Monday, November 18, 2019

আজি আমাৰ সকলোৰে প্ৰিয় মৰমৰ জুবিনদাৰ ৪৮তম জন্মদিন

    আজি আমাৰ সকলোৰে প্ৰিয় মৰমৰ জুবিনদাৰ ৪৮তম জন্মদিন । ১৯৭১ চনৰ ১৮ নৱেম্বৰ মেঘালয় ৰাজ্যৰ তুৰা নগৰত জুবিন গাৰ্গৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম মোহিনী. এম.বৰঠাকুৰ আৰু মাতৃ স্বর্গীয়া ইলি বৰঠাকুৰ। প্রথমে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্রসিদ্ধ গীতিকাৰ জুবিন মেহেতা নামকৰণে জুবিনৰ নাম ৰখা হৈছিল আৰু  গোত্রৰ নামৰ পৰা উপাধি লোৱা হৈছিল। জুবিনৰ পৰিয়াল শিৱসাগৰৰ জাঁজীৰ স্থায়ী বাসিন্দা আছিল। তেওঁৰ পিতা মেজিস্ট্রেট আছিল। জুবিনৰ পিতা ’কপিল ঠাকুৰ’ ছদ্মনামত কবিতা লিখিছিল। জুবিনৰ মা ইলি বৰঠাকুৰ এজনী বিখ্যাত নৃত্যশিল্পী , অভিনেত্রী আৰু  সুগায়িকা আছিল। তেওঁ নিজৰ প্রতিভাক ভালকৈ ব্যবহাৰ কৰা নাছিল। তেওঁ পুত্ৰ জুবিনৰ গৃহশিক্ষাৰ ব্যৱস্থা কৰিছিল। জুবিনৰ ভগ্নীৰ নাম জংকি বৰঠাকুৰ। জংকি বৰঠাকুৰ এজনী গায়িকা আৰু অভিনেত্রী আছিল। ২০০২ চনত তেজপুৰ চহৰত এটি শোকাৱহ  দুর্ঘটনাত জংকিৰ মৃত্যু হয়। জংকি বৰঠাকুৰৰ স্মৃতিৰ বাবে জুবিন গার্গ “শিশু” নামক এটি গানৰ এলবাম ৰচনা কৰে। ২০০২ চনৰ ৪ ফেব্রুৱাৰীত জুবিন গার্গে ফেশ্বন ডিজাইনাৰ " গৰিমা শইকীয়া"ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

* জুবিন গাৰ্গ এজন ভাৰতীয় বিখ্যাত তথা অসমৰ আটাইতকৈ বেছি জনপ্রিয় কন্ঠশিল্পী। জুবিন গার্গক অসম তথা পশ্চিমবঙ্গৰ ৰকষ্টাৰ হিচাপে মান্য কৰা হয়। জুবিন গার্গ ভাৰতীয় বিখ্যাত গায়ক গায়িকাৰ ভিতৰত ২১ নম্বৰ স্থানত আছে। জুবিন গার্গক উত্তৰ পূর্বাঞ্চলৰ "ৰাজপুত্র" বোলা হয়। ড° ভূপেন হাজাৰিকাৰ পিছত  অসম উত্তৰ-পূর্বৰ গর্বিত জুবিনক অসমৰ ৰাজ্যপালে নামৰ আগত "লুইতকণ্ঠ" সর্বোচ্চ সম্মান প্রদান কৰিছে, এতিয়া তেওঁৰ নামৰ আগত "লুইতকণ্ঠ" জুবিন গার্গ বোলি জনা যায়। জুবিন গার্গ বহুবিধ প্রতিভাৰ অধিকাৰী। একাধাৰে তেওঁ এজন কন্ঠশিল্পী, সঙ্গীত পৰিচালক, গীতিকাৰ তথা অভিনেতা। জুবিন গাৰ্গে অসমীয়া, বাংলা, হিন্দী, নেপালী, তামিল, তেলেগু, কন্নড়, মালায়লম, মাৰাঠী, ওড়িয়া আৰু ইংৰাজী ভাষাত গীত গাইছে। ১৯৯২ চনৰ জুবিনৰ প্রথম অসমীয়া এ‍লবাম "অনামিকা" মুক্তি পাইছিল। জুবিনে ঢোল, ড্রাম, দোতাৰা, মেন্ডলিন তথা ইলেকট্রনিক কি-বোর্ড বজাব পাৰে। "শুধু তুমি" বাংলা চলচ্চিত্রত সঙ্গীত পৰিচালনা কৰি তেওঁ  শ্রেষ্ঠ সঙ্গীতকাৰৰ পুৰষ্কাৰ লাভ কৰিছিল। হিন্দী "ইয়া আলি" গানৰ বাবে জুবিন গার্গ গ্ল'বেল ভাৰতীয় চলচ্চিত্র পুৰষ্কাৰ তথা ষ্টাৰডার্ড পুৰষ্কাৰ লাভ কৰিছিল।

জুবিনে প্রথম গুৰু হিচাপে নিজৰ মাক স্মৰণ কৰে। গুৰু ৰবীন ব‍েনার্জীৰ পৰাই জুবিন ল'ৰালিতে তবলা অাৰু গানৰ শিক্ষা পাইছিল। অসমীয়া লোক সংস্কৃতিৰ শিক্ষা ৰমনী ৰায়ৰ পৰাই পাইছিল। জুবিনৰ পৰিয়াল স্থায়ীভাবে গুৱাহাটীত স্থানান্তৰ হোৱা বাবে তেওঁ  জগ্গনাথ বৰুৱা কলেজ এৰি গুৱাহাটীৰ বি. বৰুৱা কলেজৰ বিজ্ঞানত স্নাতক লয়। কিন্তু সংগীতৰ লগত সম্পূৰ্ণভাবে জড়িত থকাৰ বাবে জুবিন শেষ পর্যন্ত কলেজীয়া শিক্ষা সমাপ্ত কৰিব পৰা নাছিল।

১৯৯২ চনত অনুষ্ঠিত যুৱ মহোৎসৱ পাশ্চাত্য একক পৰিৱেশনত স্বর্ণপদক লাভ কৰাৰ পিছত জুবিনৰ জীবনৰ গতি সলনি হয়। সেইসময়ত প্রথমবাৰ কণ্ঠশিল্পী ৰূপে জুবিন সফলতা অর্জন কৰে। ১৯৯২ চনত অসমীয়া এলবাম “অনামিকা” মুক্তি হোৱাৰ পিছত জুবিন গাৰ্গে সঙ্গীত জগতত প্রৱেশ কৰে। এই এ‍লবামটোৱে ভালেখিনি জনপ্রিয়তা লাভ কৰে। জুবিন নিজৰ নামৰে চল্লিশৰো অধিক এ‍লবাম তথা অসংখ্য অসমীয়া চলচ্চিত্রত কন্ঠদান কৰিছে। তাৰোপৰি অন্য ভাষা বাংলা, হিন্দী, তামিল, তেলুগু, মাৰাঠী ,নেপালী ইত্যাদি প্ৰায় ৪০টাতকৈ অধিক ভাষাৰ সর্বমুঠ ২০,০০০তকৈ বেছি গান গাইছে।
Share:

0 comments:

Post a Comment

Popular Posts