Saturday, March 23, 2019

অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত কবি নলিনীবালা দেৱীৰ চমু জীৱনী

এগৰাকী অসমীয়া কবি, লেখিকা "অসম সাহিত্য সভা"ৰ প্ৰথম মহিলা সভাপতি, কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিয়া,  অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত কবি নলিনীবালা দেৱীৰ
চমু জীৱনী

জন্মঃ
নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত অসমৰ বৰপেটাত৷ পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী।

শিক্ষাঃ
সেই সময়ত অসমত ছোৱালীসকলে স্কুলীয়া শিক্ষাৰ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব পোৱা নাছিল৷ সেয়ে তেওঁৰ আনুষ্ঠানিক শিক্ষা নাছিল৷ গোপাল দে নামৰ ব্যক্তি এজনৰ তত্বাৱধানত ঘৰতে শিক্ষা গ্ৰহণ কৰে৷ ঘৰতেই তেওঁ সংস্কৃত, সাহিত্য, গীত, ছবি অঁকা আদি সকলো শিক্ষা লাভ কৰিছিল।

বিবাহঃ
১৯০৯ চনত মাত্ৰ ১১ বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত তেওঁৰ বিয়া হৈছিল। কিন্ত্ত মাত্ৰ ২১ বছৰ বয়সতে (১৯১৭ চনত) তেওঁ অকালতে স্বামীক হেৰুৱাই অকাল বৈধৱ্যক সাবটিৱ লগা হৈছিল। স্বামীৰ অকাল মৃত্যূৰ পাছত তেওঁ পিতৃগৃহলৈ ঘূৰি আহে।

মৃত্যুঃ
২৪ ডিচেম্বৰ, ১৯৭৭ চনত তেখেতৰ মৃত্যু হয়।

প্ৰকাশিত কাব্যগ্ৰন্থঃ-
সন্ধিয়াৰ সুৰ (১৯২৮),
সপোনৰ সুৰ (১৯৪৩),
স্মৃতিতীৰ্থ (১৯৪৮),
পৰশমণি (১৯৫৪),
যুগদেৱতা (১৯৫৭),
জাগৃতি (১৯৬০),
অলকানন্দা (১৯৬৭),
বিশ্বদীপ(১৯৭০) আৰু
অন্তিম সুৰ।

আত্মজীৱনীঃ-
এৰি অহা দিনবোৰ (১৯৭৬)

প্ৰৱন্ধ পুথিঃ-
শান্তিপথ

জীৱনীমূলক গ্ৰন্থঃ-
স্মৃতি তীৰ্থ (দেউতাকৰ জীৱনৰ আধাৰত ৰচিত),
চৰ্দাৰ বল্লভ ভাই পেটেল,
বিশ্বদীপা।

স্বীকৃতি আৰু সন্মানঃ
অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (১৯৪৮),
কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি(১৯৫৪),
অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ সভাপতি(১৯৫৪),
সাহিত্য অকাডেমি বঁটা লাভ (১৯৬৭),
পদ্মশ্ৰী বঁটা (১৯৭৭)

Share:

0 comments:

Post a Comment

Popular Posts