আছাম টেট-২০১৯ৰ পেপাৰ-১ আৰু পেপাৰ-২
আছাম টেট-২০১৯ৰ পেপাৰ-১ আৰু পেপাৰ-২ৰ মুঠ ১৫০ নম্বৰৰ মাল্টিপল চইজৰ প্ৰশ্ন থাকিব। প্ৰতিটো শুদ্ধ প্ৰশ্ন উত্তৰ বাবেই লাভ কৰিব এক নম্বৰকৈ। টেটত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অসমীয়া, বঙালী, বড়ো, হিন্দী, ইংৰাজীত উত্তৰ দিব পাৰিব।
টেটৰ প্ৰশ্নকাকত ১ত কি কি প্ৰশ্ন থাকিবঃ
মুঠ ১০০ নম্বৰৰ বাবে অনুষ্ঠিত হ’ব লগা টেটৰ প্রশ্নকাকত-১ত প্ৰথমভাগত থাকিব চাইল্ড ডেভলপমেন্ট এণ্ড পেডাগ’জী (Child development and pedagogy) শীৰ্ষক ৩০ নম্বৰ বাধ্যতামূলক প্রশ্ন।
দ্বিতীয় অংশত থাকিব লেংগুৱেজ-১ অৰ্থাৎ অসমীয়া, বঙালী, হিন্দী, বড়ো, মণিপুৰী, গাৰো, নেপালী আদি যিকোনো এটা বিষয়ত ৩০ নম্বৰৰ প্ৰশ্ন। তাৰপাছৰ অংশত থাকিব লেংগুৱেজ-২ (ইংৰাজী) বিষয়ত ৩০ নম্বৰৰ প্ৰশ্ন।
ইয়াৰোপৰি, গণিত বিষয়ত ৩০ নম্বৰ, এনভাইৰ’মেন্টেল ষ্টাডিজৰ ৩০ নম্বৰ সহ মুঠ ১৫০ নম্বৰ প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলে আঢ়ৈ ঘণ্টা সময়ৰ ভিতৰত লিখিব লাগিব।
টেটৰ প্ৰশ্নকাকত-২ত কি থাকিবঃ
টেটৰ প্রশ্নকাকত-২ত প্ৰথম কাকতৰ দৰেই ৯০ নম্বৰ ক্ৰমে (Child development and pedagogy) , লেংগুৱেজ-১ আৰু লেংগুৱেজ-২ (ইংৰাজী)ৰ প্রশ্ন থাকিব।
৬০ নম্বৰ প্ৰশ্ন গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞানৰ থাকিব। মুঠ ১৫০ নম্বৰৰ বাবে ১৫০ টা প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলে আঢ়ৈ ঘণ্টাৰ ভিতৰত লিখিব লাগিব।
এই পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিব নেকি?
দুয়োখন কাকতৰ বাবে ২০ অক্টোবৰ, ২০১৯ত পৰীক্ষাৰ্থীসকলে ১৫০ নম্বৰৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। অৰ্থাৎ পেপাৰ-১ আৰু পেপাৰ-২ৰ পৰীক্ষাৰ মুঠ নম্বৰ হ’ব ১৫০কৈ। এই পৰীক্ষাত প্ৰাৰ্থীসকলৰ বাবে এটা সুখৰ খবৰ যে, কোনো নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা নাই। সেয়েহে পৰীক্ষাৰ্থীয়ে ভুল উত্তৰ দিলেও শুদ্ধ উত্তৰ দি লাভ কৰা নম্বৰৰ পৰা কোনো নম্বৰ বিয়োগ নহয়।
কাট অৱ মাৰ্কঃ
টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে টেট উত্তীৰ্ণ হ’বলৈ ন্যূনতম নম্বৰ লাভ কৰিব লাগিব। বিভিন্ন শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সেয়া হ’ল এনেধৰণৰ-
সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১৫০ নম্বৰৰ ভিতৰত ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৰ্থাৎ টেট পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অতি কমেও ৯০ নম্বৰ লাভ কৰিব লাগিব পৰীক্ষাৰ্থীসকলে।
একেদৰে এছ টি, এছ চি, অ বি চি, এম অ’ বি চি আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে ১৫০ নম্বৰৰ ভিতৰত ৫৫ শতাংশ নম্বৰ অৰ্থাৎ ৮৩ নম্বৰ পালেহে টেট পৰীক্ষাত উত্তীৰ্ণ হ’ব।
0 comments:
Post a Comment