Thursday, May 7, 2020

মহানগৰীত কোৰোনাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু

মহানগৰীত কোৰোনাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু

ডিজিটেল ডেস্কঃ মহানগৰীত কোৰোনা ভাইৰাছত আক্ৰান্ত এজনৰ মৃত্যু হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী। কিশোৰী গৰাকীৰ নাম দীপিকা বাছফৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত আহি পৰা নিৰ্ভৰযোগ্য খবৰ অনুসৰি, দীপিকাৰ আইতাক আছিল বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চাফাই কৰ্মী।

মালতী বাছফৰ নামৰ এই চাফাই কৰ্মীগৰাকীৰ সৈতে আছিল দীপিকা। বিৰুবাৰীত ঘৰ যদিও, আইতাকৰ সৈতে থকা দীপিকা জ্বৰ আৰু কোৰোনাজনিত উপসৰ্গই দেখা দিয়াত তেওঁক চিকিৎসকৰ ওচৰলৈ নিয়া হৈছিল।

১৩ বছৰীয়া দীপিকা বৃহস্পতিবাৰে দুপৰীয়া মৃত্যু হোৱাৰ পাছত তেওঁৰ দেহত কোভিড-১৯ৰ উপসৰ্গই দেখা দিয়াৰ বাবে তেওঁৰ কোভিড পৰীক্ষা কৰা হৈছিল । সেই পৰীক্ষাত দীপিকা কোভিড-১৯ত আক্ৰান্ত হোৱাতো নিশ্চিত হয়।

ইয়াৰ পাছতেই বি বৰুৱা কেন্সাৰ হাস্পতালৰ আবাসিক কলনীত বাস কৰা দীপিকাৰ আইতাক মালতী বাছফৰ আৰু তেওঁৰ পৰিয়ালৰ আন সকলক ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে। এই পৰ্যন্তলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ দ্বিতীয়গৰাকীৰ মৃত্যু হ’ল গুৱাহাটীত।
Share:

1 comment:

Popular Posts