■দেওবাৰ মানেই বন্ধৰ দিন। সমগ্র বিশ্বৰ প্ৰতিখন
দেশৰ চৰকাৰ তথা ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহে দেওবাৰৰ দিনটোক বন্ধৰ দিন হিচাপে পালন কৰি আহিছে। দেওবাৰৰ দিনটো বাৰু প্রথমে কোনে বন্ধৰ দিন হিচাপে ঘােষণা কৰিছিল? এই প্রশ্নৰ উত্তৰ পাবলৈ আমি উভতি যাব লাগিব কেইবাশ বছৰ আগলৈ।
■৩১২ খ্রীষ্টাব্দত তেতিয়াৰ ৰােম সাম্রাজ্যৰ সম্রাট কনষ্টানটাইনে এই কথা মন কৰিছিল যে তেওঁৰ ৰাজ্যৰ লােকসকলে সপ্তাহৰ সাতােটা দিনেই কাম কৰি ভাগৰি পৰে। সেইবাবেই তেওঁ সপ্তাহৰ এটা বিশেষ দিন প্রজাৰ বাবে বন্ধৰ দিন হিচাপে ঘােষণা কৰাৰ কথা চিন্তা কৰিছিল।
■ সেই মর্মে দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে ঘােষণা কৰিবলৈ সম্রাট কনষ্টানটাইনে ৩১২ খ্রীষ্টাব্দতেই এখন বিশেষ আইন প্রণয়ন কৰিছিল। ৰােমান সাম্ৰাজ্যত সেই আইন প্রণয়ন কৰাৰ পিছৰে পৰাই দেওবাৰৰ দিনটো সমগ্র বিশ্বজুৰি বন্ধৰ দিন হিচাপে পালন কৰি অহা হৈছে।
■ আমাৰ ভাৰতবৰ্ষত দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে ইংৰাজসকলেই প্রথমে প্রচলন কৰিছিল।
Saturday, August 17, 2019
Popular Posts
-
TET Result 2025 – Check Assam TET cum Recruitment Test Merit List TET Result 2025 Directorate of Secondary Education (DSE), Assam recently ...
-
TET Result 2025 – Assam GT/PGT TET Results on 23rd June 2025 TET Result 2025 Directorate of Secondary Education (DSE), Assam recently condu...
-
ক্ৰিয়া পদ (Verb) সংজ্ঞা: যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে । ক্ৰিয়া পদৰ ভাগ: ১) বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নো...
0 comments:
Post a Comment
If you have any doubt, please let me know