভূতি হীন হয়
     (৪) আক্ৰমণাত্মক হয়, অধিক সক্ৰিয় হয়, কথা নুশুনে
     (৫) সদায় একাষৰীয়াকৈ থাকে, সতৰ্ক হৈ থাকে
     (৬) নিজৰ প্ৰতি শ্ৰদ্ধা নোহোৱা হয়, আতৰি যায়
     (৭) স্বাভাৱিক ঘৰুৱা জীৱনৰ বিষয়ে কল্পনা কৰিব ধৰে
     (৮) ভবিষ্যতৰ বিষয়ে নিৰাশাবাদী হয়
      (৯) অন্য শাৰিৰীক লক্ষণ

     ★★ কিশোৰ কিশোৰীৰ ওপৰত ঘৰুৱা হিংসাৰ
             ============================
কুপ্ৰভাৰ লক্ষণ সমূহ :-
==============

     (১) মনোঅৱসাদ (depression)
     (২) চিত্তোদ্দেগ Anxiety
     (৩) আতৰি থকা আৰু নিজৰ প্ৰতি শ্ৰদ্ধা নোহোৱা হয়
     (৪) মাক দেউতাক ক বেয়া ব্যৱহাৰ কৰা
     (৫) অপৈণত বয়সতেই চোৱাচিতা কৰা দায়িত্ব লয়, বিশেষকৈ নিৰ্যাতনৰ বলি হোৱা মাকক বচাবৰ বাবে
     (৬) ভাব আদান প্ৰদান ৰ দক্ষতা কম হয়
     (৭) অভিভাৱক ৰ লগত শিশুৰ সংঘাত
     (৮) ঘৰৰ পৰিবেশৰ পৰা সাত সাৰিবলৈ কম বয়সতে বিয়াত সোমাই অথবা সম্বন্ধ গঢ়ি তোলে
     (৯) লজ্জিত হোৱা
     (১০) ভাবমূৰ্তি কমি যোৱা
     (১১) খোৱা বোৱাৰ ক্ষেত্ৰত দেখা দিয়া ৰোগ (Eating Disorder)
     (১২) পঢ়া শুনা আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত নিম্ন প্ৰদৰ্শন
     (১৩) স্কুল আধাতে বাদ দিয়া
     (১৪) ঘৰৰ পৰা আঁতৰি থকা
     (১৫) ঘৰৰ পৰা পলাই যোৱা
     (১৬) ঘৰৰপৰা সোনকালে ওলাই যোৱা
     (১৭) আনৰ পৰা আঁতৰি অকলশৰীয়াকৈ থকা
     (১৮) নিজৰ সমবয়সীয়াক আকৰ্ষিত কৰিবৰ বাবে বিপদ সংকুল কৰ্য্যকলাপত ভাগ লোৱা
     (১৯) মদ আৰু অন্যান্য মাদক দ্ৰব্যৰ ব্যৱহাৰ
     (২০) বেয়া সপোন দেখা
     (২১) মাকক বা অন্য নিৰ্যাতিতাক বচাব যাওঁতে নিজে দুখ পোৱা
     (২২) পৰিয়ালক লৈ অশান্তি ভূগা
     (২৩) আত্মহত্যা

        ** এইখিনিতে উল্লেখনীয় যে ঘৰুৱা হিংসা সাক্ষী হোৱা অৰ্থাৎ প্ৰত্যক্ষ কৰা আৰু শিশু হিংসাৰ বলি হোৱা( Child Abuse ) যেনে শিশুক শাৰীৰিক নিৰ্যাতন কৰা, মাৰপিট কৰা, ভয় দেখুওৱা, অকলে এৰি দিয়া ইত্যাদি এই দুই ক্ষেত্ৰতে শিশুৱে একে ধৰণৰ মানসিক চাপ পায় আৰু মানসিক ৰোগত আক্ৰান্ত হব পাৰে আৰু তাৰ লক্ষণ সমূহ ওপৰত দিয়া সৈতে একে।

       ★★ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি ৰ ভূমিকা:-
               ------------------------------------------------------
           অতি পুৰণি এই আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি ৰ বিকাশত হৈছিল এক সুখী আৰু নিৰুগী জীৱন যাপন ৰ উদ্দেশ্য ই । ঐক সুস্থ শৰীৰৰ আৰু মনৰ দ্বাৰা ই সুস্বাস্থ্য , আৰু স্বাস্থ্য বান ব্যক্তিৰ স্বাস্থ্য ৰক্ষা কৰা আৰু ৰোগীৰ ৰোগ নিৰাময় কৰি সুস্বাস্থ্য প্ৰদান কৰাই আয়ুৰ্বেদিৰ মূল উদ্দেশ্যে।আৰু স্বাস্থ্য ব্যক্তি স্বাস্থ্যবান হৈ থাকিবলৈ য়ে আয়ুৰ্বেদত বৰ্ণন কৰা আছে দিনচাৰ্য্যা ( directions about day to day activity ) , ঋতুচাৰ্য্যা ( seasonal activity ) ,খাদ্য সম্পৰ্কীয় উপদেশ। তাৰোপৰি মানসিক সুস্বাস্থ্যৰ বাবে বৰ্ণনা কৰা আছে আচাৰ ৰাসায়ন। ৰাসায়ন হৈছে এনে এক দ্ৰব্য যাৰ সেৱনৰ দ্বাৰা বয়স সম্বন্ধীয় পৰিৱৰ্তন আৰু ৰোগ প্ৰতিৰোধ কৰিব পাৰি। আচাৰ ৰাসায়ন এনে কিছুমান অভ্যাস, ব্যৱহাৰ (behaviour) যিবোৰে মানি চলিলে ঔষধ সেৱন অবিহনে ৰসায়ন গুণ পাব পাৰি।আজিৰ পৰা প্ৰায় হাজাৰ বছৰ আগতে চৰক সংহিতাত মানস ৰোগৰ চিকিৎসা আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ণনা কৰি গৈছে আচাৰ ৰসায়ন।

এই আচাৰ ৰসায়ন সমূহ হৈছে :-
-----------------------------------------
১) ক্ৰোধ নকৰি শান্ত স্বভাৱ ধাৰণ কৰা
২) মদ্যপান আৰু অন্যান্য ৰাগিয়াল দ্ৰব্য ৰ পৰা দূৰত থকা
৩) ধৰ্য্যবান হোৱা
৪) হিংসা ভাৱ নৰখা
৫) প্ৰিয় কথা কোৱা
৬) উচিত সময়তে শোৱা আৰু উঠা
৭) স্থান আৰু সময় অনুযায়ী আচৰন কৰা
৮) হিংসুক ভাব ত্যাগ কৰা
৯) শক্তি অনুযায়ীহে কৰ্ম কৰা
১০) সত্য কথন কোৱা, ইত্যাদি।

       ইয়াৰ উপৰিও আয়ুৰ্বেদ সংহিতাত বৰ্ণনা কৰা আছে মেধ্য ৰসায়ন যাৰ উচিত মাত্ৰাত প্ৰয়োগ শিশুৰ ক্ষেত্ৰত যথেষ্ট সহায়ক ।

        ★★ শিশু এটাক কি প্ৰয়োজন :-
                ------------------------------------
শিশু এটাক ঘৰুৱা হিংসাৰ প্ৰভাৱ ৰ পৰা ৰক্ষা কৰিব পৰা যায় নতুবা ঘৰুৱা হিংসা প্ৰত্যক্ষ কৰাৰ কাৰণে হোৱা মানসিক কুপ্ৰভাৱৰ পৰা উদ্ধাৰ কৰিব পৰা যায়।তাৰ বাবে জানিব লাগিব শিশুৱে দৰাচলতে কি বিচাৰে।
 
        ১) শিশুক লাগে এখন নিৰাপদ আৰু ঘৰুৱা পৰিবেশ।এখন সুৰক্ষিত পৰিবেশত ডাঙৰ দীঘল হোৱাতো প্ৰত্যেক শিশুৰে অধিকাৰ।আৰু লগতে অনুভৱ কৰিব লাগে যে সিহঁতৰ প্ৰিয়জনয়ো সুৰক্ষিত আছে। ঘৰত হোৱা হিংসাই শিশুটিৰ এই পৃথিৱীতে সুৰক্ষিত হোৱা ৰ মনোভাৱ ভাঙি ঠান বান কৰি দিয়ে।

        ২) শিশুটোৱে জানিব লাগে যে তাৰ লগত প্ৰাপ্তবয়স্ক লোক আছে যিয়ে তাৰ কথা শুনে, বিশ্বাস কৰে আৰু আশ্ৰয় দিয়ে।

       ৩) ঘৰুৱা হিংসাই শিশু এটা ৰ জীৱন উখল মাখল লগাই দিয়ে।শিশু এটাক সাধাৰণতে নৈমিত্তিক আৰু স্বাভাৱিক পৰিবেশ লাগে যেনে , স্কুল যোৱা, খেলা ধূলা কৰা। এই সমূহ শিশু ৰ সামগ্ৰিক বিকাশৰ বাবে অপৰিহাৰ্য অংগ।

      ৪) শিশু সকলক শিকোৱা প্ৰয়োজন যে কেবল হিংসাই সমস্যা সমাধানৰ পথ নহয়।আলোচনাৰ মাধ্যমেৰে ও সমস্যা সমাধান কৰিব পাৰি।আৰু ঘৰুৱা হি‌ংসা ৰ যবনিকা পৰিব পাৰে।

   ৫) শিশু ৰ বাবে আৱশ্যক ডাঙৰে মৌনতা ভংগ কৰি কথা কোৱা আৰম্ভ কৰা। ঘৰুৱা হিংসাৰ পিছত বিৰাজমান মৌনতা ই শিশুক বেচিকৈ শংকিত কৰি তোলে। শিশুৰ লগত স্বাভাৱিক ভাবে কথা পাতক।আৰু আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে ঘৰুৱা হিংসা, কাজিয়া পেছাল আদি প্ৰত্যক্ষ কৰা ৰ বাবে যে শিশু ৰ মানসিক স্বাস্থ্যৰ ওপৰত কুপ্ৰভা পৰে আৰু তাৰ ফলত মানসিক ৰোগাক্ৰান্ত হব পাৰে সেই বিষয়ে সচেতনতা অনা।আৰু এই কৰ্য্য আমি ডাঙৰ সকলেই কৰিব লাগিব।

    ঘৰুৱা হিংসা, হাই কাজিয়া ত নিৰ্যাতিত জনৰ যিমান ক্ষতি হয় তাৰ সমান্তৰালভাৱে সেই কাৰ্য্য দেখি থকা শিশুটোৰ মস্তিষ্কৰ ওপৰত কুপ্ৰভাব পৰে যাৰ ফলত বিভিন্ন লক্ষণ দেখা দিয়া ৰ ওপৰিও মানসিক ৰোগত আক্রান্ত হব পাৰে।তাৰ পৰা হাত সাৰিবলৈ আয়ুৰ্বেদিত বৰ্ণিত আচাৰ ৰসায়ন পালন কৰিব লাগে। শিশু টোক কি প্ৰয়োজন তাত গুৰুত্ব আৰোপ কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি শিশু টোক চিকিৎসকক দেখাই পৰামৰ্শ লব।

Share:

0 comments:

Post a Comment

Popular Posts