Tuesday, January 28, 2020

বড়ো শান্তি চুক্তি

 বড়ো শান্তি চুক্তিঃ             

: বড়ো আন্দোলনত নিহত হোৱা শ্বহীদ পৰিয়াললৈও ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ।

: বিটিএডি এতিয়াৰে পৰা হ’ব বিটিআৰ অৰ্থাৎ "বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ’ন।"

: পাৰ্বত্য অঞ্চলত বাস কৰা বড়ো লোকসকলক Hills Tribe বুলি ধৰা হ’ব।

: বিটিএডিৰ পূৰ্বৰ ৪০খন আসন বৃদ্ধি কৰি ৬০ খন কৰা হৈছে।

: আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলক নিযুক্তিৰ ক্ষেত্ৰতো এতিয়াৰে পৰা বিটিআৰ প্ৰশাসনৰ অনুমোদন ল’ব লাগিব।

: ইফালে ৬টাকৈ অতিৰিক্ত বিভাগৰ দায়িত্ব বিটিএডি প্ৰশাসনক দিয়া হ’ব।

: উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত বৰমাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।

: বিটিআৰ এলেকাত স্থাপন হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়।
ওদালগুৰিত স্থাপন হ’ব স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ কেন্দ্ৰ।

: নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট অৱ মেডিকেল চাইন্স স্থাপন কৰাৰ কথা ঘোষণা।
এইমছৰ দৰে হ’ব এইখন ইনষ্টিটিউট।

: হোটেল মেনেজমেন্ট ইনষ্টিটিউট স্থাপন কৰাৰ কথাও ঘোষণা।

: বড়োলেণ্ড মুভমেন্ট মেম’ৰিয়েল মিউজিয়াম স্থাপন কৰিব।
ওদালগুৰিত হ’ব নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি।
অতিৰিক্ত নৱোদয় বিদ্যালয়ো স্থাপন কৰিব চৰকাৰে।
তাৰ লগতে ৰৌতাত অৰ্গেনিক বিশ্ববিদ্যালয়, কুমাৰিকাটাত ভেটেনাৰী কলেজ, ইনষ্টিটিউট অৱ পেৰামেডিকেল এণ্ড নাৰ্ছিং স্থাপন, তামুলপুৰত কেন্সাৰ হাস্পতাল আদি স্থাপন কৰিব চৰকাৰে।

: বিৰছা মুণ্ডা কালছাৰেল চেন্টাৰ স্থাপন কৰিব।
স্বামী বিবেকানন্দ য়ুথ চেন্টাৰ স্থাপন কৰা হ’ব।
ভূপেন হাজৰিকা মেম’ৰিয়েল মাল্টি পাৰপাছ অডিটৰিয়াম স্থাপন কৰিব।

: চিৰাঙত স্থাপন কৰা হ’ব গোৰ্খা ভৱন।

: কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰাৰ লগতে বড়ো ভাষা চৰকাৰী সহযোগী ভাষা হ’ব।

: ৰাজ্য চৰকাৰে প্ৰতি বছৰে ২৫০ কোটি টকাকৈ তিনি বছৰৰ বাবে ৭৫০ কোটি দিব।
ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে বিটিআৰ উন্নয়নৰ বাবে ৭৫০ কোটি দিব।
মুঠ ১৫০০ কোটি টকাৰ আৰ্থিক পেকেজ বিটিআৰলৈ।

:বড়ো অধ্যূষিত_অঞ্চলসমূহ বিটিআৰত অন্তৰ্ভুক্ত আৰু বিটিচিত থকা অ_বড়ো_অধ্যুষিত অঞ্চলসমূহ কৰ্তনৰ বাবে গঠন হ’ব কমিটী।

: আৰ্থিক আৰু আন ক্ষমতাৰ বাবে সংবিধান সংশোধৰ পোষকতা।
Share:

0 comments:

Post a Comment

Popular Posts