Sunday, November 24, 2019

আজি অংগৰাগ মহন্তৰ ৪৪তম জন্মদিন

আজি অংগৰাগ মহন্তৰ ৪৪তম জন্মদিন তেওঁ 'পাপন' নামেৰে সকলোৰে মাজত জনাজাত। জন্ম ২৪ নৱেম্বৰ ১৯৭৫ চনত অসমৰ গুৱাহাটী চহৰত হৈছিল।
অংগৰাগ "পাপন" মহন্ত ভাৰতবৰ্ষৰ তথা অসমৰ এগৰাকী নামি কণ্ঠশিল্পী। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰে। একক ভাবে কণ্ঠদান কৰাৰ উপৰিও তেওঁ "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ এক সংগীত গোষ্ঠী (বেণ্ড)-ৰ লগতো জড়িত।

অংগৰাগ মহন্তই জন্ম লাভ কৰে অসমৰ দুই অতি জনপ্ৰিয় সংগীত শিল্পী  খগেন মহন্ত তেওঁৰ পিতৃ আৰু  মাতৃ অৰ্চনা মহন্তৰ গৰ্ভত। সেয়ে তেওঁ সৰুৰে পৰাই সংগীতময় পৰিবেশত ডাঙৰ-দীঘল হয় আৰু সংগীতৰ প্ৰতি আকৰ্ষিত হৈ পৰে।
২০০৫ চনত মুক্তি পায় পাপনৰ প্ৰথম এলবাম "জোনাকী ৰাতি", যাৰ জৰিয়তেই তেওঁ অসমৰ লগতে বাহিৰৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা তথা পৰিচয় লাভ কৰে। তাৰ পাছত ২০১০ চনত মুক্তি লাভ কৰে তেওঁৰ আন এখন এক গীতৰ এলবামৰ "চিনাকী অচিনাকী"।

অংগৰাগ মহন্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কন্ঠদান কৰে ২০১১ চনৰ অসমীয়া ছবি ৰামধেনুৰ "উজাই যা নৈ" শীৰ্ষক গীতটোত। তাৰ ঠিক পাছতেই মুক্তি পায় তেওঁ কন্ঠদান কৰা প্ৰথম হিন্দী ছবি "দম মাৰো দম" (এপ্ৰিল ২০১১)। 'ছবিখনৰ "জীয়ে কিউ" গীতটোৱে সমালোচকৰ প্ৰশংসাৰ লগতে লাভ কৰে বিশাল সফলতা। ইয়াৰ পাছতে পাপনে কেইবাখনো হিন্দী আৰু বাংলা ভাষাৰ ছবিত কন্ঠদান কৰে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে: "চাউণ্ডট্ৰেক" (হিন্দী, ২০১১), "আই এম কালাম" (হিন্দী, ২০১১), "চিষ্টেম" (বাংলা, ২০১১) আদি। পাপনে ভ্ৰাম্যমাণ থিয়েটাৰ নেপথ্য গায়ক হিচাপে পোন প্ৰথমবাৰৰ বাবে গীত গায় ২০১১-১২ বৰ্ষৰ হেঙুল থিয়েটাৰৰ নাট "মৰীচিকা"ত।
পাপনে তেওঁৰ ইষ্ট ইণ্ডিয়া কোম্পানী বেণ্ডৰ আন সদস্যৰ সৈতে এম টিভিৰ সংগীতানুষ্ঠান "ক'ক ষ্টুডিঅ'"ৰ প্ৰথম চিজন(২০১১),দ্বিতীয় (২০১২)আৰু তৃতীয় (২০১৩) চিজনত গীত পৰিবেশন কৰে। প্ৰথম চিজনত পাপনে এটা বিহুগীত, দ্বিতীয় চিজনত এটা টোকাৰী গীত আৰু তৃতীয় চিজনত হোলী গীত, ঝুমুৰ গীত, গোৱালপৰীয়া লোকগীতেৰে সমৃদ্ধ মুঠ ছটা গীতৰ এটা সম্পূৰ্ণ খণ্ড পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। ক'ক ষ্টুডিঅ'ৰ প্ৰায় আটাইকেইটা গীতেই ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ লগতে এই একে অনুষ্ঠানৰ দ্বাৰা ভাৰতৰ দহখন চহৰত ২০১১ চনৰ জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আয়োজিত কনচাৰ্টৰ নখনত সংগীত পৰিবেশন কৰিছিল।

ষ্টাৰ ৱৰ্ল্ড ভাৰতৰ সংগীতভিত্তিক তথ্যচিত্ৰ ধাৰাবিহিক "দা দ্যুৱৰিষ্টচ্"-ৰ প্ৰথম চিজনৰ ষষ্ঠ খণ্ডটোত অংগৰাগক ৰব্বি শেৰগীলৰ সৈতে সংগীত পৰিবেশন কৰিবৰ বাবে আমন্ত্ৰিত হৈছিল। "খোলে দা ৰব্" নামৰ এই খণ্ডটো ২০১১ চনৰ ২০ নবেম্বৰত প্ৰদৰ্শিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চিত্ৰগ্ৰহণ কৰা খণ্ডটোত অংগৰাগ আৰু ৰব্বি মিলি অসমীয়া, হিন্দী  আৰু পাঞ্জাবী ভাষা মিশ্ৰিত এটি গীত ৰচনা কৰে। এই গীতটোত অংগৰাগে বড়ো, ৰাভা আৰু সত্ৰীয়া সংগীতৰ উপাদান ব্যৱহাৰ কৰে।
২০১৩ চনত এম টি ভিৰ অনুষ্ঠান ৰ’দীজৰ দশম খণ্ডৰ থীম চং "যাযাবৰ"ত কণ্ঠদান কৰে, গীতটিত পাপনৰ লগত সহঃ শিল্পী হিচাপে কন্ঠদান অনুষ্ঠানটোৰ পৰিচালক ৰঘু ৰামে।

অংগৰাগ মহন্তই বিজয়ী: শ্ৰেষ্ঠ পুৰুষ কন্ঠশিল্পী - বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ (ৰামধেনুৰ "উজাই যা নৈ"-ৰ বাবে)।
মনোনিত: শ্ৰেষ্ঠ লোক-সংগীতৰ এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১১ ।
(বিহুনামৰ এলবাম "গোমচেং’ আৰু বৰপেটাৰ হোলি গীতৰ এলবাম "ফাগুণৰ গান"-ৰ বাবে)
বিজয়ী: শ্ৰেষ্ঠ পপ এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১২ ("দা ষ্টৰি চ’ ফাৰ"-ৰ বাবে)।
Share:

0 comments:

Post a Comment

Popular Posts