Tuesday, April 29, 2025

General Knowledge (GK) For All competitive exam

General Knowledge (GK) For All competitive exam
#apsccceprelims
#deledpetexam
#allcompetitiveexam




২১/ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- ডঃ ফকৰুদ্দিন আলি আহমেদ।




২২/ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ব্যক্তিজনৰ নাম কি ?
উত্তৰ:- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।




২৩/ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী 




২৪/ 'অসম কেশৰী' উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিক জনৰ নাম কি ?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী।




২৫/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ:- ১৮৮৫ চনত।




২৬/ অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকীৰ নাম কি ?
উত্তৰ:- প্ৰতাপ বৰুৱা।




২৭/ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন ?
উত্তৰ:- বিজয় চৌধুৰী।




২৮/ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী গৰাকীৰ নাম কি ?
উত্তৰ:- আইদেউ সন্দিকৈ।




২৯/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?
উত্তৰ:- অবুজ বেদনা।




৩০/ প্ৰথম অসমীয়া সামাজিক নাটকৰ নাম কি ?
উত্তৰ:- ৰাম নৱমী।




৩১/ কোনখন চলচ্চিত্ৰৰ বাবে ড॰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু কিমান চনত এই বঁটা লাভ কৰিছিল?
উত্তৰ:- ৰুদালি চলচ্চিত্ৰৰ বাবে ড॰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু এই বঁটা লাভ কৰিছিল ১৯৯২ চনত।




৩২/ প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল আৰু কিমান চনত ৰচনা কৰিছিল ?
উত্তৰ:- মাইকেল ব্রঞ্চন চাহোবে ৰচনা কৰিছিল ১৮৬৭ চনত।




৩৩/ অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰ:- বীণ বৰাগী।





৩৪/ অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আৰু কিমান চনত প্ৰকাশিত হৈছিল ?
উত্তৰ:- অৰুনোদই । ১৮৪৬ চনত প্ৰকাশিত হৈছিল।




৩৫/ আহোম যুগৰ শ্ৰেষ্ঠ কবি জনৰ নাম কি ?
উত্তৰ:- কবিৰাজ চক্ৰৱৰ্তী।




৩৬/ অৰুণোদয় যুগৰ এজন লিখকৰ নাম কি ?
উত্তৰ:- আনন্দৰাম ঢেকিয়াল ফুকন।





৩৭/ অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কাক বোলা হয় আৰু প্ৰথম অসমীয়া চুটিগল্পৰ নাম কি ?
উত্তৰ:- অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰথম অসমীয়া চুটিগল্প হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'কন্যা'।






৩৮/ জ্ঞান-মালিনীৰ কবি কাক বোলা হয় ?
উত্তৰ:- মফিজুদ্দিন আহমদ হাজৰিকাদেৱক জ্ঞান-মালিনীৰ কবি বোলা হয়।





৩৯/ শ্ৰীমন্ত শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰি উলিয়াইছিল ?
উত্তৰ:- ছয় খন অংকীয়া নাটক ৰচনা কৰি উলিয়াইছিল।




৪০/ হেজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক কোৱা হয় ?
উত্তৰ:- 'নামঘোষা'ক হেজাৰী ঘোষা বুলি কোৱা হয়।





৪১/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।





৪২/ সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি আৰু কিমান চনত এই বঁটা লাভ কৰিছিল ?
উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা। ১৯৫৫ চনত বনফুল কবিতাপুথিৰ বাবে লাভ কৰিছিল।




৪৩/ নিজৰাৰ কবি বুলি কাক কোৱা হয় ?
উত্তৰ:- শৈলধৰ ৰাজখোৱা।





৪৪/ নটসূৰ্য উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- ফণী শৰ্মা।






৪৫/ গীতিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।






৪৬/ বিহগী কবি কাক কোৱা হয় ?
উত্তৰ:- ৰঘুনাথ চৌধাৰী।






৪৭/ বিদ্ৰোহী কবি ৰূপে কোনজন ব্যক্তি খ্যাত ?
উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।






৪৮/ লুইত কোঁৱৰ কাক বোলা হয় ?
উত্তৰ:- ৰুদ্ৰ বৰুৱা।




৪৯/ লোকপ্ৰিয় উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- গোপীনাথ বৰদলৈ।




৫০/ শেৱালি কবি ৰূপে কোনজন ব্যক্তি জনাজাত ?
উত্তৰ:- ৰত্নকান্ত বৰকটকী।




৫১/ সাহিত্য ৰত্ন কাক বোলা হয় ?
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা।





৫২/ গণশিল্পী কাক বোলা হয় ?
উত্তৰ:- বিক্ৰম সিং য়েইন।





৫৩/ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।





৫৪/ দেশভক্ত কাক বোলা হয় ?
উত্তৰ:- তৰুণৰাম ফুকন।





৫৫/ কলাগুৰু কাক বোলা হয় ?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।




৫৬/ সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে কোনজন ব্যক্তিক জনা যায় ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।




৫৭/ কৰ্মবীৰ কাক বোলা হয় ?
উত্তৰ:- নবীন চন্দ্ৰ বৰদলৈ।





৫৮/ প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তি পৰিচিত ?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।




৫৯/ বীৰবালা উপাধিৰে কাক সন্মানিত কৰা হৈছিল ?
উত্তৰ:- কনকলতা।





৬০/ ৰূপকোঁৱৰ উপাধি কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল ?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।





৬১/ 'অ ফুল অ ফুল নুফুল কিয়' শীৰ্ষক কবিতাটোৰ নাম কি আছিল?
উত্তৰ:- ফুল ফুলাৰ কথা।





৬২/ 'অ ফুল অ ফুল নুফুল কিয়' শীৰ্ষক কবিতাটোৰ কবি কোন আছিল?
উত্তৰ:- নিৰ্মলপ্ৰভা বৰদলৈ।




৬৩/ জ্ঞানপীঠ বঁটা অৰ্জন কৰা তৃতীয় জন অসমীয়া ব্যক্তিৰ নাম কি?
উত্তৰ:- নীলমণি ফুকন। (তেওঁ ২০২১ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম জন অসমীয়া ব্যক্তি আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেওঁ ১৯৭৯ চনত "মৃত্যুঞ্জয়" উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল, দ্বিতীয়তে মামণি ৰয়ছম গোস্বামী, তেওঁ ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তৃতীয়তে ২০২১ চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল অসমীয়া ভাষাৰ কবি, অধ্যাপক, কলা-সমালোচক, সাহিত্যিক নীলমণি ফুকন।)




৬৪/২০২১ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- অনুৰাধা শৰ্মা পূজাৰী। তেওঁ "ইয়াত এখন অৰণ্য আছিল" উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।





৬৫/২০২১ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- মৃণাল চন্দ্ৰ কলিতা। তেওঁ "বকুল ফুলৰ দৰে" শিশু গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰে।




৬৬/ ২০২১ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- অভিজিৎ বৰা। তেওঁ "ডেউকা কোবাই যায়" গল্প গ্ৰন্থৰ বাবে অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।





৬৭/২০২১ বৰ্ষৰ বড়ো ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা কবি গৰাকীৰ নাম কি?
উত্তৰ:- মোদাই গাহাই। তেওঁ "খৰো ছায়াও আৰ' হিমালয়" কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।





৬৮/২০২১ বৰ্ষৰ বড়ো ভাষা শিতানত সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- ৰত্নেশ্বৰ নাৰ্জাৰী।






৬৯/২০২১ বৰ্ষৰ বড়ো ভাষা শিতানত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- গৌতম দৈমাৰী।





৭০/সাহিত্য আৰু শিক্ষাৰ বাবে ২০২২ বৰ্ষৰ পদ্মশ্ৰী বঁটা অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল?
উত্তৰ:- ধনেশ্বৰ ইংতি।






৭১/২০২২ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- মনোজ কুমাৰ গোস্বামী (গল্প সংকলন - ভুল সত্য)





৭২/২০২৩ বৰ্ষৰ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ:- প্ৰণৱজ্যোতি ডেকা (গল্প সংকলন- ড৹ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প)
Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts