Friday, March 8, 2019

বিশ্ব নাৰী দিৱস , উৎপত্তি আৰু তাৎপৰ্য্য

আজি বিশ্ব নাৰী দিৱস

প্ৰত্যেক বছৰৰ ৮ মাৰ্চ তাৰিখটো " বিশ্ব নাৰী দিৱস" হিচাপে পালন কৰা হয়। এই  বিশ্ব নাৰী দিৱস দিনটো কেনেকৈ আৰম্ভ   হ'ল তাৰে এটি চমু বিৱৰণ নজনা সকলক জনাব বিচাৰিছো।

     ১৮ শ শতিকাৰ আৰম্ভণিতে ইউৰোপৰ চহৰ বিলাকত নাৰী আন্দোলনে গা কৰি উঠিছিল। ইউৰোপৰ বিভিন্ন উদ্যোগত নাৰী সকলক শোষণ কৰা হৈছিল। পুৰুষতকৈ কম বেতন দিছিল। অধিক পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। এই দমনমূলক নীতি ৰোধ কৰাৰ বাবে মহিলা শ্ৰমিক সকলে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব লগা হৈছিল। তাৰ ফলশ্ৰুতিত ১৮৬৬ চনৰ ৮ মাৰ্চত প্ৰথম চৰ্ত প্ৰস্তাৱিত হৈছিল নাৰীৰ সমতা অধিকাৰ। ১৮৭১ চনৰ ৮ মাৰ্চত ইউৰোপৰ নাৰী সকলে এটা সংস্থা খুলিলে। " পেৰী কমিউন" নামৰ এই সংস্থাৰ সহযোগত প্ৰথম বিশ্ব যুদ্ধত নিহত শোকসন্তপ্ত পৰিয়াল বৰ্গৰ মাতৃ, পত্নী, ভগ্নী, কন্যা সকলে ৰাজপথলৈ ওলাই আহি শক্তিশালী আন্দোলন কৰিলে। এই আন্দোলনক সকলো জনসাধাৰণে সমৰ্থন কৰিলে। সেই সময়ত মহিলা সকলৰ এই জঙ্গী আন্দোলনে অত্যাচাৰী ৰজা জাৰৰ শাসন ওৰ পেলাবলৈ সক্ষম হৈছিল। ১৮০৫ চনৰ পৰা ১৮০৭ চনলৈকে জাৰে কৰা এই অত্যাচাৰী শাসনৰ পতন হৈছিল আৰু মহিলা সকলে ভোটাধিকাৰ পাইছিল।
           ১৯১০ চনত কপেন হেগনত ১৭ খন দেশৰ ১০০ গৰাকী নাৰী উপস্থিত হৈ আন্তৰ্জাতিক নাৰী সন্মিলন অনুস্থিত কৰিছিল। আৰু তেতিয়াই জাৰ্মানীক প্ৰতিনিধিত্ব কৰা ক্লাৰা জেটকিনে ৮ মাৰ্চ দিনটো "বিশ্ব নাৰী দিৱস" হিচাপে পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াই। এই বিশ্ব নাৰী দিৱসৰ মূল উদ্দেশ্য হৈছে ,,, নিৰ্যাতিতা, নিপীড়িত,শোষিত, বঞ্চিত নাৰী সকলক নিৰাপত্তা দিয়া আৰু সমানে সমানে সকলো কামতে নিয়োগ কৰি সম অধিকাৰ প্ৰদান কৰা।
                ১৯৭৫ চনৰ ৮ মাৰ্চত সমগ্র বিশ্বই " আন্তৰ্জাতিক নাৰী দিৱস" পালন কৰে। ১৯৭৫ চনৰ পৰা ১৯৮৫  চনলৈকে UNESCO ই সমগ্র বিশ্বকে "নাৰী দশক" হিচাপে পালন কৰিবলৈ আহ্বান জনাই।
                 ভাৰতবৰ্ষত ১৯২৭ চনত নাৰীৰ শৈক্ষিক আৰু সামাজিক স্থান উন্নত কৰাৰ উদ্দেশ্য" সৰ্বভাৰতীয় নাৰী সন্মিলন" অনুস্থিত কৰা হয়। অসমত ১৯২৫ চনতে চন্দ্ৰপ্ৰভা শইকীয়ানী দেৱীয়ে " অসম মহিলা সমিতি" গঠন কৰিছিল নাৰীক গৃহ বন্দীত্বৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে।
১৯৯৫ চনত ভাৰতীয় সংসদে নাৰী সকলৰ বাবে ৰাজ্যিক মহিলা আয়োগ গঠন কৰিছিল।
          বৰ্তমান সময়ত আন্তৰ্জাতিক নাৰী দিৱসক ৰাষ্টসংঘই বহুত গুৰুত্ব দি আহিছে। নাৰী সৱলীকৰণ, জন সচেতনতা, শিক্ষা, নাৰী সুৰক্ষা, আত্মবিকাশত সৃষ্টি হোৱা সমস্যাৰাজিৰ সমাধান, সমাজৰ উন্নতি সাধনত নাৰীৰ অৰিহণা, সকলো সামাজিক কামত সক্ৰিয় অংশগ্ৰহন আদি বিভিন্ন বিষয়ত গুৰুত্ব দিয়া গৈছে।
             তাৰোপৰি ভাৰতবৰ্ষৰ প্ৰতি খন চৰকাৰে তেওঁলোকৰ শাসন কালত নাৰী সৱলীকৰণৰ ওপৰত বিভিন্ন আঁচনি প্ৰয়োগ কৰি আহিছে। ইয়াৰোপৰিও ভাৰতীয় সংবিধানত নাৰীৰ স্থান উন্নত কৰাৰ বাবে , শোষণৰ বিৰুদ্ধে, সুৰক্ষাৰ উদ্দেশ্যে বহু আইনী সুবিধা প্ৰদান কৰিছে।
             গতিকে নাৰী দিৱস সূচাৰুৰূপে , সঠিক উদ্দেশ্যত উদযাপন কৰি নাৰীক শিক্ষিত, সচেতন কৰিব পাৰিব লাগিব।তেতিয়াহে এখন সমাজৰ উন্নতি নিশ্চিত

Share:

0 comments:

Post a Comment

Popular Posts