Saturday, August 3, 2019

কুইজ ( বিজ্ঞান )

১) প্ৰশ্ন : মানুহৰ শৰীৰ কি কি উপাদানেৰে গঠিত?

উত্তৰ : লো, কেলচিয়াম, ছ’ডিয়াম, মেগনেচিয়াম, কাৰ্বন, ফছ্‌ফৰাছ্‌, নাইট্ৰ’জেন, অক্সিজেন, গন্ধক আৰু ফ্ল’ৰিণৰ দ্বাৰা গঠিত।

২) প্ৰশ্ন : মানুহৰ শৰীৰত থকা হাড়ৰ সংখ্যা কিমান?

উত্তৰ : ২০৬ ডাল।

৩) প্ৰশ্ন : সুস্থ প্ৰাপ্তবয়স্ক মানুহ এজনৰ দাঁতৰ সংখ্যা কিমান?

উত্তৰ : ৩২ টা।

৪) প্ৰশ্ন : সুস্থ মানুহৰ প্ৰতি মিনিটত নাড়ীৰ স্পন্দন কিমান?

উত্তৰ : ৭২ বাৰ।

৫) প্ৰশ্ন : সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?

উত্তৰ : ৯৮.৪০ ডিগ্ৰী।

৬) প্ৰশ্ন : মানুহৰ শৰীৰত থকা পেশীৰ সংখ্যা কিমান?

উত্তৰ : ৩৩০ ৰ পৰা ৪০০ ৰ ভিতৰত।

৭) প্ৰশ্ন : মানুহৰ শৰীৰত কিমান তেজ থাকিব লাগে?

উত্তৰ : প্ৰত্যেক মানুহৰ নিজৰ শৰীৰৰ ওজনৰ ১/১১ ভাগ তেজ থাকিব লাগে।

৮) প্ৰশ্ন : মানুহৰ জ্ঞানকেন্দ্ৰ ক’ত?

উত্তৰ : মগজুত।

৯) প্ৰশ্ন : মানুহৰ তেজৰ উপাদান সমূহৰ নাম কি?

উত্তৰ : লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অণুচক্ৰিকা।

১০) প্ৰশ্ন : প্ৰতিটো লোহিত ৰক্ত কণিকাৰ গড় আয়ুস কিমান?

উত্তৰ : ১২০ দিন।

১১) প্ৰশ্ন : কি ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত স্কাৰ্ভি ৰোহ হয়?

উত্তৰ : ভিটামিন – চি (Vitamin – C)।

১২) প্ৰশ্ন : সুস্থ প্ৰাপ্তবয়স্ক পুৰুষ মানুহ এজনৰ প্ৰতি কিউবিক মিলিমিটাৰ তেজত কিমান সংখ্যক লোহিত কণিকা থাকে?

উত্তৰ : প্ৰায় ৫০ লাখ।

১৩) প্ৰশ্ন : সুস্থ আৰু স্বাভাৱিক অৱস্থাত পুৰুষ আৰু মহিলাৰ প্ৰতি ১০০ মিলিলিটাৰ তেজত কিমান গ্ৰাম হিম’গ্লোবিন থাকে?

উত্তৰ : ১৪.৫ গ্ৰামৰ পৰা ১৫ গ্ৰাম পৰ্যন্ত।

১৪) প্ৰশ্ন : তেজৰ শ্বেত কনিকাত নিউক্লিয়াছ থাকেনে?

উত্তৰ : থাকে।

১৫) প্ৰশ্ন : তেজৰ শ্বেত কণিকা সমূহৰ মৃত্যু হ’লে কি বস্তুৰ সৃষ্টি হয়?

উত্তৰ : পূঁজ।

১৬) প্ৰশ্ন : মানুহৰ হৃদপিণ্ডটোৰ যি অংশত তেজ সংগৃহীত হয় সেই অংশটোৰ নাম কি?

উত্তৰ : অলিণ্ড।

১৭) প্ৰশ্ন : মানুহৰ হৃদপিণ্ডৰ যি অংশটোৱে তেজ প্ৰেৰকৰ কাম কৰে সেই অংশটোৰ নাম কি?

উত্তৰ : নিলয়।

১৮) প্ৰশ্ন : হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন কলালৈ তেজৰ প্ৰৱাহ বোৱাই নিয়া ৰক্তবাহক নলী (শিৰা) ক কি বোলে?

উত্তৰ : ধমনী।

১৯) প্ৰশ্ন : শিৰা কাক বোলে?

উত্তৰ : যি ৰক্তবাহকৰ দ্বাৰা মানৱ দেহৰ বিভিন্ন কলাৰ পৰা হৃদপিণ্ডৰ তেজ ঘূৰি যায় তাকে শিৰা বোলে।

২০) প্ৰশ্ন : নেফ্ৰন কাক বোলে?

উত্তৰ : বৃক্কৰ গঠনগত আৰু কাৰ্যগত এককৰ নামেই হ’ল নেফ্ৰন।

২১) প্ৰশ্ন : মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?

উত্তৰ : যকৃত।

২২) প্ৰশ্ন : উদ্দীপক মানে কি?

উত্তৰ : পৰিৱেশৰ যি অৱস্থাত পৰিৱৰ্তনৰ ফলত জীৱদেহত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাকে উদ্দীপক বোলে।

২৩) প্ৰশ্ন : আহাৰ কাক বোলে?

উত্তৰ : যি বস্তু খালে শৰীৰৰ গঠন আৰু বৃদ্ধি সাধন হয় তথা শৰীৰে শক্তি লাভ কৰে তেনে খাদ্যক আহাৰ বোলে।

২৪) প্ৰশ্ন : মানুহে শ্বাস-প্ৰশ্বাস লয় কিয়?

উত্তৰ : মানুহে তেজৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ উলিয়াই দি অক্সিজেন গেছ গ্ৰহণ কৰিবলৈ শ্বাস-প্ৰশ্বাস লয়।

২৫) প্ৰশ্ন : ভোক লাগে কিয়?

উত্তৰ : শৰীৰত খাদ্যৰ অভাৱ হ’লে ভোক লাগে।

২৬) প্ৰশ্ন : মানুহৰ ভাগৰ লাগে কিয়?

উত্তৰ : শৰীৰত থকা পেশী বা স্নায়ুৰ কৰ্মশক্তি শেষ হ’লেই ভাগৰ লাগে।

২৭) প্ৰশ্ন : স্নায়ু কেইবিধ?

উত্তৰ : তিনিবিধ।

২৮) প্ৰশ্ন : গৰুৰ নাক ঘামেকিয়?

উত্তৰ : শ্বেদ গ্ৰন্থিৰ সহায়ত শৰীৰৰ ঘাম নিৰ্গত হয়। নাকৰ বাহিৰে আন ক’তো গৰুৰ দেহত শ্বেদগ্ৰন্থি নথকা বাবে গৰুৰ নাক ঘামে।

২৯) প্ৰশ্ন : মানুহৰ চুলি পকে কিয়?

উত্তৰ : চুলিৰ গুৰিত এবিধ ৰঞ্জক পদাৰ্থ থাকে। নানা কাৰণত এই ৰঞ্জক পদাৰ্থ শুকাই যায়। সেয়ে মানুহৰ চুলি পকে।

৩০) প্ৰশ্ন : নখ বা চুলি কাটিলে দুখ পোৱা নাযায় কিয়?

উত্তৰ : নখ বা চুলিত স্নায়ু নথকা কাৰণে নখ বা চুলি কাটিলে দুখ পোৱা নাযায়।

৩১) প্ৰশ্ন : মুখেৰে উশাহ ল’লে আমি গোন্ধ নাপাওঁ কিয়?

উত্তৰ : ঘ্ৰাণ স্নায়ু নালত থাকে। মুখত নাথাকে বাবে মুখেৰে গোন্ধ নাপাওঁ।

৩২) প্ৰশ্ন : বহুত সময় একেথৰে চাই থাকিলে চকুৰে পানী বৈ আহে কিয়?

উত্তৰ : বহুত সময় একেথৰে চাই থাকিলে চকুৰ স্নায়ু সমূহত উত্তেজনাৰ সৃষ্টি হয়। সেয়ে চকুৰ অশ্ৰু গ্ৰন্থিৰ পৰা পানী বৈ আহে।

৩৩) প্ৰশ্ন : চকু নাচে কিয়?

উত্তৰ : কোনো কাৰণত তেজ চলাচলত বাধা পালে চকুৰ আৱৰণ নাইবা চকুৰ পতাৰ মাংসপেশী কঁপিবলৈ ধৰে। এই স্পন্দনকে চকু নচা বোলে।

৩৪) প্ৰশ্ন : মানুহ কুকুৰীকণা হয় কিয়?

উত্তৰ : কোনো কাৰণত চকুৰ ‘বড’ কোষবোৰ ক্ষতিগ্ৰস্ত হ’লে বা সিহঁতৰ কাৰ্য-ক্ষমতা হ্ৰাস পালে মানুহ কুকুৰীকণা হয়।

৩৫) প্ৰশ্ন : ভয় খালে নাইবা আনন্দিত হ’লে মানুহৰ গাৰ নোম শিঁয়ৰি উঠে কিয়?

উত্তৰ : ভয় খালে বা আনন্দিত হ’লে মানুহৰ মগজুত থকা স্নায়ু উত্তেজিত হয়। ফলত নোমৰ গুৰিৰ পেশীৰ গাতো সংকোচন ঘটে বাবেই গাৰ নোম শিঁয়ৰি উঠে।

৩৬) প্ৰশ্ন : হামি আহে কিয়?

উত্তৰ : শৰীৰত ক্লান্তি বোধ হ’লে নাইবা টোপনি ধৰিলে তেজত অক্সিজেনৰ অভাৱ ঘটিবলৈ ধৰে। তেতিয়াই হামি আহে।

৩৭) প্ৰশ্ন : ভয় খালে মুখ শেঁতা পৰে কিয়?

উত্তৰ : কোনো কাৰণত মনত ভয় লাগিলে হৃদপিণ্ডৰ তেজ সঞ্চালনৰ ক্ৰিয়া সাময়িকভাৱে বন্ধ হৈ পৰে। ফলত মুখমণ্ডল তেজৰ অভাৱত শেঁতা পৰে।

৩৮) প্ৰশ্ন : পিয়াহ লাগে কিয়?

উত্তৰ : শৰীৰত কোনো কাৰণত পানীৰ অভাৱ ঘটিলে পাকস্থলীৰ নিউমেগাষ্টিক স্নায়ু উত্তেজিত হৈ পৰে বাবেই পিয়াহ লাগে।

৩৯) প্ৰশ্ন : গাৰ উত্তাপৰ লগত নাড়ীৰ সম্বন্ধ কি?

উত্তৰ : সাধাৰণতে গাৰ উত্তাপ ১০ বাঢ়িলে নাড়ীৰ স্পন্দন ১০ বাৰ বাঢ়ে।

৪০) প্ৰশ্ন : হৃদপিণ্ড কেতিয়াবা বন্ধ হয়নে?

উত্তৰ : মানুহ নমৰা লৈকে হৃদপিণ্ড বন্ধ নহয়।

Share:

2 comments:

  1. Very interesting . আমি ইয়াৰ পৰা বহুত কথা জানিব পাৰিম ।

    ReplyDelete

Popular Posts