Wednesday, February 6, 2019

কুইজ ( মহাকাশ বিজ্ঞান )

১) প্ৰশ্ন : মহাকাশ ভ্ৰমণ সম্পৰ্কীয় অধ্যয়ন কি কোৱা হয়?
উত্তৰ : এষ্ট্ৰ’নটিকাছ। (Astronautics)।
২) প্ৰশ্ন : মহাকাশৰ পৰা স্পষ্টভাৱে দেখা মানুহে সজা পৃথিৱীৰ একমাত্ৰ বস্তুটো কি?
উত্তৰ :  চীনৰ প্ৰাচীৰ।
৩) প্ৰশ্ন : মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো কি?
উত্তৰ : লাইকা নামৰ এটা কুকুৰ (যান০স্পুটনিক ২)।
৪) প্ৰশ্ন : ভষ্টক (Vostok) মহাকাশযানত উঠি কোনজন ব্যক্তি প্ৰথম মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল?
উত্তৰ : ইউৰি গাগাৰিণ (১২/৪/৬১ চন)।
৫) প্ৰশ্ন : আমেৰিকাৰ প্ৰথম মানৱবাহী যান খনৰ নাম কি?
উত্তৰ : ফ্ৰিডম-৭ (Freedom-7)।
৬) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মহিলা গৰাকী কোন?
উত্তৰ : ভেলেণ্টিনা টেৰেস্ক’ভা (ভষ্টক-৬) (Vostok-6)।
৭) প্ৰশ্ন : উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি?
উত্তৰ : ৰাচিয়া (১৯৫৭ চন)।
৮) প্ৰশ্ন : টেলিফোন, ফেক্স, টেলিভিছন, ইণ্টাৰনেট আদিৰ সংযোগ স্থাপনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। এই উপগ্ৰহবোৰৰ এটা চমু নাম আছে ; নামটো কি?
উত্তৰ : ‘ছেটকম’। (Satcom)।
৯) প্ৰশ্ন : ‘ইনছেট – ১ ডি’ কৃত্ৰিম উপগ্ৰহটো কোনটো মহাকাশ ষ্টেচনৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল?
উত্তৰ : কেপ কেনাভেৰাল।
১০) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেণ্ণা সংস্থা নাছা’ (NASA)ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : নেছনেল এৰোনটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেচন।
১১) প্ৰশ্ন : চন্দ্ৰ পৃষ্ঠত প্ৰথম খোজ পেলোৱা মহাকাশচাৰী ‘নীল আমষ্ট্ৰং’ চন্দ্ৰৰ মাটিত কিমান সময় আছিল?
উত্তৰ : ২১ ঘণ্টা ৩৬ মিনিট ২১ ছেকেণ্ড।
১২) ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেচ শৰ্মাই মহাকাশ যাত্ৰাত ভাৰতভূমিৰ অলপ মাটি লগত নিছিল। মাটিখিনি কোন ঠাইৰ লগত আছিল?
উত্তৰ : দিল্লীৰ ৰজঘাট।
১৩) প্ৰশ্ন : দীৰ্ঘদিনীয়া মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত কি ইন্ধন ব্যৱহাৰ কৰা হয়?
উত্তৰ : নিউক্লীয় ইন্ধন।
১৪) প্ৰশ্ন : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহাকাশ ষ্টেচনটো কি?
উত্তৰ : স্কাইলেব (১৯৭৩) পতন ইংৰাজী ১৯৭৯ চনত।
১৫) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৃষ্ঠভাগৰ ফটো লোৱা প্ৰথম মহাকাশ যানখনৰ নাম কি?
উত্তৰ : মেৰিনাৰ – ৪ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
১৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? আৰু ইয়াক ক’ৰপৰা কিমান চনত উৎক্ষেপণ কৰা হৈছিল?
উত্তৰ : আৰ্যভট্ট, ৰাচিয়াৰ পৰা (১৯৭৫ চনৰ ১৯ এপ্ৰিল)
১৭) প্ৰশ্ন : ইছৰো আৰু ডছৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : ইছৰো (ISRO) – ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ডছ (DOS) – মহাকাশ দপ্তৰ।
১৮) প্ৰশ্ন : ৰকেট ইঞ্জিন এটাৰ চলনত নিউটনৰ গতিবিষয়ত সূত্ৰৰ কোনটো নীতি প্ৰয়োগ কৰা হয়?
উত্তৰ : তৃতীয় সূত্ৰ।
১৯) প্ৰশ্ন : ৰকেট ইঞ্জিন এটা চলাচলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ব্যৱস্থাটো কি?
উত্তৰ : অতি উচ্চচাপৰ গেছ উৎপন্ন কৰিব পৰা ব্যৱস্থা।
২০) প্ৰশ্ন : ‘পাথ ফাইণ্ডাৰ’ কি?
উত্তৰ : মঙ্গল গ্ৰহৰ অভিমুখী এখন মহাকাশযান। বৰ্তমান ই মৃত।
২১) প্ৰশ্ন : উপগ্ৰহ এটাক কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰা যানখনক কি বোলে?
উত্তৰ : স্পেছ শ্বাটল।
২২) প্ৰশ্ন : সুদূৰ সংবেদনৰ বাবে অকলশৰীয়াকৈ ব্যৱহাৰ কৰা প্ৰথমটো উপগ্ৰহৰ নাম কি?
উত্তৰ :ই আৰ টি এছ- ১ (Earth Resources Technology Satelite-1)
২৩) প্ৰশ্ন : ‘সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ’ এই কথা বিজ্ঞান সন্মতভাৱে প্ৰথম কোনে ঘোষণা কৰিছিল?
উত্তৰ : নিকোলাচ কপাৰনিকাছ।
২৪) প্ৰশ্ন : মহাকাশত জ্যোতিষ্কৰ দূৰত্ব জোখা একক কি?
উত্তৰ : আলোকবৰ্ষ।
২৫) প্ৰশ্ন : মহাকাশযান এখনে কোনো গ্ৰহ বা চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ এৰাই যাবৰ বাবে প্ৰয়োজন হোৱা গতিবেগত কি কোৱা হয়?
উত্তৰ : নিৰ্গম বেগ বা পলায়নবেগ।
২৬) প্ৰশ্ন : টেলিসংযোগ ব্যৱস্থাৰ বাবে কোনবোৰ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়?
উত্তৰ : ভূ-স্থিৰ উপগ্ৰহ।
২৭) প্ৰশ্ন : সৌৰজগতৰ বৃহত্তম গ্ৰহানুটোৰ নাম কি?
উত্তৰ : চিৰিচ।
২৮) প্ৰশ্ন : পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে, এই ধাৰণাটো প্ৰথম কোনে দিছিল?
উত্তৰ : গ্ৰীক জ্যোতিবিজ্ঞানী এৰিষ্টাৰ্‌কাছে।
২৯) প্ৰশ্ন : ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়?
উত্তৰ : মঙ্গল গ্ৰহ।
৩০) প্ৰশ্ন : শনিগ্ৰহৰ দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কি কোৱা হয়?
উত্তৰ : কাছিনি অঞ্চল।
৩১) প্ৰশ্ন : কৃত্ৰিমভাৱে গ্ৰহ, নক্ষত্ৰৰ স্থিতি, পৰিৱৰ্ত্তন আদি নিখুঁট ভাৱে দেখুৱাবলৈ সজা বিজ্ঞানসন্মত গৃহক কি কোৱা হয়?
উত্তৰ : তাৰকাগৃহ।
৩২) প্ৰশ্ন : আমাৰ সৌৰজগতখনত থকা তাৰকা ৰাজ্যখনৰ নাম কি?
উত্তৰ : হাতীপটি।
৩৩) প্ৰশ্ন : সৌৰজগতৰ নীল গ্ৰহ কাক কোৱা হয়?
উত্তৰ : পৃথিৱী।
৩৪) প্ৰশ্ন : পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্ব কিমান?
উত্তৰ : ১৫০ নিযুত কিলোমিটাৰ।
৩৫) প্ৰশ্ন : আমাৰ সৌৰজগতখন হাতীপটি তাৰকা ৰাজ্যৰ পৰা কিমান দূৰত্বত অৱস্থিত?
উত্তৰ : ৩০ হাজাৰ আলোকবৰ্ষ দূৰত্বত।
৩৬) প্ৰশ্ন : পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান?
উত্তৰ : ৩ লাখ ৮৫ হাজাৰ কিলোমিটাৰ।
৩৭) প্ৰশ্ন : মঙ্গল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি?
উত্তৰ : ফবছ আৰু ডিমছ্‌।
৩৮) প্ৰশ্ন : সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধ কি?
উত্তৰ : হাইড্ৰ’জেন।
৩৯) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম প্লেনেটৰিয়ামটো ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ : মিউনিখৰ মিউজিয়ামত, ১৯২৮ চনত।
৪০) প্ৰশ্ন : হেলিৰ ধুমকেতু পৃথিৱীৰ পৰা পুনৰ কোন চনত দেখা যাব?
উত্তৰ : ২০৬১ চনত।
৪১) প্ৰশ্ন : বিগ বেং বা মহানাদ তত্ত্ব কি?
উত্তৰ : বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্ব।
৪২) প্ৰশ্ন : আকাশৰ তৰাবোৰ জিলমিলাই থকা দেখা যায় কিয়?
উত্তৰ : বায়ুমণ্ডলীয় প্ৰতিসৰনৰ বাবে।
৪৩) প্ৰশ্ন : এক মহাজগতিক বছৰ কি?
উত্তৰ : সৌৰজগতখনে হাতীপটিত এপাক সম্পূৰ্ণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন হয়।
৪৪) প্ৰশ্ন : এক আলোকবৰ্ষ বুলিলে কি বুজায়?
উত্তৰ : পোহৰে ছেকেণ্ডত প্ৰায় ৩ লাখ কিলোমিটাৰ বেগত এবছৰত যিমান দূৰ অতিক্ৰম কৰে।
৪৫) প্ৰশ্ন : বিশ্ব সৃষ্টিৰ সম্পৰ্কে কোনখন প্ৰাচীন ভাৰতীয় গ্ৰন্থত চিন্তাৰ প্ৰমাণ পোৱা যায়?
উত্তৰ : কপিল “মুনিৰ সংখ্যা সূত্ৰ”ত।
৪৬) প্ৰশ্ন : ভাৰত মহাকাশ গৱেষণা সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হয়৬?
উত্তৰ : ১৯৬৯ চনত।
৪৭) প্ৰশ্ন : ভাৰতীয় মহাকাশ আয়োগৰ প্ৰথমজন মূৰব্বী কোন আছিল?
উত্তৰ : ড° সতীশ ধাৱান।
৪৮) প্ৰশ্ন : ভাৰতবৰ্ষত চুপাৰন’ভাৰ ওপৰত গৱেষণা কৰা অনুষ্ঠানটোৰ নাম কি?
উত্তৰ : ভাৰতৰ জ্যোতি পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান (বাঙ্গালোৰ)
পৰিবেশ বিজ্ঞান
৪৯) প্ৰশ্ন : বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণ থকা গেছ বিধ কি?
উত্তৰ : নাইট্ৰ’জেন ৭৮.০৮ শতাংশ।
৫০) প্ৰশ্ন : অজ’ন স্তৰৰ ক্ষতি সাধন কৰা মানৱ সৃষ্ট মুখ্য উপাদান দুটা কি কি?
উত্তৰ : ক্ল’ৰ’ফ্লৰ’কাৰ্বন আৰু হেলন্‌চ।
৫১) প্ৰশ্ন : অ’জন স্তৰটোত বিন্ধা হোৱাৰ কথা প্ৰথম কোনটো কৃত্ৰিম উপগ্ৰহে ধৰা পেলাইছিল?
উত্তৰ : নিমকছ – ৭।
৫২) প্ৰশ্ন : বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোক কি কোৱা হয়?
উত্তৰ : ট্ৰপস্ফিয়াৰ।
৫৩) প্ৰশ্ন : অজ’ন গেছৰ তৰপটো বায়ুমণ্ডলৰ কোন অংশত আছে?
উত্তৰ : ষ্টেট’স্ফিয়াৰ।
৫৪) প্ৰশ্ন : মানুহে কিমান কম্পনামহক লৈ শব্দ শুনিব পাৰে?
উত্তৰ : ২০,০০০ হাৰ্জ।

Share:

0 comments:

Post a Comment

Popular Posts