Sunday, August 11, 2019

আপুনি জানেনে চাইকেল আৰ্হি প্ৰথমে কত প্ৰস্তুত হৈছিল ?

■চাইকেলৰ প্ৰথমটো আৰ্হি প্রস্তুত কৰিবলৈ সক্ষম হয় ফৰাচী দেশৰ কমচমড দি ছিভৰেক নামৰ ব্যক্তি এজনে ১৭৯১ চনত।
■১৮১৬ চনত ছিভৰেকৰ আৰ্হিটোত হাত ফুৰালে কার্ল ভন
ড্রেইছ নামৰ জার্মান লােক এজনে আৰু তেওঁ ইয়াত নকৈ
কেইবাবিধাে বস্তু সংযােগ কৰিলে। কিন্তু ইমানৰ পিছতাে চাইকেল চলি থাকিল মাথো সমতল অঞ্চলতহে। পেডেলৰ অভাৱত মানুহে ভৰি দুখনেৰে ইয়াক চলাবলৈ অসুবিধা পােৱা হ'ল।

■ এই কথাটো পােনতে উপলব্ধি কৰিলে স্কটলেণ্ডৰ নিবাসী কিৰ পেট্রিক মেক্সলান নামৰ লােহাৰ এজনে। ফলত চাইকেলৰ জনপ্রিয়তা বহুগুণে বৃদ্ধি পালে।

■আজি সমগ্র বিশ্বত কমেও ২০০ কোটি লােকে যাতায়াতৰ বাবে চাইকেল ব্যৱহাৰ কৰে।

■ চাইকেল আৰােহীৰ ফালৰ পৰা শীর্ষত আছে চীন দেশ। আনহাতে, নেডাৰলেণ্ডৰ প্ৰতিজন নাগৰিকৰ বিপৰীতে দুখনকৈ চাইকেল আছে।

Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts