Showing posts with label News. Show all posts
Showing posts with label News. Show all posts

Thursday, October 8, 2020

২০২১ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সবিশেষ


* ২০২১ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীৰ অন্তিম সপ্তাহত অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে সিদ্ধান্তগ্ৰহণ কৰিছে৷
* ১নৱেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰ-পত্ৰ পূৰণ৷
*  প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ৩০ নৱেম্বৰ৷ সকলো শিক্ষানুষ্ঠানে ১৫ ডিচেম্বৰৰ ভিতৰত জমা কৰিব লাগিব নথিসমূহ।
Share:

Monday, September 7, 2020

IPL2020: আপোনাৰ প্ৰিয় দলে কেতিয়া আৰম্ভ কৰিব অভিযান? আহি গ’ল IPL 2020 ৰ সময়সূচী ।

IPL2020: আপোনাৰ প্ৰিয় দলে কেতিয়া আৰম্ভ কৰিব অভিযান? আহি গ’ল IPL 2020 ৰ সময়সূচী ।


অপেক্ষাৰ অৱসান ঘটিল। অৱশেষত প্ৰকাশিত হ’ল IPL2020ৰ পূৰ্ণাংগ সূচী। শনিবাৰেই আই পি এলৰ চেয়াৰমেন ব্ৰিজেশ পাটেলে জনাইছিল যে, ৬ ছেপ্তেম্বৰত প্ৰকাশিত হ’ব আই পি এলৰ সময়সূচী।  প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ১৩ দিন আগতেই পূৰ্ণাংগ তালিকা প্ৰকাশ কৰিলে বিচিচিআইয়ে ।


এইবাৰ বহু বাধা নেওচি বিচিচিআইয়ে অনুষ্ঠিত কৰিছে আই পি এল। প্ৰথমখন
 মেচ অনুষ্ঠিত হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত।

Share:

Sunday, August 23, 2020

অৰুণোদয়’ আঁচনিৰ সবিশেষ তথ্য আৰু নিয়মাৱলী

অৰুণোদয়’ আঁচনিৰ সবিশেষ তথ্য আৰু নিয়মাৱলী ।
পৰিয়াললৈ মাহে ৮৩০ টকা,
প্ৰকাশ হ’ল ‘অৰুণোদয়’ আঁচনিৰ সবিশেষ
দ্য ষ্টেটমেন্ট : ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা পৰিয়াললৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮৩০ টকাৰ মাহিলী সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল ৷ সেইমতে, ৰাজ্য চৰকাৰে ‘অৰুণোদয়’ আঁচনিৰ সবিশেষ তথ্য আৰু নিয়মাৱলী প্ৰকাশ কৰিছে।
বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ ১৫২ৰ পৰা ১৬৭ দফালৈ উল্লেখ কৰা অষ্টাদশী মুকুতাৰ মালা শিতানৰ অধীনত ‘অৰুণোদয়’ আঁচনিৰ আৰম্ভণি কৰা হৈছে ৷ আৰ্থিকভাৱে পিছপৰা প্ৰতিটো পৰিয়াললৈ মাহিলী হিচাপত ৮৩০ টকাকৈ প্ৰত্যক্ষ লাভ ট্ৰান্সফাৰ(Direct Benefit Transfer)ৰ জৰিয়তে নগদ টকা আগবঢ়োৱা হ’ব ৷
কি নিয়মাৱলী প্ৰকাশ কৰিলে ৰাজ্য চৰকাৰে?
👉 আঁচনিৰ হিতাধিকীৰ ‘পৰিয়াল’ৰ যিগৰাকী মহিলাই ধন লাভ কৰিব, তেওঁৰ বয়স ১৮ বছৰতকৈ কম হ’ব নালাগিব ৷ 
👉প্ৰতিটো সমষ্টিৰ ১৫,০০০ পৰিয়ালক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব ৷ যদি বিধানসভা সমষ্টিৰ জনসংখ্যা ২ লাখতকৈ অধিক হয় তেন্তে সেই সমষ্টিৰ ১৭,০০০ পৰিয়ালক হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট কৰা হ’ব ৷ 👉প্ৰতিমাহে ঔষধ ক্ৰয়ৰ বাবে ৪০০ টকা, ৫০% ৰাজসাহায্যত ৪ কিলোগ্ৰাম দালি ক্ৰয় কৰাৰ বাবে ২০০ টকা, ৫০% ৰাজসাহায্যত ৪ কিলোগ্ৰাম চেনি ক্ৰয় কৰাৰ বাবে ৮০ টকা, পাচলি আৰু ফল-মূল ক্ৰয়ৰ বাবে ১৫০ টকা , মুঠ ৮৩০ টকাকৈ প্ৰতিটো পৰিয়ালক প্ৰতিমাহে প্ৰদান কৰা হ’ব ৷ 
👉 প্ৰথমাৱস্থাত প্ৰতিটো সমষ্টিৰ ১৫,০০০ পৰিয়ালকৈ মুঠ ১৯ লাখ পৰিয়াললৈ এই সাহায্য আগবঢ়োৱা হ’ব 👉হিতাধিকাৰী পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব ৷ 
👉 হিতাধিকাৰীৰ বেংক একাউন্ট থকাটো বাধ্যতামূলক ৷ যদি বেংক একাউন্ট নাথাকে, তেন্তে আৱেদন পূৰোৱাৰ আগে আগে বেংক একাউন্ট খুলিব লাগিব ৷ 
👉যিবোৰ পৰিয়ালত বিধৱা, বিবাহ বিচ্ছেদ কৰা মহিলা, অবিবাহিত মহিলা বা বিশেষভাৱে সক্ষম লোক আছে, তেওঁলোকক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব ৷
👉যদি কোনো পৰিয়ালত মহিলা সদস্য নাথাকে, তেনে পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ নকৰিব ৷ 
👉চাকৰিয়াল, অৱসৰপ্ৰাপ্ত চাকৰিয়াল, চিকিৎসক, অভিযন্তা, উকীল, চৰকাৰী বিষয়া আদি পৰিয়ালৰ লোক থকা কোনো পৰিয়ালেই আঁচনিত অন্তৰ্ভুক্ত নহ’ব ৷ 
👉১৫ বিঘাতকৈ বেছি মাটি থকা খেতিয়ক পৰিয়াল, ট্ৰেক্টৰ থকা পৰিয়াল, যিকোনো চাৰিচকীয়া বাহন থকা পৰিয়াল, ৰিফ্ৰিজাৰেটৰ , ৱাচিং মেচিন বা এয়াৰ কণ্ডিশ্যনাৰ থকা পৰিয়ালে আঁচনিৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব ৷ 
👉প্ৰয়োজনীয় সকলো নীতি নিয়ম প্ৰযোজ্য হোৱাৰ শেষ তাৰিখ  ১ এপ্ৰিল, ২০২০ হিচাপে ধৰা হ’ব ৷ আৰু অহা এবছৰলৈ এই আঁচনি প্ৰযোজ্য হৈ থাকিব ৷ মানে ৩১ মাৰ্চ, ২০২১লৈ আঁচনি বাহাল থাকিব ৷ 
👉হিতাধিকাৰী পৰিয়ালৰ তালিকা প্ৰস্তুত কৰিবলৈ প্ৰতি জিলাত চাৰিগৰাকীকৈ ‘অৰুণোদয় সহায়ক’ নিযুক্তি দিয়া হ’ব ৷ 
তেওঁলোকক প্ৰতিমাহে ১৫ হাজাৰ টকা প্ৰদান কৰা হ’ব ৷ আঁচনিৰ নিৰীক্ষণৰ বাবে এখন ডিষ্ট্ৰিক্ট লেভেল মণিটৰিং কমিটি স্থাপন কৰা হ’ব আৰু উপায়ুক্ত, বিধায়ক, জিলা কমিশ্যনাৰ, অতিৰিক্ত উপায়ুক্ত, জিলা পৰিষদৰ চি ই অ’ আৰু অসম চৰকাৰে নিযুক্ত কৰা তিনিজন ব্যক্তি এই কমিটিৰ সদস্য হ’ব৷

Share:

Tuesday, July 14, 2020

কোভিড প’জিটিভ ৰোগীক ঘৰতে পাৰিব ৰাখিব; হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিলে চৰ্ত ।

কোভিড প’জিটিভ ৰোগীক ঘৰতে পাৰিব ৰাখিব; হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিলে চৰ্ত
হিমন্তৰ ঘোষণা: চাৰিটা চৰ্ত মানিলে আপুনি কোভিড ৰোগী হ’লেও থাকিব পাৰিব ঘৰত ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ঘৰত থাকিব বিচৰা কোভিড ৰোগী সকলক চাৰিটা চৰ্ত বান্ধি দিছে ।
উক্ত চৰ্ত চাৰিটা যদিহে ৰোগী সকলে মানি চলে তেন্তে তেওঁলোক ঘৰতে থাকিব পাৰিব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

মন্ত্ৰী শৰ্মাই বান্ধি দিয়া চৰ্ত চাৰিটা হ’ল-

১) ফ্লেটৰ কাৰো আপত্তি থাকিব নোৱাৰিব বা ওচৰ চুবুৰীয়াৰ কাৰো আপত্তি থাকিব নোৱাৰিব।

২) ৰোগী গৰাকীৰ ঘৰত বৃদ্ধ মাক দেউতাক বা বৃদ্ধ লোক থাকিব নোৱাৰিব।

৩) ৰোগীজনৰ লগত একোজন প্ৰাইভেট ডাক্তৰ থাকিব লাগিব। তেওঁ তিনিঘণ্টাৰ মূৰে মূৰে উশাহ নিশাহত অক্সিজেনৰ পৰিমাণ জুখিব লাগিব।

৪) ২৪ ঘণ্টা এজন ড্ৰাইভাৰ আৰু ৰোগীগৰাকীক জৰুৰী অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাবলৈ এখন বাহন মজুত থাকিব লাগিব।

স্বাস্থ্য বিভাগৰ লগত এই চাৰিটা চৰ্ত মানি চলিব বুলি চুক্তি স্বাক্ষৰ কৰিব লাগিব বুলি হিমন্তই সংবাদমেলত জনায়।
Share:

Thursday, June 18, 2020

ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি গঠন হল সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা ।

ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি গঠন হল সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা ।

ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি কেইদিন আগতে গঠন কৰা হল সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা । অসমৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যথেষ্ট অৰিহণা আছে। ব্যক্তিগত বিদ্যালয় সমুহৰ ভিতৰত জাতীয় বিদ্যালয় , শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনকে ধৰি ব্যক্তিগতভাৱে পৰিচালিত অন্যান্য বিদ্যালয়ৰ সহিতে এতিয়া অসমত প্রায় দহ হাজাৰতকৈ অধিক বিদ্যালয় আছে। অসমৰ এই ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ শিক্ষক সকলে গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি উন্নত মানদণ্ডৰ ফলাফল দি আহিছে। ১৯৯৬ চনত গঠিত হোৱা অসম গণ পৰিষদৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত এক বুজাবুজি চুক্তিৰ দ্বাৰা অসমত দহ বছৰলৈ সকলো ধৰণৰ নিযুক্তি বন্ধ কৰাত এই সময়ত  অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা উচ্চ ডিগ্ৰী লৈ ওলাই অহা সহস্ৰাধিক নিবনুৱাই নুন্যতম পাৰিশ্ৰমিকেৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিয়োজিত হৈ নিবনুৱা সমস্যা সমাধানৰ প্ৰয়াস কৰাৰ লগতে অসমৰ শিক্ষা জগতৰ এক আমোল পৰিবৰ্তন আনিলে। ব্যক্তিগত খণ্ডৰ এই দুৰ্ভগীয়া শিক্ষক সকলে পাৰিশ্ৰমিকৰ সমস্যা, চৰকাৰী পক্ষৰ অৱহেলা, মালিক পক্ষৰ বিভিন্ন ধৰনৰ অজুহাতকো আওকান কৰি একমাত্ৰ পৰিয়াল পোহপাল দিয়াৰ বাবেই কায্য সম্পাদন কৰি আছে। বৰ্তমান লকডাউনৰ সময়ত কোনো চৰকাৰৰ ফালৰ পৰাও কোনো ধৰনৰ সাহায্য নাপাই শিক্ষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । এইসকল শিক্ষকৰ সৌ তাহিনিৰ পৰা আজিলৈ দেখা দিয়া দৰমহাৰ সমস্যা , ছাত্ৰ ছাত্ৰীৰ মাছুল গুৱাহাটী মহানগৰ আৰু অন্যান্য গ্ৰামাঞ্চলৰ এক বৃহৎ পাথক্য আছে । সেয়ে মাছুলৰ সমতূল্য নীতি প্ৰস্তত কৰা , ষাঠি বছৰলৈকে এই শিক্ষক সকলক মালিক পক্ষই জীৱন আৰু জীৱিকাৰ নিৰাপত্তা , নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি যোগান , মহিলা কৰ্মচাৰী সকলৰ বাবে চৰকাৰী নীতি অনুসৰি প্ৰসুতি কালিন ছুটী পোৱাৰ ব্যৱস্থা আদি বিভিন্ন সমস্যা সমাধানৰ উদেশ্য আগত ৰাখি অসমৰ সমূহ জিলা সামৰি বিভিন্ন অঞ্চলৰ শিক্ষক সকলৰ ভিদিও কনফাৰেন্সৰ যোগে ১৩ জুন শণিবাৰে এখন বৈঠক অনুষ্ঠিত হৈ যায় । উক্ত বৈঠকত ভৱিষ্যতে এই শিক্ষক সকলৰ এই সমস্যা সমূহ সমাধানৰ বাবে সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা নামেৰে এক সন্থা জন্ম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি সেইদিনাই এখন কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । সমিতি খনত সভাপতি হিচাপে দায়িত্বত থাকে লখিমপুৰ জিলাৰ যাদৱ  বৰুৱা কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকে উত্তৰ গুৱাহাটীৰ প্ৰণৱ দাস, সাধাৰণ সম্পাদক হিচাপে বাক্সা জিলাৰ প্ৰণৱ কুমাৰ দাস আৰু মুখ্য সাংগঠনিক সম্পাদক ৰ দায়িত্বত থাকে নলবাৰীৰ লক্ষেশ্বৰ শৰ্মা । ইয়াৰ লগতে দুজন উপ সভাপতি , দুজন সহ সাধাৰণ সম্পাদক , এজন মুখ্য আহ্বায়ক , অসমৰ প্ৰতিখন জিলাৰ পৰা এজন কৈ জিলা তত্বাবধায়কৰ লগতে কাৰ্য্যনিৰ্বাহক সদস্য নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় সমিতি গঠনৰ পিছত ভবিষ্যতে জিলা, আঞ্চলিক পৰ্য্যায়তো এই সংগঠনটো সম্প্ৰসাৰিত কৰা হব বুলি সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ দাসে জানিবলৈ দিয়ে।
Share:

Tuesday, June 2, 2020

How to check SEBA HSLC Result 2020 কেনেকৈ চাব মেট্ৰিক পৰীক্ষাৰ ফলাফল ?

How to check SEBA HSLC Result 2020
কেনেকৈ চাব মেট্ৰিক পৰীক্ষাৰ ফলাফল ?
      শনিবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ছেবাৰ। পুৱা ৯ বজাত ঘোষণা হ’ব ফলাফল। এইবাৰ কেৱল অনলাইনযোগে ছাত্ৰ -ছাত্ৰীয়ে লাভ কৰিব ফলাফল। ফলাফলৰ বাবে ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।

পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ :

www.results.sebaonline.org

www.resultsassam.nic.in

www.examresults.netwww.examresults.net/assam

www.indiaresults.comexametc.com

www.newsnation.in

www.newsstate.com

https://iresults.netAssamjobAlerts.com

www.assamResult.in

www.results.siksha

www.assam.siksha আৰু

www.jagranjosh.com

ইয়াৰোপৰি SEBA Results 2020 এপত লাভ কৰিব ফলাফল। Googole paly storeৰ পৰা ডাউনলোড কৰিব পাৰিব এই এপ। এই এপত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল আৰু নাম্বাৰ মাৰিলে লাভ কৰিব ফলাফলৰ লগতে মাৰ্কশ্বীট। ছাত্ৰ–ছাত্ৰীসকলে এপত টাইপ কৰিব লাগিব ৰোল নাম্বাৰ, জন্মদিন আৰু চেণ্টাৰ নাম্বাৰ।
Share:

Saturday, May 9, 2020

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সাল-সলনি

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সাল-সলনি
ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত সাল-সলনি।
কামৰূপ জিলাত নতুন উপায়ুক্ত কৈলাশ কাৰ্তিক এন।
কামৰূপ জিলাৰ পূৰ্বৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক শিক্ষা বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব।
দৰং জিলাৰ নতুন উপায়ুক্ত দিলীপ কুমাৰ বৰা।
পূৰ্বৰ উপায়ুক্ত ঘনশ্যাম দাসক শ্ৰম বিভাগৰ আয়ুক্তৰ দায়িত্ব।
কোকৰাঝাৰৰ নতুন উপায়ুক্ত ভাস্কৰ ফুকন।
পূৰ্বৰ উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰক বন বিভাগৰ অতিৰিক্ত সচিব নিযু্ক্তি।
দেৱ কুমাৰ মিশ্ৰক পৰ্যটন উন্নয়ন নিগমৰ অতিৰিক্ত দায়িত্ব।
কাছাৰৰ উপায়ুক্ত বৰ্ণালী শৰ্মাকো বদলি।
শৰ্মাক ৰাজহ বিভাগৰ যুটীয়া সচিব নিযুক্ত।
Share:

Thursday, May 7, 2020

মহানগৰীত কোৰোনাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু

মহানগৰীত কোৰোনাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু

ডিজিটেল ডেস্কঃ মহানগৰীত কোৰোনা ভাইৰাছত আক্ৰান্ত এজনৰ মৃত্যু হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী। কিশোৰী গৰাকীৰ নাম দীপিকা বাছফৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত আহি পৰা নিৰ্ভৰযোগ্য খবৰ অনুসৰি, দীপিকাৰ আইতাক আছিল বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চাফাই কৰ্মী।

মালতী বাছফৰ নামৰ এই চাফাই কৰ্মীগৰাকীৰ সৈতে আছিল দীপিকা। বিৰুবাৰীত ঘৰ যদিও, আইতাকৰ সৈতে থকা দীপিকা জ্বৰ আৰু কোৰোনাজনিত উপসৰ্গই দেখা দিয়াত তেওঁক চিকিৎসকৰ ওচৰলৈ নিয়া হৈছিল।

১৩ বছৰীয়া দীপিকা বৃহস্পতিবাৰে দুপৰীয়া মৃত্যু হোৱাৰ পাছত তেওঁৰ দেহত কোভিড-১৯ৰ উপসৰ্গই দেখা দিয়াৰ বাবে তেওঁৰ কোভিড পৰীক্ষা কৰা হৈছিল । সেই পৰীক্ষাত দীপিকা কোভিড-১৯ত আক্ৰান্ত হোৱাতো নিশ্চিত হয়।

ইয়াৰ পাছতেই বি বৰুৱা কেন্সাৰ হাস্পতালৰ আবাসিক কলনীত বাস কৰা দীপিকাৰ আইতাক মালতী বাছফৰ আৰু তেওঁৰ পৰিয়ালৰ আন সকলক ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে। এই পৰ্যন্তলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ দ্বিতীয়গৰাকীৰ মৃত্যু হ’ল গুৱাহাটীত।
Share:

Tuesday, April 28, 2020

শৈক্ষিক দিনপঞ্জীৰ সালসলনি ঘটালে গুৱাহাটী বিশ্ববিদ্যালয়ে : নামভৰ্তি, পৰীক্ষাৰ সম্ভাব্য মাহ ঘোষণা

শৈক্ষিক দিনপঞ্জীৰ সালসলনি ঘটালে গুৱাহাটী বিশ্ববিদ্যালয়ে : নামভৰ্তি, পৰীক্ষাৰ সম্ভাব্য মাহ ঘোষণা

গুৱাহাটী : দেশত চলি থকা লকডাউনৰ বাবে শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক দিনপঞ্জীৰ সাল-সলনি কৰা হৈছে৷ কৰ’নাজনিত পৰিস্থিতিৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ লগতে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তিৰ দিনো সলনি কৰা হয়৷

স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ শেষ তাৰিখ ১৫ জুলাই কৰা হয় যদিও উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল হ’ব এই তাৰিখ৷ স্নাতকৰ দ্বিতীয়, চতুৰ্থ, ষষ্ঠ ষাণ্মাসিক পৰীক্ষা একেলগে অনুষ্ঠিত হ’ব জুলাই মাহত৷ প্ৰকল্পৰ ক্ষেত্ৰত পুথিভঁৰাল বা ই-পুথিভঁৰাল সম্পৰ্কীয় প্ৰকল্পক অনুমতি দিয়ে বিশ্ববিদ্যালয়ে৷ ইপিনে স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষা ১৫ আগষ্টৰ পাছত অনুষ্ঠিত হ’ব আৰু ৰৈ যোৱা অভ্যন্তৰীণ পৰীক্ষাসমূহ গৃহকৰ্মভিত্তিক হ’ব৷

আনহাতে, ২০২০-২১ বৰ্ষৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে হোৱাৰ লগতে স্নাতকোত্তৰ শ্ৰেণীৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ’ব ছেপ্টেম্বৰৰ পৰা৷ সকলো বি এড পৰীক্ষা জুলাইৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব৷ এল এল বি পৰীক্ষা আন স্নাতক শ্ৰেণীৰ পৰীক্ষাৰ দৰে হ’ব আৰু এম এড পৰীক্ষা আন স্নাতকোত্তৰ পৰীক্ষাৰ দৰে হ’ব বুলি জানিবলৈ দিয়া হৈছে৷
Share:

Popular Posts