Friday, December 27, 2019

আপুনি SBIৰ গ্ৰাহক নেকি? ১ জানুৱাৰীৰ পৰা সলনি হ’ব ATMৰ পৰা পইচা উলিওৱাৰ নিয়ম

দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে ATMৰ পৰা ধন উলিওৱাৰ নিয়মৰ ক্ষেত্ৰত কিছু সালসলনি ঘটাইছে। ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। অধিক উন্নত সুবিধা আৰু Fraud ATM Transactionৰ পৰা ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। বেংকে OTPৰ জৰিয়তে নগদ ধন উলিওৱা পদ্ধতি আৰম্ভ কৰিব। এই নতুন পদ্ধতিৰ জৰিয়তে নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ ATMৰ পৰা ধন উলিয়ালে বেংকত পঞ্জীয়ন হৈ থকা ম’বাইল নম্বৰত অহা OTP দিব লাগিব। এই নিয়ম ১০ হাজাৰ টকাতকৈ অধিক ধন উলিয়ালেহে কাৰ্যকৰী হ’ব।

>> SBIৰ ATMত ধন উলিয়াবৰ বাবে বেংকে আপোনাৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰত OTP প্ৰেৰণ কৰিব।

>> এই OTP কেৱল এবাৰ লেনদেনৰ বাবেহে।

>> এই নতুন পদ্ধৰ ফলত ধনৰ লেনদেনৰ বৰ্তমানৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নপৰে।

>> এই প্ৰক্ৰিয়া আন বেংকৰ ATMত প্ৰযোজ্য নহয়।

>> ভুৱা কাৰ্ডৰ জৰিয়তে হোৱা অবৈধ লেনদেন ৰোধ কৰাৰ বাবে এই পদক্ষেপ।
Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts