Sunday, September 8, 2019

কিদৰে পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিব? ৩০ ছেপ্তেম্বৰ শেষ সীমা:

কিদৰে পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিব? ৩০ ছেপ্তেম্বৰ শেষ সীমা:

অহা ৩০ ছেপ্তেম্বৰক পেনৰ সৈতে আধাৰ সংযোগৰ অন্তিম দিনৰূপে ধাৰ্য্য কৰা হৈছে। এই সময়সীমাৰ ভিতৰত আধাৰৰ সৈতে সংযোগ নকৰা পেন কাৰ্ডসমূহ ‘অবৈধ’ (invalid) হৈ পৰিব।

কিন্তু আপুনি আপোনাৰ পেনৰ সৈতে আধাৰ সংযোগ কিদৰে কৰিব?
এছ এম এছৰ জৰিয়তে

ঢাপ ১. আপোনাৰ ম’বাইলৰ টেক্সট মেছেজত গৈ লিখক UIDPAN<12টা অংকৰ আধাৰ নম্বৰ> <10টা অংকৰ পেন>

ঢাপ২. সেই মেছেজটো আপোনাৰ পঞ্জীকৃত নম্বৰৰ পৰা 567678 বা 56161 লৈ প্ৰেৰণ কৰক

অনলাইনৰ জৰিয়তে—পদ্ধতি ১ (লগ ইন নকৰাকৈ)

ঢাপ ১. আয় কৰ পৰিশোধৰ ৱে’বছাইট (https://www.incometaxindiaefiling.gov.in/home)লৈ যাওক।

ঢাপ ২. তাত উপলব্ধ অনলাইন ফৰ্মখনত আপোনাৰ পেন আৰু আধাৰ নম্বৰ ভৰ্তি কৰক।

ঢাপ ৩. আধাৰত থকা আপোনাৰ নামটো ভৰ্তি কৰক।

ঢাপ ৪. যদি আপোনাৰ আধাৰ কাৰ্ডত কেৱল আপোনাৰ জন্মৰ তাৰিখটোহে আছে, তেন্তে ফৰ্মখনত দেখা বক্সটোত টিক কৰক।

ঢাপ ৫. এতিয়া সত্যাসত্য নিৰূপণৰ বাবে বক্সটোত কেপচা (Capcha) ছবিখনত থকা ক’ডটো ভৰ্তি কৰক।

ঢাপ ৬. লিংক আধাৰ বুটামটোত ক্লিক কৰক।

ঢাপ ৭. এতিয়া আপোনাৰ পেন আধাৰৰ সৈতে পেন লিংক হোৱা বুলি এটা মেছেজ স্ক্ৰীনত দেখা পাব।

অনলাইনৰ জৰিয়তে— পদ্ধতি ২ (লগ ইন কৰি)

ঢাপ ১. আয় কৰ ই টেক্স ফাইলিং ৱে’বছাইট (https://www.incometaxindiaefiling.gov.in/home)ত ইতিমধ্যেই যদি আপোনাৰ একাউণ্ট আছে বা যদি নাই তেন্তে নিজৰ একাউণ্ট খুলি লগ ইন কৰক।

ঢাপ ২. লগ ইন কৰাৰ পিছত পেনৰ সৈতে আধাৰ সংযোগ কৰিব নেকি সুধি এখন স্ক্ৰীন মুকলি হোৱা দেখিব। তাত গৈ নিৰ্দেশনা অনুসৰি আগবাঢ়িব।

ঢাপ ৩. যদি আপুনি সেই স্ক্ৰীনখন দেখা নাই, তেন্তে একেবাৰে ওপৰৰ বাৰডালত থকা নীলা টেবটোলৈ গৈ ‘Profile Settings’ত যাব আৰু ‘Link Aadhaar’ ক্লিক কৰি নিৰ্দেশনা মতে আগবাঢ়িব।

অফলাইন

যদি আপুনি পেন আৰু আধাৰ অনলাইন সংযোগ কৰিব খোজা নাই বা আন অসুবিধা পাইছে, তেন্তে পেন সেৱা আগবঢ়োৱা এন এছ ডি এল বা উ টি আই আই এছ এলৰ কেন্দ্ৰলৈ গৈ তাত উপলব্ধ এখন ফৰ্ম দাখিল কৰি পেনৰ সৈতে আধাৰ সংযোগ কৰিব পাৰিব I

Share:

0 comments:

Post a Comment

Popular Posts