অসম টেট(প্ৰাথমিক) -২০১৯
Tet Empowered Committeeয়ে অসম টেটৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷
ইংৰাজীতে লিখা বিজ্ঞাপনখনৰ অতি প্ৰয়োজনীয় কথাখিনি চমুকৈ লিখাৰ প্ৰয়াস কৰিছো৷
১)অসম টেটৰ বাবে আবেদন কৰাৰ সময়সীমা হৈছে ০২/০৯/২০১৯ৰপৰা ১৭/০৯/২০১৯ ইং তাৰিখলৈ৷
২)পৰীক্ষা এইবছৰৰ ২০ অক্টোবৰ (তাৰিখটো সালসনলি হবও পাৰে৷)৷
৩)পৰীক্ষাৰ মাচুল General Cast- ৩২৫.০০টকা আৰু Reserved category-৩০০.০০
৪) প্ৰাৰ্থীসকলে দুয়োখন কাকতৰ(LP/UP) বাবে পৰীক্ষা দিব বিচাৰিলে বেলেগ বেলেগকৈ পৰীক্ষা দিব লাগিব আৰু আৰু ফীজ বেলেগকৈ জমা দিব লাগিব৷
৫)পৰীক্ষাৰ জ'ন- এইবাৰ টেট পৰীক্ষাত আপুনি পৰীক্ষাৰ জ'ন নিৰ্বাচন কৰিব লাগিব৷ উদাহনস্বৰূপে কলো আপুনি কামৰূপ জিলাৰ প্ৰাৰ্থী ৷ যদি আপুনি আপুনি কামৰূপ জিলাৰ অন্তৰ্ভুক্ত (৪/৫খন জিলাৰ সমষ্টি) তেন্তে ভবিষ্যতে আপুনি ধুবুৰী বা মানকাচৰত আবেদন কৰিব নোৱাৰিব৷ বা মাজুলী জ'নৰ লৰা এজনে ভবিষ্যতে কামৰূপ জিলাত আবেদন কৰিব নোৱাৰিব৷ গতিকে এই জ'ন নিৰ্বাচন কৰোতে সাৱধান হব৷ ধৰাহল গুৱাহাটীৰ বঙালী মিডিয়ামৰ লৰা এজনে টেট পৰীক্ষাত কামৰূপ জিলাৰ জ'নত আবেদন কৰি ভবিষ্যতে বৰাক ভেলীত বেছি পদৰ সংখ্যা দেখি বৰাকত আবেদন কৰিব নোৱাৰিব৷
৬)আটাইতকৈ গুৰুত্বপূৰ্ন কথাটো হৈছে এইবাৰ টেট পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত(Arup Kr Medhi vs Assam Govt) অনুষ্ঠিত কৰিবলৈ লৈছে৷
৭)এইবাৰৰ টেট পৰীক্ষাত বয়সৰ নিৰ্দিষ্ট সীমা নাই৷ কিন্তু আপুনি চাকৰিত আবেদন কৰোতে বয়সৰ কথা তেতিয়াহে আহিব৷
৮)অসম টেট ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ন৷ তেখেতসকলে পাছ কৰি লব পাৰে৷
৯)যিসকলে D.EL.ED.বা B.ED. পঢ়ি আছে বা কমপ্লিট হোৱা নাই তেখেতসকলেও টেট পৰীক্ষা দিব পাৰিব৷
Thanks for this simple analysis.
ReplyDeleteVery nice , helpful
ReplyDeleteTq....for this simple analysis.....
ReplyDelete