Monday, March 4, 2024

চিপাহী বিদ্ৰোহৰ লগত জড়িত মণিৰাম দেৱানৰ বিষয়ে কিছু তথ্য/Some information about Maniram Dewan involved in the sepoy mutiny #adre #apsc ##Assampolice #GK

চিপাহী বিদ্ৰোহৰ লগত জড়িত মণিৰাম দেৱানৰ বিষয়ে কিছু তথ্য



- জন্ম : ১৮০৬ চনৰ ১৭ এপ্ৰিল




- জন্মস্থান :  শিৱসাগৰ জিলাৰ চাৰিঙ




- পিতৃৰ নাম : মুক্তিয়াৰ ৰাম দত্ত দোলাকাষৰীয়া বৰুৱা




- মাকৰ নাম : কৌশল্যা




- অন্য নাম : মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা





- মৃত্যু : ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী






* ১৮২৪ চনৰ পৰা ১৮২৬ চনলৈকে হোৱা প্ৰথম ইঙ্গ–বাৰ্মা যুদ্ধৰ সময়ত অসমলৈ অহা ব্ৰিটিছ কমিছনাৰ ডেভিড স্কটৰ পথ প্ৰদৰ্শক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা।





* ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। 






* ১৮৩৯ চনত ব্ৰিটিছৰ আচাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰিছিল। 







* অসমৰ চাহৰ আৱিষ্কাৰক বুলি কোৱা ৰবাৰ্ট ব্ৰুচক পৰোক্ষভাৱে চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান। 






* Tea in Assam’ গ্ৰন্থৰ লেখক চেমুৱেল ৱেইল্ডন মণিৰাম দেৱানকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি অভিহিত কৰিছে।






* ১৮৪৫ চনত যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে। 






* এওঁৱে আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক।






* মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। 






* সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল।





* লণ্ডনৰ ইংৰাজী কাকতত প্ৰৱন্ধ লিখা প্ৰথম অসমীয়া হ’ল মণিৰাম দেৱান (Maniram Dewan)। এই ইংৰাজী ভাষাত এই প্ৰৱন্ধটো লিখিছিল অসমৰ চাহ উদ্যোগ তথা চাহ খেতিক কেন্দ্ৰ কৰি।






* ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে।






* দেশ স্বাধীনৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই চিপাহী বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ ৰূপে পৰিগণিত হৈছিল মণিৰাম দেৱান।





এনেকুৱা ধৰনৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇


Share:

0 comments:

Post a Comment

Popular Posts