অসমৰ জিলাসমুহৰ সৃষ্টিৰ বিষয়ে চমুকৈ:
অসমৰ মুঠ জিলাৰ সংখ্যা – ৩৫ খন ।
(ক) বৃটিছ শাসনত অসমৰ মুঠ জিলা আছিল – ৫ খন
(১) লক্ষীমপুৰ জিলা , (২) শিৱসাগৰ জিলা , (৩) দৰং জিলা , (৪) নগাওঁ জিলা আৰু (৫) কামৰুপ জিলা ।
(খ) ১৮৭৪ চনত নতুন ৩ খন জিলা সৃষ্টি হয় ।
ব্ৰক্ষপুত্ৰ উপত্যকাৰ (৬) গোৱালপাৰা জিলা , বৰাক উপত্যকাৰ পৰা (৭)কাছাৰ জিলা ,উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ পৰা (৮) ছিলেট জিলা ।
(খ) ১৮৭৪ চনত নতুন ৩ খন জিলা সৃষ্টি হয় ।
ব্ৰক্ষপুত্ৰ উপত্যকাৰ (৬) গোৱালপাৰা জিলা , বৰাক উপত্যকাৰ পৰা (৭)কাছাৰ জিলা ,উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ পৰা (৮) ছিলেট জিলা ।
(গ) স্বাধীনতা সময়ত অসমত আৰু ২ খন নতুন জিলাৰ সৃষ্টি হয় ।
(৯) ডিব্ৰুগড় জিলা , (১০) কাৰ্বিআংলং জিলা
(ঘ) ১৯৮৩ চনত হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ দিনত
গোৱালপাৰা জিলাৰ পৰা (১১) ধুবুৰী আৰু (১২) কোকৰাঝাৰ , কাছাৰ জিলাৰ পৰা (১৩) কৰিমগঞ্জ জিলা , কামৰুপ জিলাৰ পৰা (১৪) বৰপেটা জিলা , দৰং জিলাৰ পৰা (১৫) শোণিতপুৰ জিলা , শিৱসাগৰ জিলাৰ পৰা (১৬) যোৰহাট জিলা আৰু (১৭) গোলাঘাট জিলা , ডিব্ৰুগড় জিলাৰ পৰা (১৮) তিনিচুকীয়া জিলাৰ সৃষ্টি কৰে ।
(ঙ) ১৯৮৫ চনত প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত –
ধুবুৰী, গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশ লগলগাই (১৯) বঙাইগাওঁ জিলা , কামৰুপ জিলাৰ পৰা আকৌ (২০) নলবাৰী জিলা , দৰং জিলাৰ পৰা (২১) ওদালগুৰি জিলা , লক্ষীমপুৰ জিলাৰ পৰা (২২) ধেমাজী জিলা ,নগাওঁ জিলাৰ পৰা (২৩) মৰিগাওঁ জিলা , আৰু কাছাৰ জিলাৰ পৰা (২৪) হাইলাকান্দি জিলাৰ সৃষ্টি হয় ।
তাৰ পাছত আকৌ কামৰুপ জিলা পৰা (২৫) কামৰুপ মহানগৰ জিলাৰ সৃষ্টি হয় ।
(চ) ২০০৩ চনত তৰুণ গগৈ চৰকাৰে কোকৰাঝাৰ জিলাৰ পৰা (২৬) চিৰাং জিলা , ওদালগুৰি জিলাৰ পৰা (২৭) বাক্সাৰ জিলাৰ সৃষ্টি হয় ।
(ছ) ২০১৫ চনত আকৌ তৰুণ গগৈ চৰকাৰে –
ধুবুৰী জিলাৰ পৰা (২৮) দক্ষিণ শালমাৰা জিলা , ( নগাওঁ জিলাৰ পৰা (২৯) Hoজাই জিলা , শোণিতপুৰ জিলাৰ পৰা (৩০) বিশ্বনাথ জিলা , শিবসাগৰ জিলাৰ পৰা (৩১) চৰাইদেই জিলা ,কাৰ্বি আংলং হামৰেণ মহকুমাক সামৰি (৩২) পশ্চিম কাৰ্বিআংলং জিলাৰ সৃষ্টি কৰে ।
(জ) ২০১৬ চনত তৰুণ গগৈ চৰকাৰে আকৌ – কামৰুপ জিলাৰ পৰা (৩৩) পুব কামৰুপ জিলা আৰু (৩৪) দক্ষিণ কামৰুপ জিলাৰ সৃষ্টি কৰে ।
আৰু যোৱা ৮-০৯-২০১৬ তাৰিখে সৰ্বানন্দ সোনোবাল চৰকাৰে যোৰহাট জিলাৰ পৰা মাজলী নদীদ্বীপ সামৰি (৩৫) মাজুলি জিলাৰ সৃষ্টি কৰে ।
0 comments:
Post a Comment