Sunday, December 1, 2019

ইতিহাসৰ পাতত আজিৰ দিনটো

ইতিহাসৰ পাতত আজিৰ দিনটো
--------------------------------------------

আজি ইংৰাজী ২০১৯ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখ, দেওবাৰ ৷ অসমীয়া লেখেৰে ১৯৪১ শকৰ আঘোন মাহৰ ১৪ তাৰিখ ৷ আজি বছৰটোৰ ৩৩৫ তম দিন ৷ বছৰটো শেষ হ’বলৈ আৰু ৩০ টা দিন বাকী আছে ৷ 

                       🙏 সুপ্ৰভাত 🙏
                                         

✍️ আজি বিশ্ব এইডছ দিৱস ৷

✍️ অসমৰ পষেকীয়া আলোচনী “প্ৰান্তিক” প্ৰথম প্ৰকাশিত হয় ১৯৮১ চনৰ আজিৰ দিনটোতে ৷ ইয়াৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক 
ডা° ভবেন্দ্ৰনাথ শইকীয়া আৰু মুখ্য প্ৰদীপ বৰুৱা ৷

✍️ আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী তৰালী শৰ্মাই বিবাহ পাশত আবদ্ধ হৈছিল ২০০৬ চনৰ আজিৰ দিনটোতে ৷

✍️ নাগালেণ্ডক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি প্ৰদান কৰে ১৯৬৩ চনৰ আজিৰ দিনটোতে ৷

✍️ মহাত্মা গান্ধীক “শতিকাৰ শ্ৰেষ্ঠ এছীয়” আৰু ইন্দিৰা গান্ধীক “শ্ৰেষ্ঠ মহিলা” হিচাপে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বি বি চিৰ সমীক্ষাত নিৰ্বাচিত হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে ৷

✍️ ১৯৯০ চনৰ আজিৰ দিনটোতে বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হৈছিল  

✍️ ১৯৩৫ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা হেনৰীৰ মৃত্যু হয় ৷

✍️ ১৯৫৯ চনৰ আজিৰ দিনটোতে ঐতিহাসিক এণ্টাৰ্কটিকা ট্টিটী স্বাক্ষৰিত হয় ৷

✍️ আজিৰ দিনটোতে ১৯৬৪ চনত ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজননতাত্ত্বিক  জে বি এছ হলডেনৰ মৃত্যু হয় ৷


Share:

0 comments:

Post a Comment

Popular Posts