কঠিন গুঁৰ জুলীয়া গুঁৰ আৰু ইয়াৰ উপকাৰিতা ----
আমেৰিকাৰ এক অধ্যয়নৰ দ্বাৰা গমপোৱা গৈছে যে যি ব্যক্তিয়ে অত্যাধিক চেনি খাই এই সকল লোকৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে ৷ অত্যাধিক চেনি সেৱনৰ বাবে আৰু বহু ৰুগো হয় ৷ চেনিৰ ঠাইত যদি আমি ৰাসায়নিক পদাৰ্থ হীন গুঁৰ ব্যৱহাৰ কৰোঁ ই স্বাস্থ্যৰ বাবে বহু উপকাৰি ৷
কুঁহিয়াৰ ৰসৰ পৰা চেনি বনোৱালৈকে কুঁহিয়াৰত থকা কেলছিয়াম, আইৰন, গন্ধক,পটেছিয়াম, ফচফৰাছ আদি প্ৰয়োজনীয় দ্ৰব্য বোৰ নষ্ট হৈ যায় কিন্তু গুঁৰত এই সকলো পদাৰ্থ পৰ্যাপ্ত পৰিমানত থাকি যায় ৷গুঁৰত প্ৰ’টিন ৯% ,কেলছিয়াম ০.০৮% , ফচফৰাছ ০.০৪%, কাৰ্বহাইড্ৰেট ৬৫% থাকে ইয়াৰ উপৰিও ভিটামিন এ ২৮০ ইউনিট প্ৰতি ৯০০ গ্ৰামত পোৱা যায় ৷
অধিক ৰক্তস্ৰাৱ বা ৰক্তক্ষয়ৰ ফলত তেজত হিম’গ্ল’বিনৰ মাত্ৰা কমি যায় তেতিয়া তেজত লৌহ পদাৰ্থৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বহুতে পালেং শাক ব্যৱহাৰ কৰে ৷ পালেং শাকত ১.৩% কলত ০.৪ mg লৌহ তত্ব থাকে আন হাতে গুঁৰত ১১.৪% mg লৌহ তত্ব পোৱা যায় গতিকে এনে মানুহে নিয়মিত গুঁৰ সেৱন কৰিব লাগে ৷
মহিলা সকলৰ দেহত সাধাৰণতে লৌহতত্বৰ পৰিমাণ কমি থাকে ইয়াৰ মুখ্য কাৰণ হ’ল অনিয়মিত ঋতুস্ৰাৱ ৷ মহিলা সকলে শৰীৰত এই লৌহতত্ব যোগানৰ বাবে নিয়মিত গুঁৰ খাব লাগে ৷ গুঁৰত কেলছিয়াম থাকে সেই বাবে গুঁৰ শিশুসকলৰ বাবে অমৃতৰ দৰে ৷ গুঁৰত থকা কেলছিয়ামে শিশুৰ হাঁড়ৰ দূৰ্বলতা দূৰ কৰে হাড় আৰু দাঁত গঠনত সহায় কৰে দন্ত্যক্ষৰণ ৰোধ কৰে ৷
গুঁৰত ভিটামিন বি ও পৰ্যাপ্ত পৰিমাণত থাকে ৷ ইয়াত পৈন্তাথিনিক এচিড আৰু ইনসিতোল সৰ্বোপযোগি যি মানসিক স্বাস্থ্যৰ বাবে উপযোগি ৷হৃদৰোগী সকলৰ বাবে প’টিছিয়াম উপযোগি যি গুঁৰত যথেষ্ট পৰিমাণে থাকে ৷ পটেছিয়াম কল আৰু আলুতো থাকে ৷ গতিকে দেখা যায় যে চেনি মানুহৰ শৰীৰৰ বাবে অতিকৈ অপকাৰী কিন্তু তাৰ পৰিবৰ্তে গুঁৰ মানুহৰ বহু উপকাৰী ই মানুহৰ শৰীৰৰ প্ৰয়োজনীয় বহু দ্ৰব্যৰ আমাৰ শৰীৰক যোগান ধৰি সু স্বাস্থ্য ধৰি ৰখাত সহায় কৰে সেয়ে আমি যিমান পাৰোঁ চেনিত কৈ গুঁৰৰ ব্যৱহাৰ বেছি কৰিব লাগে পাৰিলে চেনিৰ ব্যৱহাৰ কৰাটো এৰাই চলাই মোৰ মতে ভাল ৷
ওপৰত কঠিন গুঁৰৰ বিষয়ে লিখিলোঁ এতিয়া অলপ জুলীয়া গুঁৰ মানে জাকি অহা অৱস্থাত কাঢ়িথোৱা গুঁৰৰ উপকাৰৰ বিষয়ে উল্লেখ কৰিম ৷
কুঁহিয়াৰ ৰস উতলাই ফুট অহাৰ আগৰ মৌৰ দৰে তৰল গুঁৰেই হ’ল জুলীয়া গুঁৰ ৷ এনে গুঁৰ বটলত ভৰাই থ’লে মৌৰ দৰেই বহুদিনলৈ ভাল হৈ থাকে ৷ জুলীয়া গুঁৰত প্ৰধানকৈ পানী মিঠা শৰ্কৰা, গ্লক’জ, ফ্ৰুক্ট’জৰ উপৰিও প্ৰ’টিন, চৰ্ব্বী, এমাইন’এচিড, চাইট্ৰিক এচিড, কেলচিয়াম, মেগনেছিয়াম, ফচফৰাচ, লো, তাম, দস্তা, গন্ধক আদি উপাদান সমূহ ইয়াত পোৱা যায় ৷ কঠিন গুঁৰৰ তুলনাত জুলীয়া গুঁৰত গ্লক’জৰ পৰিমাণ অধিক থাকে বাবেই ই মানুহৰ শৰীৰত সহজেই জীণ যায় ৷ জুলীয়া গুঁৰ অধিক পুষ্টিকৰ, সুস্বাদু আৰু আকৰ্ষণীয় মইটো সৰুতে মুড়িৰ লগত গাখীৰ দি প্ৰায়ে খাওঁ ৷
জুলীয়া গুঁৰৰ উপাদান সমূহ প্ৰতি ১০০ গ্ৰামত
প্ৰ’টিন--০.১৪ গ্ৰাম
চৰ্ব্বী-----০.১২গ্ৰাঃ
চুক্ৰোজ----৩৫.২গ্ৰাঃ
গ্লক’জ---৩৩.৭গ্ৰাঃ
কেলচিয়াম---০.০৪২গ্ৰাঃ
মেগনেছিয়াম---০.০৫গ্ৰাঃ
ফচফৰাচ---০.০৫১গ্ৰাঃ
পটাছিয়াম---০.২৪৬ গ্ৰাঃ
লো-----১০.২৩মিঃগ্ৰাঃ
তাম------০.৪০মিঃগ্ৰাঃ
জুলীয়া গুঁৰত গ্লক’জৰ পৰিমাণ বেছি থাকেে বাবে জণ্ডীছ হোৱা ৰূগীয়ে পথ্য হিচাপে ব্যৱহাৰ কৰিলে সুফল পায় ৷
ৰক্তহীনতা বা এনিমিক ৰোগীয়ে লো যুক্ত আহাৰ হিচাপে জুলীয়া গুঁৰ ব্যৱহাৰ কৰিব পাৰে ৷
ৰাতিপুৱাৰ আহাৰ প্ৰধানকৈ জলপান ৰুটী আদিৰ লগত খাব পাৰি ৷এই গুঁৰ বহুদিনলৈ বেয়া নোহোৱাকৈ থাকে সেয়ে এনে গুঁৰ সঞ্চয় কৰি ৰাখিব পাৰি ৷ এই গুঁৰ ব্যৱহায় ভিত্তিত উৎপাদন কৰি লাভবান হবও পাৰি যথেষ্ট চাহিদা আছে বজাৰত ৷ কঠিন গুঁৰতকৈ জুুুুুুলীয়া গুঁৰৰ উৎপাদন সমপৰিমাণৰ কুঁহিয়াৰৰ পৰা দুগুণ হয় ৷ অসমৰ মাটিত প্ৰতি হেক্টৰত প্ৰায় ৫০ টন জুলীয়া গুঁৰ উৎপাদন হয় ৷
0 comments:
Post a Comment