Sunday, August 4, 2019

আন্তৰ্জাতিক বন্ধুত্ব দিৱস (International Friendship Day)

আন্তৰ্জাতিক বন্ধুত্ব দিৱস (International Friendship Day)

ইতিহাস:-

১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধু সকলক কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়। ১৯৩৫ চনত মাৰ্কিন কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে পালন কৰা হব। সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদযাপিত দিনবোৰৰ ভিতৰত অন্যতম ৰূপ স্বীকৃতি পায়। অতি শীঘ্ৰে ই জনপ্ৰিয় হৈ পৰে আৰু আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা ১৯৫৮ চনৰ ২০ জুলাই ডঃ আৰ্টেমিঅ ব্ৰাচ'(Artemio Bracho) দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া তেওঁৰ বন্ধু সকলৰ লগত পুয়েৰ্তো পিনাক্স'ত (আচোনচিয়ন, পাৰাগুৱেৰ পৰা প্ৰায় ২০০ মাইল দূৰত নদীৰ পাৰত অৱস্থিত এখন চহৰ) ৰাতিৰ আহাৰ কৰি আছিল। বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয়। ১৯৫৮ চনত প্ৰথম আন্তৰ্জাতিক বন্ধুত্ব দিৱস ৩০ জুলাই কৰাৰ বাবে প্ৰস্তাৱিত হৈছিল। ২৭ এপ্ৰিল ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ৩০ জুলাই Official International Friendship Day ঘোষিত হয়৷ ভাৰতসহ কিছু দেশে আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰা হয়৷

Share:

0 comments:

Post a Comment

Popular Posts