🏵️~ দ্ৰৌপদীৰ প্ৰতি শ্ৰীকৃষ্ণৰ কিছু শ্ৰেষ্ঠ বাণী ~🏵️
🔴ৰাজ্যসভাত উপস্থিত সকলো পুৰুষৰ পৰা চৰম
অপমানিত আৰু লাঞ্চিত হোৱাৰ পিছত দ্ৰৌপদী
যেতিয়া ইন্দ্ৰপ্ৰস্তৰ অন্ধ দুৱাৰত নিজকে আৱদ্ধ
কৰিছিল , তেতিয়া বাসুদেৱ শ্ৰীকৃষ্ণ দ্ৰৌপদীক
যিসকল বাণীৰে জাগ্ৰত কৰিছিল সেইবোৰ বাণী
নষ্ট মগজুৰ বা ধ্বংস হৈ যোৱা মনৰ মানুহক জগাই
তোলাৰ আটাইতকৈ ভাল উক্তিবোৰ.............. 🔴
🟢শ্ৰী কৃষ্ণই বন্ধু দ্ৰৌপদীক কৈছে.................🟢
👉১) বন্ধু , নদীৰ পানীত গা ধুলে সকলোৰে পাপ
মোচন হয় কিন্তু নদীয়ে কেতিয়াও পাপৰ লগত
লিপ্ত নহয় , অধৰ্ম আৰু পাপ কৰিছে কৌৰৱ
সকলে ,তুমি কিয় নিজকে দুখত আৱৰি ৰাখিছে ,
"বন্ধু"...........................................................................
👉২) নদীত লেতেৰা পৰিলে সেই লেতেৰা নদীয়ে
সাগৰৰ লগত মিহলি কৰি নিজে চাফা হৈ থাকে ,
সকলোকে ক্ষমা কৰি দিয়া আৰু নিজৰ সকলো
দুখ পৰমাত্মাৰ লগত বিলীন কৰি নিজকে গ্লানি
মুক্ত কৰা.....................................................
👉৩) প্ৰতিশোধ কেতিয়াও ধৰ্ম হব নোৱাৰে ,
প্ৰতিশোধ হল অধৰ্মীৰ অধৰ্ম , তুমি নিজৰ কথা
ভাবিছা "বন্ধু" ? এবাৰ ভাবি চাওক চক্ৰৱৰ্তী
সম্ৰাটৰ ৰাণী হৈ তোমাৰ যদি এই পৰিণতি হয়
তেন্তে সাধাৰণ পত্নীৰ কি হব পাৰে তেওঁলোকৰ
হাতত ? , কেৱল নিজৰ কথা নাভাবিব "বন্ধু" ,
সংসাৰৰ কথা ভাবা........................................
👉৪) নিজৰ দুখত আৱদ্ধ হলে মানুহ তেতিয়া
শক্তিহীন হৈ পৰে আৰু যেতিয়া বিশ্বসংসাৰৰ
সকলোৰে দুখৰ কথা ভাবে মানুহ শক্তিশালী হৈ
উঠে , নিজৰ দুখৰে বিশ্বসংসাৰৰ দুখ অনুভৱ কৰা
"বন্ধু" , দুৰ্যোধনক ক্ষমা কৰি দিয়া "বন্ধু" , তোমাৰ
ক্ষমাই হব তাৰ ধ্বংসৰ প্ৰথম পদক্ষেপ...............
🟢বন্ধুসকল আমি এইবোৰ বাণী মানি চলিব
পাৰিম নে ? , কিন্তু বন্ধুসকল এই বিশ্বসংসাৰত
এনেকুৱাও মানুহ আছে যি নিজৰ কথা নাভাবি
সদায় আনৰ কথা ভাবে , কি জানি হব পাৰে
আপুনিই সেইজন মানুহ....নমস্কাৰ আপোনালৈ🟢
🏵️ 🏵️ 🏵️ 🏵️ 🌺জয় শ্ৰী কৃষ্ণ🌺 🏵️ 🏵️ 🏵️ 🏵️
🏵️🏵️🏵️🏵️🏵️🏵️🏵️ 🌺 🏵️🏵️🏵️🏵️🏵️🏵️🏵️