Monday, April 28, 2025

Assamese Gk

ASSAMESE GK
#apscceprelims
#allexam
#deledpetexam



১) প্ৰশ্ন : কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।


২) প্ৰশ্ন : চাহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ : কেমেলিয়া চিনেনচিছ।


৩) প্ৰশ্ন : অসমত বছৰি গড়ে চাহ উৎপন্নৰ পৰিমাণ কিমান?
উত্তৰ : ৪০০ মিলিয়ন কিঃ গ্ৰাঃ (প্ৰায়)।


৪) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰ্টো ক’ত অৱস্থিত?
উত্তৰ : যোৰহাটৰ টোক্‌লাই।


৫) প্ৰশ্ন : অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান?
উত্তৰ : কাকজান চাহ প্ৰতিষ্ঠান।


৬) প্ৰশ্ন : অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো?
উত্তৰ : দি আছাম কোম্পানী।


৭) প্ৰশ্ন : গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ : ১৯৭০ চনত।



৮) প্ৰশ্ন : অসমৰ কোনখন জিলাত গুডৰিক চাহ উদ্যোগটো প্ৰতিষ্ঠিত হৈছিল?
উত্তৰ : দৰং জিলাত।



৯) প্ৰশ্ন : প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল?
উত্তৰ : জগন্নাথ বৰুৱা।



১০) প্ৰশ্ন : ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?
উত্তৰ : ৫৫ শতাংশ।



১১) প্ৰশ্ন : চিংফৌ সকলৰ পৰা কোনে চাহৰ অৱস্থিতী আৱিষ্কাৰ কৰিছিল?
উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।



১২) প্ৰশ্ন : অসমত ‘চাহ বাগিছাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।



১৩) প্ৰশ্ন : কোনে প্ৰথম বাৰৰ বাবে অসমত চাহ খেতিৰ প্ৰচলন কৰিছিল আৰু কেনেদৰে কৰিছিল?
উত্তৰ : চিংফৌ সকলে চাহ খেতি আৰম্ভ কৰিছিল আৰু ইয়াক দৰব হিচাপে ব্যৱহাৰ কৰিছিল।



১৪) প্ৰশ্ন : ব্ৰিটিছ সকলে অসমত (ভাৰত) স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি?



উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত ‘চাবুৱা চাহ প্ৰতিষ্ঠান’।



১৫) প্ৰশ্ন : অসমৰ যোৰহাটত থকা ভাৰতৰ বৰ্তমান সৰ্ববৃহৎ চাহ বাগিছা খনৰ নাম কি?
উত্তৰ : মুঠ ১৩৭৩ হেক্টৰ মাটিকালিৰে সৈতে অসমৰ শোণিতপুৰ জিলাৰ কাকজান চাহ প্ৰতিষ্ঠান।



১৬) প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণাগাৰটোৰ নাম কি আৰ ই ক’ত অৱস্থিত?
উত্তৰ : যোৰহাটৰ টোকোলাইত অৱস্থিত ‘টোকলাই চাহ গৱেষণা কেন্দ্ৰ’।



১৭) প্ৰশ্ন : অসমৰ কোন কেইখন জিলাত সৰ্বাধিক চাহ উৎোআদন হয়?
উত্তৰ : অসমৰ ক্ৰমে ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ আৰু কাছাৰ এই জিলা কেইখনত সৰ্বাধিক চাহ উৎপাদন হয়।




১৮) প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপন্ন হোৱা অঞ্চলটোৰ নাম কি?
উত্তৰ : প্ৰায় ৭০০ খন চাহ বাগিছাৰে উজনি অসমৰ অঞ্চল সমূহত পৃথিৱীৰ সৰ্বাধিক চাহ উৎপন্ন হয়।



১৯) প্ৰশ্ন : বাণিজ্যিক সুবিধাৰ্থে কোনে প্ৰথমে চাহ খেতি আৰম্ভ কৰিছিল?
উত্তৰ : মণিৰাম দেৱান।



২০) প্ৰশ্ন : অসম চাহ নিগম (Assam Tea Corporation) কেতিয়া গঠন কৰা হয়?
উত্তৰ : ১৯৭৩ চনত।



২১) প্ৰশ্ন : সৰ্বমুঠ চাহ নিলামৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থান প্ৰাপ্ত বৰ্তমান পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ চি.টি.চি. (CTC) চাহ নিলাম কেন্দ্ৰটো কি?
উত্তৰ : ১৯৭০ চনত স্থাপিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ।

                               ********
Share:

Related Posts:

Popular Posts