Monday, January 20, 2020

শিশুৰ খং কিদৰে নিয়ন্ত্ৰণ কৰিব ?

শিশুৰ খং কিদৰে নিয়ন্ত্ৰণ কৰিব ?
---------------------------------------------------
  
আজিকালিৰ শিশুহঁতৰ ইমানেই খং যে, কাৰোৰে কথা শুনিবই নুখোজে ৷ বেছিকৈ খং উঠা শিশু এটিৰ খং কমোৱাৰ কাৰো সাধ্য নাথাকে ৷ এনে অভিযোগ প্ৰায়ে পিতৃ-মাতৃৰ মুখত শুনিবলৈ পোৱা যায় ৷ আনকি মই নিজেই ভুক্তভোগী ৷ শিশুক মাৰপিট কৰা বা জোৰ কৰি কোনো কাম কৰিবলৈ বাধ্য কৰোৱা গুৰুতৰ অন্যায় ৷ বিশেষজ্ঞসকলৰ মতে অভিভাৱকৰ এনে আচৰণে শাশু মনঃস্তত্ত্বৰ ওপৰত বহুত নেতিবাচক প্ৰভাৱ পেলায় ৷ তেন্তে খং উঠা শিশুক কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি???
      আমি সকলোৱে ধৈৰ্য্য ধৰি শিশুৰ মন বুজিবলৈ যত্ন কৰিব লাগে ৷ আমাৰ সকলো অভিভাৱকৰ এটা ভুল ধাৰণা আছে- আমি ভাৱোঁ যে শিশুহঁতে একো বুজি নাপায় ৷ কিন্তু তেনে নহয় ৷ সিহঁতে সকলো কথা বুজি পায় ৷ শিশু এটি মাতৃগৰ্ভত থকাৰে পৰা পৃথিৱী সম্পৰ্কে এনেধৰণৰ ধাৰণা কৰি থাকে ৷ কিন্তু বেছিভাগৰ ক্ষেত্ৰতেই সেই ধাৰণা সঠিক নহয় ৷ সিহঁত যিহেতু খুবেই স্পৰ্শকাতৰ সেয়ে আমাৰ দৃষ্টিত অতি সাধাৰণ এটি বিষয়েও সিহঁতৰ মনত গভীৰ ৰেখাপাত কৰে ৷ সেয়া বুজিবলৈ কঠিন যদিও অসম্ভৱ নহয় ৷ ষ্টেডমেন গ্ৰাহামৰ “আইডেনটিটি” শীৰ্ষক গ্ৰন্থৰ লগতে নিজৰ থেৰাপিষ্ট জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ এই পৰামৰ্শসমূহ আগবঢ়াইছে ------

(১) শিশু এটি খঙত থকা সময়ত তাক শাসন কৰা বা বুজুৱা উচিত নহয় ৷

(২) সম্পূৰ্ণ পৰিবেশ -পৰিস্থিতি লক্ষ্য কৰিহে শিশুটিক বুজাব লাগে ৷

(৩) অভিভাৱক সকলে শিশু এটিৰ খং উঠাৰ কাৰণ বুজি নাপাবও পাৰে, সেয়ে পৰিবেশ বুজি মৰমেৰে তাৰ মনৰ কথা জানিবলৈ আগ্ৰহ  প্ৰকাশ কৰিব লাগে ৷

(৪) যি পৰিবেশত শিশুটিৰ খং উঠিছিল তেনে পৰিবেশৰ পৰা তাক আতৰাই নি শান্ত এক পৰিবেশলৈ লৈ যাব পাৰিলে তাৰ খং নিয়ন্ত্ৰণত সহায়ক হ’ব ৷

(৫) খঙক ইতিবাচক শক্তিলৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰিব লাগে, অৰ্থাৎ আপোনাৰ শিশুক প্ৰশংসা কৰক ৷

(৬) খং উঠিলে শিশুটিয়ে কিবা নহয় কিবা কৰে,সিহঁতৰ প্ৰতিক্ৰিয়া অনুযায়ী প্ৰশংসা কৰিব লাগে ৷ প্ৰথমে নিজেই মন কৰক সকলোবোৰৰ মাজতেই যেন কিবা ভাল কাম এটা কৰি পেলাইছে আপোনাৰ সন্তানে ৷সেইবাবে বিনাদ্বিধাই প্ৰশংসা কৰিব আপোনাৰ সন্তানক ৷ দেখিব তৎক্ষণাত সকলো খং পাহৰি গৈছে সি ৷

       অভিভাৱক সকলে তেতিয়া খং উঠাৰ কাৰণ জানিবলৈ উৎসাহ দিব লাগে ৷ শিশুসকলে যাৰ লগত বেছি সময় থাকে তাৰ পৰাই খং কৰিবলৈও শিকে ৷ খং উঠিলে সেয়ে ঘৰৰ অন্যান্য লোকে যি আচৰণ কৰে তেনে আচৰণেই শিশুটিয়েও কৰে ৷ পিতৃ-মাতৃৰ খং প্ৰকাশৰ ধৰণৰ ওপৰতে নিৰ্ধাৰণ কৰে শিশুৰ প্ৰকাশভংগী ৷ সেয়ে আমি নিজৰ খং উঠিলে যিদৰে নিজক শান্ত কৰো তেনেদৰে সন্তানৰ লগতো কৰিব লাগে ৷ শিশুটিক সেই সময়ত কল্পনাৰ এখন জগতলৈও লৈ যাব পাৰি এনে কিছু প্ৰশ্ন কৰিব পাৰে - তোমাৰ খঙৰ ৰং কি ? ৰংটো কি পাতল কৰিব পাৰি নেকি ? নে তোমাৰ পছন্দৰ ৰঙলৈ পৰিবৰ্তন কৰিব পাৰি ? তোমাৰ খঙৰ শব্দও আছে নেকি ? খং কোনো ধৰনৰ জন্তু নেকি ? খংটো ক’ত থাকে ? তাক কি বাহিৰ কৰি দিব পৰা নাযাব ???

শিশুসকলৰ কল্পনাশক্তি প্ৰবল ৷ সিহঁতে এই প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব আৰু এনেদৰেই খঙৰ কাৰণে সৃষ্টি হোৱা নেতিবাচক শক্তি এটা ইতিবাচক শক্তিলৈ ৰূপান্তৰ হ’ব ৷ শিশুহঁতৰ খং উঠে সহজতে ৷ আৰু সোনকালে খং মাৰো যায় ৷ খঙৰ সময়ত সিহঁতক বেছি মনযোগ দিয়া উচিত নহয় ৷ এনে কৰিলে সিহঁতে ধৰি লয়, খং উঠিলে বেছিকৈ মনযোগ পোৱা যায় ৷ সিহঁতে খঙত কি কয়, তাক কিন্তু আমি মনযোগ দি শুনা উচিত ৷
Share:

1 comment:

Popular Posts