Tuesday, April 28, 2020

শৈক্ষিক দিনপঞ্জীৰ সালসলনি ঘটালে গুৱাহাটী বিশ্ববিদ্যালয়ে : নামভৰ্তি, পৰীক্ষাৰ সম্ভাব্য মাহ ঘোষণা

শৈক্ষিক দিনপঞ্জীৰ সালসলনি ঘটালে গুৱাহাটী বিশ্ববিদ্যালয়ে : নামভৰ্তি, পৰীক্ষাৰ সম্ভাব্য মাহ ঘোষণা

গুৱাহাটী : দেশত চলি থকা লকডাউনৰ বাবে শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক দিনপঞ্জীৰ সাল-সলনি কৰা হৈছে৷ কৰ’নাজনিত পৰিস্থিতিৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ লগতে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তিৰ দিনো সলনি কৰা হয়৷

স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ শেষ তাৰিখ ১৫ জুলাই কৰা হয় যদিও উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল হ’ব এই তাৰিখ৷ স্নাতকৰ দ্বিতীয়, চতুৰ্থ, ষষ্ঠ ষাণ্মাসিক পৰীক্ষা একেলগে অনুষ্ঠিত হ’ব জুলাই মাহত৷ প্ৰকল্পৰ ক্ষেত্ৰত পুথিভঁৰাল বা ই-পুথিভঁৰাল সম্পৰ্কীয় প্ৰকল্পক অনুমতি দিয়ে বিশ্ববিদ্যালয়ে৷ ইপিনে স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষা ১৫ আগষ্টৰ পাছত অনুষ্ঠিত হ’ব আৰু ৰৈ যোৱা অভ্যন্তৰীণ পৰীক্ষাসমূহ গৃহকৰ্মভিত্তিক হ’ব৷

আনহাতে, ২০২০-২১ বৰ্ষৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে হোৱাৰ লগতে স্নাতকোত্তৰ শ্ৰেণীৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ’ব ছেপ্টেম্বৰৰ পৰা৷ সকলো বি এড পৰীক্ষা জুলাইৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব৷ এল এল বি পৰীক্ষা আন স্নাতক শ্ৰেণীৰ পৰীক্ষাৰ দৰে হ’ব আৰু এম এড পৰীক্ষা আন স্নাতকোত্তৰ পৰীক্ষাৰ দৰে হ’ব বুলি জানিবলৈ দিয়া হৈছে৷
Share:

0 comments:

Post a Comment

Popular Posts