Tuesday, July 23, 2019

আপুনি FaceApp ব্যৱহাৰ কৰে নিকি ? আপুনি নিজেই বিচাৰ কৰক FaceApp ব্যৱহাৰ কৰা উচিত নে অনুচিত ...

আপুনি FaceApp ব্যৱহাৰ কৰে নিকি ?
আপুনি নিজেই বিচাৰ কৰক FaceApp ব্যৱহাৰ কৰা উচিত নে অনুচিত ...

এই FaceApp টো এটা ৰাচিয়ান এপ। ইয়াক ২০১৭ চনত লঞ্চ কৰা হৈছিল যদিও ভাইৰেল হ'ল এই দুদিনত। কাৰণ দুজনমান চেলিব্ৰিটিয়ে FaceApp ৰ ফটো শ্বেয়াৰ কৰি #FaceAppChallenge ৰাখিলে। চেলিব্ৰিটিয়ে চেলেঞ্জ ৰাখিলে যেতিয়া আমি জানো চেলেঞ্জ নকৰাকৈ থাকিব পাৰো। আদাক দেখি উঠিল গা, কেটকুৰীয়ে বুলে মোকো খা। বাৰু যি কি নহওঁক, এতিয়া আহোঁ এপটোৰ বিষয়ে — "এই FaceApp টোৱে আৰ্টিফিসিয়েল ইনটিলেজেন্ত ৰিপৰ্টৰ দ্বাৰা আপোনাৰ মুখৰ পৰিবৰ্তন কৰিব পাৰে। ই আপোনাক ডেকাৰ পৰা বুঢ়া, বুঢ়াৰ পৰা ডেকা, ল'ৰাৰ পৰা ছোৱালী আৰু ছোৱালীৰ পৰ ল'ৰা সজাব পাৰে। লগতে বেলেগ বেলেগ চুলিৰ ষ্টাইল, দাঢ়িৰ ৰং সলাব পাৰে। বৰ্তমান এই FaceApp টো ১২১ খন দেশৰ IUS ষ্টৰৰ শীৰ্ষ স্থানত আছে।

                    এতিয়া আহোঁ মুল কথালৈ — আপুনি জানেনে...? এই এপটোত আপুনি সুৰক্ষিত নহয়। ই আপোনাৰ Privacy শেষ কৰে। সেয়েহে আমেৰিকাৰ সাংসদে FBI ক এই এপটোৰ ওপৰত বিচাৰ কৰিবলৈ দায়িত্ব দিয়ে। কিয়নো এই এপটোৱে তাৰ Terms and Conditions ত কৈছে যে — "আপুনি FaceApp ৰ জৰিয়তে বিনা পইচাৰে গোটেই পৃথিৱীতে ফ্ৰীতে লাইচেঞ্চ দিছে। ই আপোনাৰ ফটোক প্ৰকাশ কৰিব পাৰে আৰু সলনিও কৰিব পাৰে।" — ইয়াৰ অৰ্থ, এই কোম্পানীয়ে আপোনাৰ ফটোক কোনো ব্যৱসায়জনিত কাৰণত 3rd পাৰ্টিক দিব পাৰে। কিন্তু এই বিষয়ে আপুনি একোকে গম নাপাব। দ্বিতীয় বিপদতো হ'ল, FaceApp ৰ Privacy Policy ত লিখা আছে — "আমি আপোনাৰ ঠিকনা, মবাইল কূকীজ, ল'গ ফাইলচ আৰু লোকেচন যিকোনো 3rd পাৰ্টিৰ লগত শ্বেয়াৰ কৰিব পাৰো, যাতে আমি আপোনাক সহায় কৰিবলৈ সুবিধা হয়।" অবশ্যে FaceApp য়ে আচুতিয়াকৈ প্ৰকাশ কৰিছে যে, তেওঁলোকে কোনো ডাটা 3rd পাৰ্টিক নিদিয়ে। প্ৰকাশ কৰিলেও কিন্তু বিশ্বাসত লোৱা উচিত নহয়। কিয়নো এনে এপবোৰ এবাৰ Trading ত আহে আৰু বহু লোকৰ ডাটা একেবাৰে লৈ যায়। আৰু এপটোৰ ভবিষ্যত নাই অৰ্থাৎ কিছু দিন ইউজ্ কৰাৰ পাছত ব্যৱহাৰকাৰীয়ে এপটোত ফটো এডিট কৰিব এৰিব আৰু আমনি লগা হব। এই কথা এপটোৰ কোম্পানীয়েও জানে। সেইবাবে ডাটা চুৰিৰ সম্ভাৱনা বেছি।  FaceApp ৰ তৃতীয় বিপদতো হল — আপোনাৰ এডিট কৰা ফটোবোৰ আপোনাৰ গেলাৰীত চেভ নহয়। ই এপটোৰ চাৰভাৰত থাকি যায়। সেয়ে এপ কোম্পানীয়ে আপোনাৰ ফটো যেতিয়াই ইচ্ছা, তেতিয়াই ব্যৱহাৰ কৰিব পাৰিব। FaceApp ৰ মতে ৪৮ ঘণ্টাৰ পাছত কিছুমান ফটো ডিলিট কৰা হয় বুলি প্ৰকাশ কৰিছে, কিন্তু সকলো ফটো ডিলিট নহয় বুলিও প্ৰকাশ কৰিছে।

                    এই কথাখিনি পঢ়ি হয়তো আপুনি এতিয়া FaceApp টো Uninstall কৰাৰ কথা ভাবিছে। কিন্তু এইটো কথাও জানি লওঁক যে, আপুনি ইতিমধ্যে আপোনাৰ নিজৰ Identity হিচাপে নিজৰ ফটো, আপোনাৰ Browser History আৰু Location দি দিলে। এতিয়া এপটোহ আতৰালেও আপোনাৰ ডাটাবোৰ থাকি যাব। এটা কথা জানি থওক যে — সকলো এপ কোম্পানীয়ে এপটোৰ বিষয়ে নিজৰ Terms and Conditions ত সকলো প্ৰকাশ কৰি দিয়ে যাতে কোনো চাইবাৰ অপৰাধত নাইবা চৰকাৰী ইচ্যুত অপৰাধী নহয়। সম্পূৰ্ণ দোষ তেওঁলোকে ব্যৱহাৰকাৰীৰ ওপৰত জাপি দিয়ে। কিন্তু আমাৰ So Called শিক্ষিত সকলে Terms and Conditions পঢ়িবলৈ সময়ে নাথাকে। মাত্ৰ চকুমুদি Accept, Accept, Accept কৰি যায় আৰু এই Accept য়ে কৰিয়েই আপুনি সকলো ডাটা তেওঁলোকক দি দিয়ে। নিজৰ ব্যক্তিগত ডাটা বহুতে আনক দিবলৈ টান পায় নাইবা চৰকাৰী কামত হলেও। কিয়নো আধাৰ কাৰ্ডৰ সময়ত ই বহুবাৰ বিতৰ্ক হৈছে। কিন্তু সেই ডাটা আপুনি আপোনাৰ মবাইলৰ জৰিয়তে বিদেশী মানুহক দি আছে। যি নেকি আপুনি নিজেই নাজানে। সেয়ে অলপ সাবধান হওক। যিহকে পায়, দেখে তাকেই কৰিব নাজাব। সেই বিষয়ে বিতং কৈ জানি লওঁক। তাৰ পিছত ব্যৱহাৰ কৰা উচিত নে অনুচিত নিজে বিচাৰ কৰক। কিয়নো সাবধানৰ মৰণ নাই।

Share:

0 comments:

Post a Comment

Popular Posts