Monday, August 19, 2019

১৯ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )

✍ আজি ইংৰাজী ২০১৯ চনৰ আগষ্ট মাহৰ ১৯ তাৰিখ,সোমবাৰ।বছৰটোৰ ২৩১তম দিন।বছৰটো শেষ হ'বলৈ আৰু ১৩৪ দিন বাকী। অসমীয়া লেখেৰে ১৯৪১ শকৰ ভাদ মাহৰ ১ তাৰিখ।
******************************************

✍ আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।

✍ ১৮৮০ চনৰ আজিৰ দিনটোতে জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয়।লেখক,শিক্ষক, অভিনেতা বৰুৱাই ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুস্থিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনত সভাপতিত্ব কৰিছিল।

✍ ১৯০৪ চনৰ আজিৰ দিনটোতে কবি,গীতিকাৰ, নাট্যকাৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম হয়।

✍ ১৯২৬ চনৰ আজিৰ দিনটোতে কবি, সাহিত্যিক,অনুবাদক আৰু প্ৰশাসনিক বিষয়া সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত অজিত বৰুৱাৰ জন্ম হয়।

✍ ১৯১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ নৱম জন ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাৰ জন্ম হয়।

✍ ১৯০৭ চনৰ আজিৰ দিনটোতে হিন্দী ঔপন্যাসিক, সমালোচক হাজাৰি প্ৰসাদ দ্বিবেদীৰ জন্ম হয়।

✍ ১৭৫৭ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পাণীয়ে ভাৰতত ১ টকীয়া মূদ্ৰা সাজি উলিয়াই।

✍ ১৯৪৯ চনৰ আজিৰ দিনটোতে ভূৱনেশ্বৰক ঊৰিষ্যাৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।

✍ ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন প্ৰসিদ্ধ শ্বুটাৰ বিজয় কুমাৰৰ জন্ম হয়।২০১২ চনৰ লণ্ডণ অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিদ ফায়াৰ পিষ্টল শাখাত তেখেতে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

✍ ‍১৯৩০ চনৰ আজিৰ দিনটোতে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। সেই সময়ত এই মহাবিদ্যালয়ৰ নাম আছিল উজনি অসম মহাবিদ্যালয়।সেই সময়ত এইখনেই আছিল উজনি অসমৰ একমাত্ৰ মহাবিদ্যালয়।১৯৩৮ চনৰ ২৫ জুন তাৰিখে মহাবিদ্যালয় খনৰ পুণৰ নামাকৰণ কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয় বুলি ঘোষণা

🙏 ধন্যবাদ 🙏

Share:

0 comments:

Post a Comment

Popular Posts