প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু নাই।
তেওঁৰ জীৱনৰ কিছু তথ্য:
১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে অবিভক্ত পাঞ্জাবৰ আম্বালা কেণ্টনমেণটত সুষমা স্বৰাজৰ জন্ম হৈছিল।
বিবাহৰ আগতে তেওঁৰ নাম সুষমা শৰ্মা আছিল আৰু ঘৰত চিংকু বুলি মাতিছিল।
তেওঁৰ পিতৃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য আছিল।
তেওঁ আম্বালা কেণ্টনমেণটৰ সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা সংস্কৃত আৰু ৰাজনীতি বিজ্ঞানক মুখ্য বিষয়লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
তাৰ পিছত তেওঁ চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰে।
১৯৭৩ চনত তেওঁ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে যোগ দিয়ে।
১৯৭০ৰ দশকত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগ দিয়ে।
তেওঁৰ স্বামী স্বৰাজ কৌশল সমাজবাদী নেতা জৰ্জ ফাৰ্নাণ্ডেজৰ ঘনিষ্ঠ সহযোগী আছিল।
তেওঁ ১৯৭৫ চনত জৰ্জ ফাৰ্নাণ্ডেজৰ আইন ৰক্ষা দলত যোগদান কৰে।
তেওঁ জয়প্ৰকাশ নাৰায়ণৰ সম্পূৰ্ণ বিপ্লৱ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
ভাৰতৰ অপাতকালৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেত্ৰী হৈ পৰে
সুষমা স্বৰাজ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা।
১৯৯০-৯৬ চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত।
তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী আৰু ভাৰত চৰকাৰৰ মোদী কেবিনেটৰ প্ৰাক্তন বিদেশ মন্ত্ৰী।
বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা।
তেওঁ ৭ বাৰৰ বাবে সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে।
তেওঁ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কণিষ্ঠতম মন্ত্ৰী।
ইয়াৰ লগতে তেওঁ ১৩ অক্টোবৰ ১৯৯৮ চনৰ পৰা ৩ ডিচেম্বৰ ১৯৯৮ চনলৈ দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তেওঁ মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰায় ৪,০০,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল।
তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিদেশ মন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে’ত শপত গ্ৰহণ কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্ণালে তেওঁক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল।
(সংগ্ৰহ)
I support ur questions
ReplyDeleteI support ur questions
ReplyDelete