Wednesday, February 20, 2019

নিমখ বেছি পৰিমাণে খোৱাটো কিয় বেয়া?

নিমখ বেছি পৰিমাণে খোৱাটো কিয় বেয়া?

আমি সকলোৱে নিমখৰ গুৰুত্বৰ বিষয়ে জানো। আমি জানো যে আমাৰ শৰীৰে কিছু পৰিমাণে নিমখ বিচাৰে। আমাৰ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ কাম-কাজ সুচাৰুৰূপে চলিবৰ কাৰণে নিমখ খোৱাটো অপৰিহাৰ্য। মানুহৰ শৰীৰটোৰ অভ্যন্তৰত তৰল দ্ৰব্য সঞ্চালনৰ কাৰণেও কিছু পৰিমাণে নিমখৰ দৰকাৰ হয়।
যোৱা বছৰ ‘জাৰ্নেল চেল মেটাবলিজিম’ নামৰ জাৰ্ণেলখনত প্ৰকাশিত এক অধ্যয়নৰ ফলাফলত কোৱা হৈছে যে, নিমখ খালে শৰীৰত ক্ষতিকাৰক বেক্টেৰিয়াৰ সংক্ৰমণ আৰু অন্যান্য বীজাণুৰ সংক্ৰমণো প্ৰতিৰোধ হয়।
আন ভালেকেইটা অধ্যয়নত প্ৰকাশ পোৱা মতে বেছি মাত্ৰাত নিমখ সেৱন কৰিলে আন ভালেমান গম্ভীৰ আৰু যন্ত্ৰণাদায়ক স্বাস্থ্য সমস্যা বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পায়। বিশেষভাৱে হৃদপিণ্ড আৰু ধমনীৰ ৰোগৰ ক্ষেত্ৰত উচ্চ মাত্ৰাৰ নিমখ সেৱনে বিপদ বঢ়াব পাৰে। বেছি মাত্ৰাত নিমখ খালে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আৰু হৃদৰোগ বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পায় বুলি বিভিন্ন অধ্যয়নত প্ৰমাণ পোৱা গৈছে।
এই বছৰৰ আৰম্ভণিতে ‘জাৰ্ণেল অব এগ্ৰিকালচাৰ এণ্ড ফুড কেমেষ্ট্ৰি’ৰ এটি সংখ্যাত প্ৰকাশিত এটি অধ্যয়নৰ প্ৰতিবেদনত দিয়া পৰামৰ্শ মতে বেছি মাত্ৰাত নিমখ থকা খাদ্যই লিভাৰৰ ক্ষতিসাধন কৰে। অন্য এটা অধ্যয়নৰ প্ৰতিবেদন মতে আকৌ বেছি নিমখ থকা খাদ্য খালে আকৌ মাল্টিপল স্ক্লে’ৰ’চিছ হোৱাৰ আশংকা বৃদ্ধি পায়।
অধিক মাত্ৰাত নিমখযুক্ত খাদ্যই শৰীৰত আন ভালেকেইটা বিকাৰ সৃষ্টি কৰিব পাৰে। বেছিকৈ নিমখ খালে শৰীৰত অধিক মাত্ৰাত পানী সঞ্চিত হ’ব পাৰে। তাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰে। তাৰ পৰিণতিত ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰ আৰু ধমনীৰ ৰোগ হোৱাৰ আশংকা বাঢ়ে।
বেছি মাত্ৰাত নিমখ খালে আমাৰ শৰীৰৰ ওপৰত ইমানবিলাক ৰোগৰ বোজা বাঢ়িব পাৰে, কিন্তু কিমান পৰিমাণত নিমখ খালে আমাৰ শৰীৰত স্বাস্থ্যৰ ক্ষতিকাৰক প্ৰক্ৰিয়া আৰম্ভ হয়- সেই বিষয়টো এতিয়াও বিতৰ্কৰ আৱৰ্তত আছে।
খাদ্য বিজ্ঞানীসকলে এতিয়াও নিমখৰ ক্ষতিকাৰক ক্ৰিয়া আৰম্ভ হোৱাৰ পৰিমাণটো নিৰ্ণয় কৰিব পৰা নাই।
খাদ্য বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰি দিয়া খাব পৰা নিমখৰ পৰিমাণটো প্ৰয়োজনতকৈ কম হৈছে নেকি- এই প্ৰশ্নটোৱে সকলো খাদ্য বিশেষজ্ঞকে অপ্ৰস্তুত কৰে।
বৰ্তমান প্ৰচলিত পৰামৰ্শ হ’ল- প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৈ দিনে ২৩০০ মিলিগ্ৰাম ছডিয়াম খাব লাগে। এই পৰিমাণতকৈ বেছি মাত্ৰাত ছডিয়াম কোনো কাৰণতে খাব নেলাগে।
কিন্তু অলপতে প্ৰকাশিত ‘মেডিকেল নিউজ টুডে’ নামৰ ৱেবচাইটৰ এটা ৰিপোৰ্ট মতে প্ৰতি দিনে এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে ছডিয়ামৰ অনুমোদিত পৰিমাণ হ’ল ৩০০০ মিলিগ্ৰাম আৰু এই পৰিমাণো প্ৰয়োজনতকৈ বহুগুণে কম হ’ব পাৰে আৰু স্বাস্থ্যৰ বাবে আশংকাজনক হ’ব পাৰে।
কানাডাৰ মেকমাষ্টাৰৰ বিশ্ববিদ্যালয়ৰ কেইজনমান গৱেষকে চলোৱা এটা অধ্যয়নযোগে প্ৰমাণ পালে যে, যিসকল প্ৰাপ্তবয়ষ্ক লোকে দিনটোত ৩০০০ মিলিগ্ৰামতকৈ কম মাত্ৰাত নিমখ খায়, তেওঁলোকৰ হাৰ্ট এটেক, ষ্ট্ৰোক আৰু অকাল মৃত্যু হোৱাৰ আশংকা বাঢ়ে, এই আশংকা গড় হিচাপত বেছি মাত্ৰাত নিমখ খোৱা ব্যক্তিতকৈ যথেষ্ট বেছি।
গৱেষকৰ দলটোৱে বেছি মাত্ৰাত নিমখ খাই থকা লোকৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকাৰ বিষয়েও অধ্যয়ন চলাইছিল।
এই অধ্যয়নলানিত তেওঁলোকে পালে যে যিসকল প্ৰাপ্তবয়ষ্ক লোক উচ্চ ৰক্তচাপত ভুগি আছে আৰু হৃদৰোগ আৰু ষ্ট্ৰোক হোৱাৰ তীব্ৰ আশংকা আছে, সেই লোকসকলে দৈনিক ৬০০০ মিলিগ্ৰাম পৰিমাণত নিমখ খায়।
‘উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলে বেছি পৰিমাণৰ নিমখ খোৱাটো নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন বুলি বিভিন্ন পৰীক্ষা-নিৰীক্ষাত প্ৰমাণিত হৈছে।
কিন্তু দৈনিক খোৱা নিমখৰ পৰিমাণ কমালেই যে ৰক্তচাপ হ্ৰাস পাব, সেই কথা তথ্য ভিত্তিক নহয়’।– এই কথা প্ৰকাশ কৰিছে এই বিষয়ত অধ্যয়ন চলোৱা দলটোৰ মুৰব্বী এণ্ড্ৰো মেন্টেই।
এতিয়া প্ৰচলিত নিমখ সেৱনৰ পৰামৰ্শৰ ওপৰত এই প্ৰথমবাৰৰ বাবে প্ৰশ্ন উত্থাপিত হোৱা নাই।
ইয়াৰ আগতে ২০১৪ চনত নিউইয়ৰ্ক চিটিৰ এলবাৰ্ট আইনষ্টাইন কলেজ অব মেডিচিনৰ গৱেষক মিচেল এইচ এণ্ডাৰমেনে চলোৱা এক, অধ্যয়নত প্ৰমাণ পাইছিল যে, দৈনিক ২৫০০ মিলিগ্ৰামতকৈ কম নিমখ খোৱা লোকসকলৰ স্বাস্থ্যৰে ক্ষতিৰ আশংকা কম হোৱাৰ সৈতে কোনো সম্পৰ্ক নাই।
চিকিৎসা বিজ্ঞান সকলোকে সতৰ্ক কৰি দিছে যে নিমখৰ মাত্ৰা হ্ৰাস কৰি আনিলে ৰক্তচাপ কম হৈ থাকে।
এনে ধৰণৰ ফলাফল পোৱাৰ পিছতো আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনে’ প্ৰকাশ কৰিছে যে, দৈনিক সেৱন কৰা ছডিয়ামৰ পৰিমাণ ২৩০০ মিলিগ্ৰামতকৈ কমাই আনিলে বেছি পৰিমাণে নিমখ খোৱা লোকতকৈ স্বাস্থ্যৰ ক্ষতিৰ আশংকা হ্ৰাস পায়।
ঔষধ প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে দৈনিক ২৩০০০ মিলিগ্ৰামতকৈ কম পৰিমাণত ছডিয়াম সেৱন কৰিলে যিকোনো লোকৰে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব আৰু অকালতে ৰোগগ্ৰস্ত হৈ মৃত্যুমুখত পৰাৰ পৰা হেজাৰ হেজাৰ লোকক বচাব পৰা যাব।অৱশ্যে বহুতো বিজ্ঞানীয়ে ভাবে যে বৰ্তমান অনুমোদিত পৰিমাণৰ ছডিয়াম সেৱন, এজন সুস্থ প্ৰাপ্তবয়ষ্ক লোকৰ কাৰণে যথেষ্ট কম হৈছে। কিন্তু কোনো গৱেষকে এই পৰিমাণৰ নিমখতকৈ বেছি মাত্ৰাত নিমখ খোৱাটো নিশ্চিতভাৱে নিৰাপদ হ’ব পাৰে বুলিও ক’ব নোৱাৰে।
সেয়ে প্ৰায় সকলো গৱেষক আৰু খাদ্য বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে, কিমান পৰিমাণত নিমখ খাব লাগিব, সেই বিষয়ত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে।
বহুতো স্বাস্থ্য বিশেষজ্ঞই কম পৰিমাণে নিমখ খোৱাৰ পৰামৰ্শটোকে সমৰ্থন কৰে। আন এদল গৱেষকে আকৌ দীৰ্ঘদিন ধৰি কম পৰিমাণে নিমখ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰে, সেই বিষয়ে আন এলানি গৱেষণা চলাব লাগে বুলি মত প্ৰকাশ কৰিছে। এনে এটি গৱেষণাৰ পিছতহে সৰ্বসাধাৰণৰ কাৰণে নিমখ সেৱনৰ সঠিক পৰিমাণ সম্পৰ্কে অনুমোদনৰ পৰামৰ্শ দিব লাগে।
আন এচাম বিজ্ঞানী বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে সৰ্বসাধাৰণৰ স্বাস্থ্যৰ উপকাৰ হ’ব পৰাকৈ এক নিৰ্দিষ্ট পৰিমাণত নিমখ সেৱনৰ পৰামৰ্শ দিয়া উচিত।
বিষয়টোৰ ওপৰত অধ্যয়ন চলাই থকা বিজ্ঞানীসকলে বিশ্বাস কৰে যে, সৰ্বসাধাৰণ মধ্যমীয়া স্তৰত স্বাস্থ্যৰক্ষা কৰিব পৰাকৈ গ্ৰহণযোগ্য মাত্ৰাৰ ছডিয়াম সেৱন পৰামৰ্শ নিশ্চিত কৰিবৰ কাৰণে আৰু অধিক ওপৰঞ্চি অধ্যয়নৰ কাম চলাব লাগে।
এতিয়ালৈকে লাভ কৰা ফলাফলৰ ভিত্তিত এটা কথাই ক’ব পাৰি যে এতিয়া প্ৰচলিত পৰামৰ্শই স্বাস্থ্য ৰক্ষাৰ বাবে অতি উত্তম।

নিমখ: কিমান পৰিমাণত হ’লে বেছি বুলি ধৰা হয়?

যদিও নিমখ সেৱনৰ প্ৰভাৱ সম্পৰ্কে ভাৰতত আজিলৈকে তেনে কোনো বিজ্ঞান ভিত্তিক অধ্যয়ন চলা নাই, তথাপি ভালেমান চিকিৎসক আৰু খাদ্য বিশেষজ্ঞই চলোৱা নিজাববীয়া অধ্যয়ন আৰু পৰীক্ষাত এটা কথা প্ৰমাণিত হৈছে যে, বেছি পৰিমাণে নিমখ খালে কেইবাটাও গুৰুতৰ ধৰণৰ অসুখ হোৱাৰ আশংকা বৃদ্ধি পায়।
সেইকেইটা ৰোগ হ’ল-
হৃদৰোগ,ষ্ট্ৰোক আৰু উচ্চ ৰক্তচাপ আদি।
নিমখৰ সেৱনৰ লগত সম্পৰ্ক থকা এই ৰোগবিলাকৰ কাৰণে চিকিৎসকসকলে বেছি মাত্ৰাত নিমখ সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে।
কিন্তু এতিয়াও এই কথাটো নিশ্চিত হ’ব পৰা নাই যে, কিমান পৰিমাণৰ নিমখ ‘বেছি পৰিমাণ’ বুলি কোৱা হ’ব। বৰ্তমান প্ৰচলিত সাধাৰণ পৰামৰ্শ হৈছে প্ৰতিদিনে এজন সুস্থ-সবল প্ৰাপ্তবয়ষ্ক লোকে দিনে মাত্ৰা ২৩০০ মিলিগ্ৰামতকৈ কম পৰিমাণত ছডিয়াম খাব পাৰে।
এই পৰিমাণ হৈছে এজন এজন লোকৰ বাবে এদিনত মাত্ৰ এচামুচ পৰিমাণৰ নিমখ। কিন্তু ভাৰতৰ জনসাধাৰণৰ নিমখ সেৱনৰ ক্ষেত্ৰত সিমান বেছি সচেতন নহয় আৰু এক সাধাৰণ সমীক্ষা মতে ভাৰতৰ প্ৰতিজন প্ৰাপ্তবয়ষ্ক আৰু শিশুৱে গড়ে দৈনিক এই অনুমোদিত পৰিমাণতকৈ যথেষ্ট বেছি পৰিমাণে ছডিয়াম(নিমখ) সেৱন কৰে।
সেয়ে আমাৰ জনসাধাৰণৰ মাজত উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ডায়েবেটিছৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে বুলি ক’ব পাৰি।

Share:

Related Posts:

0 comments:

Post a Comment

Popular Posts