Thursday, February 7, 2019

অসম কুইজ

প্ৰশ্ন : প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?
উত্তৰ :   বাবুল বাৰ্মিজ।

প্ৰশ্ন : অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?
উত্তৰ :   ভোগেশ্বৰ বৰুৱা আৰু মনালিচা (বৰুৱা) মেহতা।

প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন আছিল?
উত্তৰ :   মাধুৰ্য প্ৰসাদ বৰুৱা।

প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : অনুপ ঘটক।

প্ৰশ্ন : গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উত্তৰ : ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।

প্ৰশ্ন : ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তি জন কোন?
উত্তৰ : নুৰুল আমিন।

প্ৰশ্ন : অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?
উত্তৰ : স্বৰ্গীয় আৰ. জি. বৰুৱা।

প্ৰশ্ন : এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথম অসমীয়া ব্যক্তি জন কোন?
উত্তৰ : সুৰেণৰাম ফুকন।

প্ৰশ্ন : ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?
উত্তৰ : জাভেদ জামান।

প্ৰশ্ন : কোনে ফুটবল প্ৰতিযোগিতাক AIF ৰ দ্বাৰা ভাৰতৰ ‘টপ লীগ’ প্ৰতিযোগিতা হিচাপে মৰ্যাদা প্ৰদান কৰা হয়?
উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

প্ৰশ্ন : ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ জন কোন আছিল?
উত্তৰ : বীৰেন বড়ো।

প্ৰশ্ন : ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত?
উত্তৰ : অভিজিৎ ভট্টাচাৰ্য, ১৯৯৬ চনত।

প্ৰশ্ন : পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্ৰিয় এবিধ খেল আছিল। সেই খেল বিধ কি আছিল?
উত্তৰ : টাং-গুটি।

প্ৰশ্ন : ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদ্‌যাপিত হয়?
উত্তৰ : ১৭ অক্টোবৰত।

প্ৰশ্ন : কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯৮৩ চনত।

Share:

0 comments:

Post a Comment

Popular Posts