নাগৰিকত্ব সংশোধনী আইনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ। অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ বাবে হ’ব পৃথক শুনানি। উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰিছে কেন্দ্ৰই। কেন্দ্ৰক সকলো উত্তৰ দিবলৈ ৪ সপ্তাহৰ সময়সীমা উচ্চতম ন্যায়ালয়ৰ। দুসপ্তাহ পিছত হ’ব অসমৰ আবেদনৰ শুনানি। বিতৰ্কিত আইনখনৰ ক্ষেত্ৰত অন্তৰ্ৱতীকালীন স্থগিতাদেশ নিদিলে ন্যায়ালয়ে। NPRক লৈও নিদিলে কোনো স্থগিতাদেশ। কেন্দ্ৰৰ পক্ষক নুশুনাকৈ স্থগিতাদেশ জাৰি নকৰে ন্যায়ালয়ে।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ধাৰাবাহিক ভাবে চলি থকাৰ মাজতেই আজি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ আবেদনসমূহৰ পৃথককৈ শুনানি হ’ব বুলি জনাইছে উচ্চতম ন্যায়ালয়ে।
অহা ৪ সপ্তাহৰ পিছত আকৌ শুনানি হব। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অসমৰ পৰিস্থিতি সুকীয়া বুলিও বিশেষ মন্তব্য কৰে।
0 comments:
Post a Comment
If you have any doubt, please let me know