Saturday, August 3, 2019

৩ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )

🙏সু প্ৰভাত🙏

আজি (ইংৰাজী: 3 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম (অধিবৰ্ষত ২১৬তম) দিন। বছৰ শেষ হ'বলৈ ১৫০ দিন বাকী থাকে।

✍১৮৮৬ চনৰ আজিৰ তাৰিখতে হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হয়।
✍১৯৮৪ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী ৰ জন্ম হৈছিল।

✍১৯৫৯ চনৰ আজিৰ তাৰিখতে কবি-দাৰ্শনিক ভবানন্দ দত্তৰ মৃত্যু হয়।
✍১৯৮০ চনৰ আজিৰ তাৰিখতে শিল্পী কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।

✍১৩৪৭ চনৰ আজিৰ তাৰিখতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।

✍১৮৮৫ চনৰ আজিৰ তাৰিখতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন আৰম্ভ হয়।

✍১৯১৪ চনৰ আজিৰ তাৰিখতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে

✍১৯৬০ চনৰ আজিৰ তাৰিখতে নাইজাৰে  স্বাধীনতা লাভ কৰে।
আজিৰ তাৰিখতে এংগোলো, মোজাম্বিক আৰু গিনি বিচাৱে স্বাধীনতা লাভ কৰে।

✍১৯৯৯ চনৰ আজিৰ তাৰিখতে নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে  অংশগ্ৰহণ কৰে।

✍২০০৪ চনৰ আজিৰ তাৰিখতে বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।

ধন‍্যবাদ 🙏🙏🙏

Share:

0 comments:

Post a Comment

Popular Posts