Sunday, August 18, 2019

১৮ আগষ্ট ( আজিৰ দিনটোৰ বিশেষ ঘটনাৱলী )

🙏সুপ্ৰভাত🙏

✍ আজি ইংৰাজী ২০১৯ চনৰ আগষ্ট মাহৰ ১৮ তাৰিখ, দেওবাৰ। বছৰটোৰ ২৩০তম দিন।বছৰটো শেষ হ'বলৈ আৰু ১৩৫ দিন বাকী। অসমীয়া লেখেৰে ১৯৪১ শকৰ শ‍াওণ মাহৰ ৩২ তাৰিখ।
**********************************************

✍ আজি মেচিডনিয়াৰ সশস্ত্ৰ বাহিনী দিৱস।

✍ আজি ইণ্ডোণেছিয়াৰ সংবিধান দিৱস।

✍ আজি থাইলেণ্ডৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

✍ ১৯৮০ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী জেৰিফা ৱাহিদৰ জন্ম হৈছিল।

✍ আজি প্ৰথম গৰাকী অসমীয়া আধুনিক অসমীয়া কবি অমূল্য বৰুৱাৰ স্মৃতি দিৱস।

✍ ১৯০০ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম গৰাকী সভানেত্ৰী তথা প্ৰথম গৰাকী ভাৰতীয় বিজয়লক্ষ্মী পণ্ডিতৰ জন্ম হয়। ১৯৫৩ চনৰ ১৫ চেপ্তেম্বৰৰ পৰা ১৯৫৪ চনৰ ২‍১ চেপ্তেম্বৰ তাৰিখলৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল।

✍ ২০০০ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, স্বাধীনতা সংগ্ৰামী, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক,ৰাজনীতিবিদ, শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হয়।

✍ ১৯৮৮ চনৰ আজিৰ দিনটোতে আৱাহন যুগৰ গল্পকাৰ দীননাথ শৰ্মাৰ মৃত্যু হয়।

✍ ১৯৪৫ চনৰ আজিৰ দিনটোতে টাইৱানত এক প্লেন দুৰ্ঘটনাত সুভাষচন্দ্ৰ বসু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।পিছত এক স্থানীয় চিকিৎসালয়ত তেখেতৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা হয়। যদিও তেখেতৰ মৃত্যু ৰহস্যৰ আৱৰ্তত তেখেতৰ মৃত্যু দিৱস হিচাপে আজিৰ দিনটো পালন কৰা হয়।

✍ ১৯৫৮ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ব্ৰজেন দাসে এক প্ৰতিযোগিতাত ইংলিছ চেনেল সাঁতুৰি পাৰ হয়। তেখেতে প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।তেখেত ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম জন বাঙালী তথা প্ৰথমজন এচিয় লোক। আনহাতে ইংলিছ চেনেল ছবাৰকৈ সাঁতুৰি পাৰ হোৱা প্ৰথমজন ব্যক্তি।

✍ ১৮০০ চনৰ আজিৰ দিনটোতে কলকাতা(বৰ্তমানৰ কলিকতা)ত লৰ্ড ৱেলেছলিৰ দ্বাৰা ফ'ৰ্ট উইলিয়াম মহাবিদ্যালয় স্থাপন কৰা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ ১৮৫৪ চনত মহাবিদ্যালয় খন বন্ধ হয়।

✍ ২০০৪ চনৰ আজিৰ দিনটোত এথেন্স অলিম্পিকত ভাৰতৰ ৰাজ্যবৰ্ধন ৰাথোৰে শ্বুটিঙত ৰূপক পদ অৰ্জন কৰিবলৈ সক্ষম হয়।

✍ ১৮৬৪ চনৰ আজিৰ দিনটোতে সমাজ সেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰে'ডক্ৰছ গঠন কৰা হয়।

🙏 ধন্যবাদ 🙏

Share:

0 comments:

Post a Comment

Popular Posts