Wednesday, December 25, 2019

ইতিহাসৰ পাতত আজিৰ দিনটো


👉 আজি ২০১৯ চনৰ ডিচেম্বৰ মাহৰ ২৫ তাৰিখ, বুধ বাৰ। বছৰটোৰ ৩৫৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৬ দিন বাকী। অসমীয়া লেখেৰে ১৯৪১ শকৰ পুহৰ ৮ তাৰিখ।
********************************************
✍ আজি বৰদিন 🎄। যীশু খ্ৰীষ্টৰ জন্ম দিনটোক সোঁৱৰি পৃথিৱী জুৰি এই দিৱস পালন কৰা হয়।
✍ আজি ভাৰত চৰকাৰৰ সু-প্ৰশাসন দিৱস। নৰেন্দ্ৰ মোডী চৰকাৰে ২০১৪ চনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসটো সু-প্ৰশাসন দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।
✍ আজি টাইৱানত সংবিধান দিৱস।
✍ আজি ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰীৰ জন্ম দিন। ১৯২৪ চনৰ আজিৰ দিনটোত তেখেতৰ জন্ম হয়। তেখেত তিনি বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হয়। তেখেতে ‍১৯৯৬ চনত ১৩ দিনৰ বাবে, ১৯৯৮ ৰ পৰা ১৯৯৯ চনলৈ ১৩ মাহৰ বাবে আৰু ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ সম্পূৰ্ণ পাঁচ বছৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদ অলংকৃত কৰে।২০১৫ চনত তেখেতক ভাৰতৰ শ্ৰেষ্ঠ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে সন্মানিত কৰা হয়।
✍ ১৯৯৪ চনৰ আজিৰ দিনটোত ভাৰতৰ সপ্তম জন ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিঙৰ মৃত্যু হয়। ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থাকে।
✍ ১৮৬১ চনৰ আজিৰ দিনটোত পণ্ডিত মদন মোহন মালব্যৰ জন্ম হয়।ভাৰতৰ স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিক লোৱা পণ্ডিত মদন মোহন মালব্যই তিনি বাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদ অলংকৃত কৰিছিল।১৯১৬ চনত তেখেতে বেনাৰছ হিন্দু বিশ্ববিদ্যালয় প্ৰতিস্থা কৰিছিল। ১৯১৯ চনৰ পৰা ১৯৩৮ চনলৈ তেখেতে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯০৯ চনত তেখেতে The leader নামৰ এখন ইংৰাজী বাতৰি কাকত প্ৰকাশিত কৰে। ১৯২৪ চনৰ পৰা ১৯৪৬ চনলৈ তেখেত Hindustan times ৰ অধ্যক্ষ হিচাপে আছিল।
✍ আজি পাকিস্তানৰ পিতৃ তথা ১৯১৩ চনৰ পৰা ১৯৪৭ চনৰ ১৪ আগষ্টলৈ সৰ্ব ভাৰতীয় মুছলিম লীগৰ নেতা মহম্মদ অালি জিন্নাৰ জন্ম দিন। পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল জিন্নাৰ জন্ম হৈছিল ১৮৭৬ চনৰ আজিৰ দিনটোত। তেখেতৰ জন্ম দিনটো পাকিস্তানত ৰাষ্ট্ৰীয় বন্ধ দিৱস হিচাপে পালন কৰা হয়।
✍ ১০০০ চনৰ আজিৰ দিনটোতে হাঙ্গেৰী প্ৰতিস্থা কৰা হয়।
✍ ছাৰ ছাৰ্লচ স্পেন্সাৰ চেপলিন অৰ্থাৎ ইংলিছ কৌতুক অভিনেতা,চিত্ৰ নিৰ্মাতা চাৰ্লি চেপলিনৰ ১৯৭৭ চনৰ আজিৰ দিনটোতে মৃত্যু হয়।

Share:

0 comments:

Post a Comment

Popular Posts