Thursday, June 18, 2020

ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি গঠন হল সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা ।

ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি গঠন হল সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা ।

ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি কেইদিন আগতে গঠন কৰা হল সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা । অসমৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যথেষ্ট অৰিহণা আছে। ব্যক্তিগত বিদ্যালয় সমুহৰ ভিতৰত জাতীয় বিদ্যালয় , শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনকে ধৰি ব্যক্তিগতভাৱে পৰিচালিত অন্যান্য বিদ্যালয়ৰ সহিতে এতিয়া অসমত প্রায় দহ হাজাৰতকৈ অধিক বিদ্যালয় আছে। অসমৰ এই ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ শিক্ষক সকলে গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি উন্নত মানদণ্ডৰ ফলাফল দি আহিছে। ১৯৯৬ চনত গঠিত হোৱা অসম গণ পৰিষদৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত এক বুজাবুজি চুক্তিৰ দ্বাৰা অসমত দহ বছৰলৈ সকলো ধৰণৰ নিযুক্তি বন্ধ কৰাত এই সময়ত  অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা উচ্চ ডিগ্ৰী লৈ ওলাই অহা সহস্ৰাধিক নিবনুৱাই নুন্যতম পাৰিশ্ৰমিকেৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিয়োজিত হৈ নিবনুৱা সমস্যা সমাধানৰ প্ৰয়াস কৰাৰ লগতে অসমৰ শিক্ষা জগতৰ এক আমোল পৰিবৰ্তন আনিলে। ব্যক্তিগত খণ্ডৰ এই দুৰ্ভগীয়া শিক্ষক সকলে পাৰিশ্ৰমিকৰ সমস্যা, চৰকাৰী পক্ষৰ অৱহেলা, মালিক পক্ষৰ বিভিন্ন ধৰনৰ অজুহাতকো আওকান কৰি একমাত্ৰ পৰিয়াল পোহপাল দিয়াৰ বাবেই কায্য সম্পাদন কৰি আছে। বৰ্তমান লকডাউনৰ সময়ত কোনো চৰকাৰৰ ফালৰ পৰাও কোনো ধৰনৰ সাহায্য নাপাই শিক্ষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । এইসকল শিক্ষকৰ সৌ তাহিনিৰ পৰা আজিলৈ দেখা দিয়া দৰমহাৰ সমস্যা , ছাত্ৰ ছাত্ৰীৰ মাছুল গুৱাহাটী মহানগৰ আৰু অন্যান্য গ্ৰামাঞ্চলৰ এক বৃহৎ পাথক্য আছে । সেয়ে মাছুলৰ সমতূল্য নীতি প্ৰস্তত কৰা , ষাঠি বছৰলৈকে এই শিক্ষক সকলক মালিক পক্ষই জীৱন আৰু জীৱিকাৰ নিৰাপত্তা , নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি যোগান , মহিলা কৰ্মচাৰী সকলৰ বাবে চৰকাৰী নীতি অনুসৰি প্ৰসুতি কালিন ছুটী পোৱাৰ ব্যৱস্থা আদি বিভিন্ন সমস্যা সমাধানৰ উদেশ্য আগত ৰাখি অসমৰ সমূহ জিলা সামৰি বিভিন্ন অঞ্চলৰ শিক্ষক সকলৰ ভিদিও কনফাৰেন্সৰ যোগে ১৩ জুন শণিবাৰে এখন বৈঠক অনুষ্ঠিত হৈ যায় । উক্ত বৈঠকত ভৱিষ্যতে এই শিক্ষক সকলৰ এই সমস্যা সমূহ সমাধানৰ বাবে সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সংস্থা নামেৰে এক সন্থা জন্ম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি সেইদিনাই এখন কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । সমিতি খনত সভাপতি হিচাপে দায়িত্বত থাকে লখিমপুৰ জিলাৰ যাদৱ  বৰুৱা কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকে উত্তৰ গুৱাহাটীৰ প্ৰণৱ দাস, সাধাৰণ সম্পাদক হিচাপে বাক্সা জিলাৰ প্ৰণৱ কুমাৰ দাস আৰু মুখ্য সাংগঠনিক সম্পাদক ৰ দায়িত্বত থাকে নলবাৰীৰ লক্ষেশ্বৰ শৰ্মা । ইয়াৰ লগতে দুজন উপ সভাপতি , দুজন সহ সাধাৰণ সম্পাদক , এজন মুখ্য আহ্বায়ক , অসমৰ প্ৰতিখন জিলাৰ পৰা এজন কৈ জিলা তত্বাবধায়কৰ লগতে কাৰ্য্যনিৰ্বাহক সদস্য নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় সমিতি গঠনৰ পিছত ভবিষ্যতে জিলা, আঞ্চলিক পৰ্য্যায়তো এই সংগঠনটো সম্প্ৰসাৰিত কৰা হব বুলি সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ দাসে জানিবলৈ দিয়ে।
Share:

0 comments:

Post a Comment

Popular Posts