Wednesday, July 24, 2019

অসমীয়া সাহিত্যৰ বিষয়ে অলপ শিকো আহক

১) অসমীয়া সাহিত্যৰ প্ৰথমটো গল্পৰ ৰচক কোন ?
👉 লক্ষ্মীনাথ বেজবৰুৱা ৷

২) প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি ?
👉 অৰুণোদয় ৷

৩) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি ?
👉 বনকুঁৱৰী ৷

৪) প্ৰথম অসমীয়া চনেট কবিতাটোৰ ৰচক কোন ?
👉 হেমচন্দ্ৰ গোস্বামী ৷

৫) প্ৰথম অসমীয়া সামাজিক উপন্যাসখনৰ নাম কি ?
👉 মিৰি জীয়ৰী ৷

৬) প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি ?
👉 পাতালপুৰী ৷

৭) সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া গ্ৰন্থৰ নাম কি ?
👉 বনফুল ( যতীন্দ্ৰনাথ দুৱৰা ) ৷

৮) অসমীয়া মহিলাৰ দ্বাৰা লিখা প্ৰথমখন উপন্যাসখনৰ নাম কি ?
👉 সুৰ্ধমাৰ উপন্যাস (1884, পদ্মাৱতী দেৱী ফুকননী ) ৷

৯) প্ৰথম অসমীয়া অনাতাঁৰ নাট কোনখন ?
👉 বীণ-বৰাগী (নাট্যকাৰ : প্ৰফুল্লচন্দ্ৰ বৰুৱা ) ৷

১০) অসমৰ পৰা প্ৰকাশিত প্ৰথমখন ইংৰাজী বাতৰি কাকত কোনখন ?
👉 দি আচাম ট্ৰিবিউন (1946, প্ৰথম সম্পাদক : লক্ষ্মীনাথ ফুকন ) ৷

ধন্যবাদ ৷

Share:

1 comment:

Popular Posts