Showing posts with label General Knowledge. Show all posts
Showing posts with label General Knowledge. Show all posts

Thursday, March 7, 2019

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

১)পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?
উত্তৰ: জাপান।
২)তলত দিয়া কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে?
উত্তৰ: গংগা HD 2643।
৩)তলত দিয়া কোনটো পৰিৱেশত আটাইতকৈ কম পৰিমাণৰ জৈৱ পদাৰ্থ প্ৰতি বছৰে উৎপন্ন হয়?
উত্তৰ: গভীৰ সমুদ্ৰ।
৪)পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে?
উত্তৰ: শাল গছ।
৫)বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ ভাগ লোৱা সংগঠন?
উত্তৰ: কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম।
৬)অসমৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ কোনটো?
উত্তৰ: ডিবগৈ।
৭)বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ(FAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে?
উত্তৰ: 2500 কেলৰি।
৮)বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে
উত্তৰ: জনসমতা ৰক্ষা কৰে।
৯)খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?
উত্তৰ: উত্তৰ প্ৰদেশ।
১০)দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি?
উত্তৰ: এনিমিয়া।
১১)আয়’ডিনৰ অভাৱত কি ৰোগ হয়?
উত্তৰ: গৰল।
১২)কোনবিধ কয়লা সৰ্বোত্তম?
উত্তৰ: এনথ্ৰাচাইট।
১৩)এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ খোৱা পানী লাগে?
উত্তৰ: 2.7।
১৪)তলত দিয়া কোনবিধ সম্পদ নৱীকৰণ যোগ্য?
উত্তৰ: বায়ুত থকা অক্সিজেন।
১৫)তলত দিয়া কোনবিধ ইন্ধন জীৱাষ্ম নহয়?
উত্তৰ: খৰি।
১৬)পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?
উত্তৰ: 97।
১৭)ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ?
উৎস: বোম্বে হাই।
১৮)তলত দিয়া কোনবিধ সজুঁলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয়?
উত্তৰ: চিস্ম’গ্ৰাফ।
১৯)তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়?
উত্তৰ: চোডিয়াম ক্ল’ৰাইড।
২০)পৃথিৱীৰ কম উন্নত(LDC) দেশবোৰৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় কিমান ভাগ?
উত্তৰ: 78।
২১)পৰুৱাবোৰ-
উত্তৰ: মৃতভোজী বা উচ্ছিষ্টভোজী।
২২)পৃথিৱীৰ বায়ুমণ্ডলৰ বহিৰ্ভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা শোষিত হয়?
উত্তৰ: 20।
২৩)গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত?
উত্তৰ: দ্বিতীয়।
২৪)বায়ুমণ্ডলত নাইট্ৰ’জেনৰ শতকৰা পৰিমাণ কিমান?
উত্তৰ: 78 ভাগ।
২৫)পৰিস্থিতি তন্ত্ৰ(ecosystem)নামটো কোনে দিছিল?
উত্তৰ: Hackel
২৬)নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?
উত্তৰ: প্ৰবাহমান জলজ(lotic)।
২৭)তলত দিয়া কোনবিধ উপাদান স্বপোষী?
উত্তৰ: সেউজীয়া উদ্ভিদ।
২৮)কি অনুজীৱ নাইট্ৰ’জেন স্থিৰীকৰণৰ সৈতে জড়িত?
উত্তৰ: নীলা সেউজীয়া শেলাই, এনাবিনা।
২৯)কোনো এটা নিৰ্দ্ধাৰিত অঞ্চলত(যেনে: এটা হ্ৰদত) থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদক একেলগে কি বুলি কোৱা হয়?
উত্তৰ: বায়’ম।
৩০)এশিঙীয়া গঁড় কোন অঞ্চলৰ থলুৱা প্ৰাণী?
উত্তৰ: অসম।
৩১)বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা(Silent Valley) ক’ত অৱস্থিত?
উত্তৰ: কেৰেলা।
৩২)বহি:স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি?
উত্তৰ: চিৰিয়াখানা।
৩৩)ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?
উত্তৰ: উদ্ভিদ আৰু প্ৰাণী।
৩৪)কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত?
উত্তৰ: অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী।
৩৫)কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে?
উত্তৰ: সৰীসৃপ।
৩৬)ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উত্তৰ: কৰ্বেট।
৩৭)ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি?
উত্তৰ: বাঘ।
৩৮)উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণী হৈছে-
উত্তৰ: কলচী উদ্ভিদ।
৩৯)সৰ্পগন্ধা কি?
উত্তৰ: এবিধ বনৌষধি।
৪০)মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড’ চৰাই এতিয়া-
উত্তৰ: লুপ্ত প্ৰজাতি।
৪১)জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল-
উত্তৰ: জল প্ৰদূষণ।
৪২)ইউক্ৰেইনত অৱস্থিত চেৰ্ন’বিল নিউক্লীয় ৰিয়েক্টৰত কোন চনত দুৰ্ঘটনা ঘটিছিল?
উত্তৰ: 1986।
৪৩)উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ’ল-
উত্তৰ: খাদ্য।
৪৪)ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
উত্তৰ: ড° এম.এচ.স্বামীনাথন।
৪৫)বিশ্ব পৰিৱেশ দিৱস-
উত্তৰ: 5 জুন।
৪৬)ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-
উত্তৰ: 30 জানুৱাৰী।
৪৭)বিশ্ব জল দিৱস-
উত্তৰ: 20 মাৰ্চ।
৪৮)বিশ্ব বন দিৱস(World Forest Day)-
উত্তৰ: 21 মাৰ্চ।
৪৯)বিশ্ব স্বাস্থ্য দিৱস-
উত্তৰ: 7 এপ্ৰিল।
৫০)বসুধা দিৱস(Earth Day)-
উত্তৰ: 22 এপ্ৰিল।
৫১)বিশ্ব জনসংখ্যা দিৱস-
উত্তৰ: 11 জুলাই।
৫২)ধপাত নিষিদ্ধ দিৱস(World No-Tobacco Day)-
উত্তৰ: 31 মে’।
৫৩)ভূপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল?
উত্তৰ: 1984 চনৰ 2 ডিচেম্বৰ।
৫৪)ভূপাল গেছ দুৰঘৰ্টনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্ৰায় 5100 লোক মৃত্যু মুখত পৰিছিল?
উত্তৰ: MIC
৫৫)ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্ৰাবল্য 7 আৰু 7.9ৰ ভিতৰত থাকে তাকে বোলে-
উত্তৰ: বৃহৎ ভূমিকম্প।
৫৬)উইলি উইলি কি?
উত্তৰ: অষ্ট্ৰেলীয়াৰ চক্ৰবাত।
৫৭)ইন্দোনেচিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিচেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে চুনামী হৈছিল?
উত্তৰ: সুমাত্ৰা।
৫৮)ষ্ট্ৰেট’সফিয়াৰত থকা কি গেছে অতি বেগুনী ৰশ্মি শোষণ কৰে?
উত্তৰ: অ’জন।
৫৯)তলত দিয়া কোনবিধ গেছক সেউজ গৃহ গেছ নোবোলে?
উত্তৰ: অক্সিজেন।
৬০)ফ্ল’ৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ অংগ প্ৰথমে প্ৰভাৱিত হয়?
উত্তৰ: দাঁত।
৬১)কোনবিধ প্ৰদূষকৰদ্বাৰা তাজমহলৰ ক্ষতি হ’ব পাৰে বুলি আশংকা কৰা হৈছে?
উত্তৰ: চালফাৰ ডায়’ক্সাইড।
৬২)কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়?
উত্তৰ: পাৰা।
৬৩)কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়?
উত্তৰ: ডেছিবেল।
৬৪)এলনিন(EL Nimo)কি?
উত্তৰ: গৰম পানীৰ সাগৰীয় সোঁত।
৬৫)সেউজগৃহ পৰিঘটনা-
উত্তৰ: J.Fourier
৬৬)এন্টাৰ্কটিকাত অ’জন হোল-
উত্তৰ: J.C.Farman
৬৭)কলাকৰ্ষণ(Tissue Culture)-
উত্তৰ: Harrison
৬৮)তলত দিয়া কোনবিধ গেছে অ’জন বিনষ্ট নকৰে?
উত্তৰ: হাইড্ৰ’জেন।
৬৯)বসন্ত ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ।
৭০)জলাতংক ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ৰেবিজ ভাইৰাছ।
৭১)কলেৰা ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ভিব্ৰিঅ’ক’লেৰি।
৭২)কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: মাইক’ বেক্টেৰিয়াম লেপ্ৰি।
৭৩)মেলেৰীয়া ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: প্লাজম’ডিয়াম।
৭৪)এমিবিক গ্ৰহণীৰ বীজাণু কি?
উত্তৰ: এন্টামিবা হিষ্ট’লাইটিকা।
৭৫)প্লেগ ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: পেষ্টিঅ’ৰেলা পেল্টিছ।
৭৬)কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়?
উত্তৰ: বসন্ত।
৭৭)কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়?
উত্তৰ: কলেৰা।
৭৮)কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা হয়?
উত্তৰ: মেলেৰিয়া।
৭৯)তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয়?
উত্তৰ: হৃদৰোগ।
৮০)তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে?
উত্তৰ: বৰ্ণান্ধতা।
৮১)জনসংখ্যা বৃদ্ধি হোৱাৰ কোনটো কাৰব নগণ্য?
উত্তৰ: উচ্চ শিক্ষা।
৮২)নিজম উপত্যকা আন্দোলনৰ(Silent Valley Movement) গুৰি ধৰোতা কোন আছিল?
উত্তৰ: কেৰেলা শাস্ত্ৰ পৰিষদ।
৮৩)শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়?
উত্তৰ: শ্ৰৱণ।
৮৪)কোনো স্থানত পানী বন্ধ হৈ থাকিলে মাটিৰ গুণাগুণ-
উত্তৰ: নষ্ট হয়।
৮৫)সেউজ গৃহ প্ৰভাৱত কাৰ্বন ডাই অক্সাইডৰ অৱদান-
উত্তৰ: সৰ্বোচ্চ।
৮৬)1972 চনত বিশ্ব পৰিৱেশ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: ষ্ট’কহ’ম।
৮৭)মাটিৰ বিকল্প-
উত্তৰ: নাই।
৮৮)কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায়?
উত্তৰ: গৰুৰ গাখীৰ।
৮৯)নাইট্ৰাছ অক্সাইডৰ পৰা
উত্তৰ: এচিড বৰষুণ হয়।
৯০)খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে-
উত্তৰ: শক্তিৰ অপচয় বৃদ্ধি হয়।
৯১)সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়?
উত্তৰ: কাৰ্বন ডায়’ক্সাইড।
৯২)কোন চনৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰ্য্যাৱৰণ পুৰস্কাৰ দি অহা হৈছে?
উত্তৰ: 1987।
৯৩)নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: মেধা পাটেকাৰ।
৯৪)কোনবিধ ভাইৰাছৰ কাৰণে পক্ষীজ্বৰ(Bird’s flu) হয়?
উত্তৰ: H1N1
৯৫)ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল?
উত্তৰ: 1980
কোন চনত ভাৰতৰ তলত দিয়া আইনসমূহ প্ৰণয়ন কৰা হৈছিল?
৯৬)বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন-
উত্তৰ: 1981
৯৭)বনসংৰক্ষণ আইন-
উত্তৰ: 1980
৯৮)জল প্ৰদূষণ সংৰক্ষণ আইন-
উত্তৰ: 1974
৯৯)বন্যপ্ৰাণী সংৰক্ষণ আইন-
উত্তৰ: 1972
১০০) পৰিৱেশ(সংৰক্ষণ) আইন-
উত্তৰ: 1980

Share:

Wednesday, March 6, 2019

অসম কুইজ

১) প্ৰশ্ন : কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
২) প্ৰশ্ন : চাহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ : কেমেলিয়া চিনেনচিছ।
৩) প্ৰশ্ন : অসমত বছৰি গড়ে চাহ উৎপন্নৰ পৰিমাণ কিমান?
উত্তৰ : ৪০০ মিলিয়ন কিঃ গ্ৰাঃ (প্ৰায়)।
৪) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰ্টো ক’ত অৱস্থিত?
উত্তৰ : যোৰহাটৰ টোক্‌লাই।
৫) প্ৰশ্ন : অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান?
উত্তৰ : কাকজান চাহ প্ৰতিষ্ঠান।
৬) প্ৰশ্ন : অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো?
উত্তৰ : দি আছাম কোম্পানী।
৭) প্ৰশ্ন : গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ : ১৯৭০ চনত।
৮) প্ৰশ্ন : অসমৰ কোনখন জিলাত গুডৰিক চাহ উদ্যোগটো প্ৰতিষ্ঠিত হৈছিল?
উত্তৰ : দৰং জিলাত।
৯) প্ৰশ্ন : প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল?
উত্তৰ : জগন্নাথ বৰুৱা।
১০) প্ৰশ্ন : ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?
উত্তৰ : ৫৫ শতাংশ।
১১) প্ৰশ্ন : চিংফৌ সকলৰ পৰা কোনে চাহৰ অৱস্থিতী আৱিষ্কাৰ কৰিছিল?
উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।
১২) প্ৰশ্ন : অসমত ‘চাহ বাগিছাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।
১৩) প্ৰশ্ন : কোনে প্ৰথম বাৰৰ বাবে অসমত চাহ খেতিৰ প্ৰচলন কৰিছিল আৰু কেনেদৰে কৰিছিল?
উত্তৰ : চিংফৌ সকলে চাহ খেতি আৰম্ভ কৰিছিল আৰু ইয়াক দৰব হিচাপে ব্যৱহাৰ কৰিছিল।
১৪) প্ৰশ্ন : ব্ৰিটিছ সকলে অসমত (ভাৰত) স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি?
উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত ‘চাবুৱা চাহ প্ৰতিষ্ঠান’।
১৫) প্ৰশ্ন : অসমৰ যোৰহাটত থকা ভাৰতৰ বৰ্তমান সৰ্ববৃহৎ চাহ বাগিছা খনৰ নাম কি?
উত্তৰ : মুঠ ১৩৭৩ হেক্টৰ মাটিকালিৰে সৈতে অসমৰ শোণিতপুৰ জিলাৰ কাকজান চাহ প্ৰতিষ্ঠান।
১৬) প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণাগাৰটোৰ নাম কি আৰ ই ক’ত অৱস্থিত?
উত্তৰ : যোৰহাটৰ টোকোলাইত অৱস্থিত ‘টোকলাই চাহ গৱেষণা কেন্দ্ৰ’।
১৭) প্ৰশ্ন : অসমৰ কোন কেইখন জিলাত সৰ্বাধিক চাহ উৎোআদন হয়?
উত্তৰ : অসমৰ ক্ৰমে ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ আৰু কাছাৰ এই জিলা কেইখনত সৰ্বাধিক চাহ উৎপাদন হয়।
১৮) প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপন্ন হোৱা অঞ্চলটোৰ নাম কি?
উত্তৰ : প্ৰায় ৭০০ খন চাহ বাগিছাৰে উজনি অসমৰ অঞ্চল সমূহত পৃথিৱীৰ সৰ্বাধিক চাহ উৎপন্ন হয়।
১৯) প্ৰশ্ন : বাণিজ্যিক সুবিধাৰ্থে কোনে প্ৰথমে চাহ খেতি আৰম্ভ কৰিছিল?
উত্তৰ : মণিৰাম দেৱান।
২০) প্ৰশ্ন : অসম চাহ নিগম (Assam Tea Corporation) কেতিয়া গঠন কৰা হয়?
উত্তৰ : ১৯৭৩ চনত।
২১) প্ৰশ্ন : সৰ্বমুঠ চাহ নিলামৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থান প্ৰাপ্ত বৰ্তমান পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ চি.টি.চি. (CTC) চাহ নিলাম কেন্দ্ৰটো কি?
উত্তৰ : ১৯৭০ চনত স্থাপিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ।
Share:

Monday, March 4, 2019

কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ

কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ

১) বেৰোস্কোপ               - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ।

২) বেৰোমিটাৰ               - বায়ুৰ চাপ জোখা যন্ত্ৰ।

৩) এনিম’মিটাৰ              - বায়ুৰ গতি পৰিমাপক যন্ত্ৰ।

৪) ক্ৰেস্কোগ্ৰাফ               - উদ্ভিদৰ জীৱনী শক্তিৰ জ্ঞান পাব পৰা যন্ত্ৰ।

৫) থাৰ্ম’মিটাৰ               - শৰীৰৰ তাপ জোখা যন্ত্ৰ।

৬) লেক্টোমিটাৰ              - গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ।

৭) ওডোমিটাৰ               - শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ।

৮) ইডিঅ’মিটাৰ             - গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰ।

৯) স্পিৰ’স্কোপ                   - নোট জাল নে আচল বুজিব পৰা যন্ত্ৰ।

১০) ফেদম                 - পানীৰ গভীৰতা জোখা স্কেল।

১১) ডায়নামো               - যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰিব পৰা যন্ত্ৰ।

১২) কম্পাছ                - দিশ নিৰ্ণয় কৰা যন্ত্ৰ।

১৩) অল্টিমিটাৰ              - কোনো ঠাইৰ উষ্ণতা মাপক যন্ত্ৰ।

১৪) চিচ্‌মোমিটাৰ             - ভূমিকম্পৰ উৎপত্তি আৰু গতি নিৰ্ণয় কৰা যন্ত্ৰ।

১৫) এমিটাৰ                - বৈদ্যুতিক প্ৰবাহ জোখা যন্ত্ৰ।

১৬) স্ক্ৰু-গজ                - সৰু তাঁৰৰ ব্যাসাৰ্ধ জোখা যন্ত্ৰ।

১৭) স্পিৰিট-লেভেল           - কোনো ঠাইৰ সমলতা পৰীক্ষা কৰিব পৰা যন্ত্ৰ।

১৮) ম্যান’মিটাৰ             - গেছীয় পদাৰ্থৰ চাপ নিৰ্দ্ধাৰণ কৰা যন্ত্ৰ।

১৯) ফেদ’মিটাৰ              - সাগৰৰ গভীৰতা জোখা যন্ত্ৰ।

২০) অক্সেন’মিটাৰ             - বৃষ্টিপাতৰ পৰিমাণ নিৰ্দেশক যন্ত্ৰ।

২১) ষ্টেথিস্কোপ               - হাওঁফাওঁ, হৃদপিণ্ড আদিৰ ক্ৰিয়াৰ পৰীক্ষাৰ বাবে চিকিৎসক
সকলে ব্যৱহাৰ কৰা যন্ত্ৰ।

২২) কেথেটোমিটাৰ            - দূৰত্বত থকা দুটা চিহ্নৰ মাজৰ ব্যৱধান নিৰ্ণয় কৰা যন্ত্ৰ।

২৩) কেল’ৰিমিটাৰ            - কোনো বস্তুৰ তাপৰ পৰিমাণ জোখা যন্ত্ৰ।

২৪) চন’মিটাৰ               - তাঁৰৰ কম্পনাংক উলিওৱা যন্ত্ৰ।

২৫) চলানুবীক্ষণ              - তৰল পদাৰ্থৰ প্ৰতিসৰণাংক উলিওৱা যন্ত্ৰ।

Share:

Wednesday, February 27, 2019

কুইজ (সৌৰজগত)

_১) প্ৰশ্ন : মঙ্গল উপগ্ৰহ কেইটা আৰু কি কি?_
_উত্তৰ : দুটা। ফ’বচ্‌ আৰু ডিম’চ্‌।_
_২) প্ৰশ্ন : পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি?_
_উত্তৰ : এটা। চন্দ্ৰ।_
_৩) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ফ’বচ’ৰ দূৰত্ব কিমান?_
_উত্তৰ : প্ৰায় ৯,৪০০ কিঃ মিঃ। ইয়াৰ ব্যাসাৰ্দ্ধ প্ৰায় ৪ কিঃ মিঃ।_
_৪) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ডিম’চ’ৰ দূৰত্ব কিমান?_
_উত্তৰ : প্ৰায় ২৪, ০০০ কিঃ মিঃ। ইয়াৰ ব্যাস প্ৰায় ৫ কিঃ মিঃ।_
_৫) প্ৰশ্ন : ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি কি?_
_উত্তৰ : শ্ৰী হৰিকোটা আৰু নাইনিতাল।_
_৬) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানী সকলে জানিব পাৰিছে?_
উত্তৰ : প্ৰায় এক লাখ নিযুত।
_৭) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যই কিমান ঠাই আগুৰি আছে?_
_উত্তৰ : প্ৰায় এক লাখ আলোকবৰ্ষ।_
_৮) প্ৰশ্ন : শনি গ্ৰহৰ চাৰিওকাষ আঙঠিৰ দৰে দেখা যায় কিয়?_
_উত্তৰ : শনি গ্ৰহৰ চাৰিওকাষে বহুতো সৰু সৰু উপগ্ৰহ লাগি থকা বাবে আঙঠিৰ দৰে দেখা যায়। এই আঙঠিটোৰ ব্যাস প্ৰায় ২,৮৩,০০০ কিঃ মিঃ আৰু প্ৰায় ১৬ কিঃ মিঃ ডাঠ।_
_৯) প্ৰশ্ন : শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি?_
_উত্তৰ : টিটান (Titan) বা টাইটান।_
_১০) প্ৰশ্ন : পাৰচেক কি?_
_উত্তৰ : জ্যোৰ্তিবিজ্ঞানত ব্যৱহৃত এটা ডাঙৰ দূৰত্বৰ একক।_
_১১) প্ৰশ্ন : অনাতাঁৰ দূৰবীণ কি?_
_উত্তৰ : যি আহিলাৰে অনাতাঁৰ তৰঙ্গ জ্যোতিবিজ্ঞানত ব্যৱহাৰ কৰা হয় তাৰ নাম অনাতাঁৰ দূৰবীণ বা ৰেডিঅ’ টেলিস্কোপ।_
_১২) প্ৰশ্ন : ছোভিয়েট ৰুছিয়াই সৰ্বশেষত মঙ্গল গ্ৰহলৈ পঠোৱা যান খনৰ নাম কি?_
_উত্তৰ : ফ’বছ – ১১। ইয়াক ইং ১২/০৭/১৯৮৮ তাৰিখে উৎক্ষেপন কৰে।_
_১৩) প্ৰশ্ন : আকাশৰ ধ্ৰুৱতৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি?_
_উত্তৰ : নিশাৰ ভাগত উত্তৰ ফাললৈ চাই।_
_১৪) প্ৰশ্ন : চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব, দূৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান?_
_উত্তৰ : ওচৰ দূৰত্ব =_ _৩,৬৫,০০০ কিঃ মিঃ,_
_দূৰ দূৰত্ব = ৪,১০,০০০ কিঃ মিঃ,_
_আৰু গড় দূৰত্ব প্ৰায় =_ _৩,৮৭,০০০ কিঃ মিঃ।_
_১৫) প্ৰশ্ন : নিজ কক্ষপথত পৃথিৱীয়ে প্ৰতি ছেকেণ্ডত কিমান দ্ৰুতিৰে ঘূৰে?_
_উত্তৰ : প্ৰায় ৩১ কিঃ মিঃ।_
_১৬) প্ৰশ্ন : সৌৰবছৰ কি?_
_উত্তৰ : পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন তাক সৌৰবছৰ বোলে।_
_১৭) প্ৰশ্ন : বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হৈছে?_
_উত্তৰ : মহাকাশত থকা হাতীপটিৰ দৰে অলেখ তাৰকাৰাজ্য, গেছীয় পদাৰ্থ আদি এক গট হৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে।_
_১৮) প্ৰশ্ন : নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি কি?_
_উত্তৰ : ট্ৰাইটম আৰু নেবেইড।_
_১৯) প্ৰশ্ন : আলোকবৰ্ষ আৰু মহাজাগতিক বৰ্ষৰ মাজত পাৰ্থক্য কি?_
_উত্তৰ : আলোকবৰ্ষৰ দূৰত্বৰ একক আৰু মহাজাগতিক বৰ্ষ সময়ৰ একক।_
_২০) প্ৰশ্ন : হাতীপটি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভূক্ত?_
_উত্তৰ : সৰ্পিল তাৰকা ৰাজ্যৰ অন্তৰ্ভূক্ত।_
_২১) প্ৰশ্ন : সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ?_
_উত্তৰ : নক্ষত্ৰ।_
_২২) প্ৰশ্ন : জ্যোতি কাক বোলে?_
_উত্তৰ : পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১,৪৯,৫০০,০০০ কিঃ মিঃ ক দৈৰ্ঘ্যৰ একক হিচাপে ধৰি লৈ জ্যোতিবিজ্ঞানীসকলে এই দূৰত্বক এক জ্যোতি একক নাম দিছে।_
_২৩) প্ৰশ্ন : সাধাৰণ দূৰবীণেৰে মহাকাশৰ তথ্য সংগ্ৰহত কিহে বাধা দিয়ে?_
_উত্তৰ : ডাৱৰ, কুঁৱলী, ৰ’দৰ পোহৰ, ধূলি-মাকতি আদি।_
_২৪) প্ৰশ্ন : ৰাডাৰ (RADAR) শব্দৰ পূৰ্ণপাঠ কি?_
_উত্তৰ : ৰেডিঅ’ ডিটেকচন্‌ এণ্ড ৰেনজিং।_
_২৫) প্ৰশ্ন : চন্দ্ৰৰ ব্যাস কিমান?_
_উত্তৰ : প্ৰায় ৩৫০০ কিঃ মিঃ।_
_২৬) প্ৰশ্ন : কোনে আৰু কেতিয়া পোন প্ৰথমে চন্দ্ৰত খোজ দিয়ে?_
_উত্তৰ : নীল আৰ্মষ্ট্ৰঙে, ইং ১৯৬৯ চনৰ ২০ জুলাইত।_
_২৭) প্ৰশ্ন : হাতীপটিৰ কেন্দ্ৰৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব কিমান?_
_উত্তৰ : প্ৰায় ৩২,০০০ আলোকবৰ্ষ।_
_২৮) প্ৰশ্ন : কৃত্ৰিম উপগ্ৰহ কাক বোলে?_
_উত্তৰ : নিউটনৰ গতিৰ ৩য় সূত্ৰ মতে ৰকেট মহাকাশলৈ পঠিয়াওতে ইন্ধনৰ জ্বলন যিমান তীব্ৰ হয় ৰকেট সিমান ওপৰলৈ উঠে। তেনে ৰকেটৰ সহায়ৰে কোনো বস্তু পৃথিৱীলৈ নাহি পৃথিৱীক প্ৰদক্ষিণ কৰি থকাকৈ স্থাপন কৰিব পাৰি। এনেদৰে স্থাপন কৰা আৰু ইন্ধন নোহোৱাকৈ পৃথিৱীক প্ৰদক্ষিণ কৰা বস্তুক কৃত্ৰিম উপগ্ৰহ বোলে।_
_২৯) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন?_
_উত্তৰ : ইং ১২/০৪/১৯৬৯ তাৰিখে ভষ্টক -১ ৰে মহাকশলৈ যোৱা ৰুছ দেশৰ মহাকাশচাৰী মেজৰ ইউৰি গাগৰিণেই মহাকাশলৈ যোৱা প্ৰথম মানুহ।_

Share:

Sunday, February 24, 2019

এটা শব্দত প্ৰকাশ কৰা

১)ধান থোৱা ঘৰ= ভঁৰাল
২)যি অনাই বনাই ঘূৰি ফুৰে=যাযাবৰ
৩)নাম নধৰাকৈ দিয়া গালি=গুৱালগালি
৪)দেউতাকৰসখিয়েক= তাৱৈ
৫) তাৱৈৰ ঘৈণীয়েক=আমৈ
৬) যি আনৰ অধীন নহয়= স্বাধীন
৭)যি আনৰ অধীন=পৰাধীন
৮)গৰু বন্ধা ঘৰ=গোহালি
৯)ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
১০) যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
১১)যি কথাৰ অৰ্থ নাই=অৰ্থহীন; নিৰৰ্থক
১২)যি আনৰ ওপৰত নিৰ্ভৰ কৰে =পৰনিৰ্ভৰশীল
১৩)যি নিজৰ ওপৰত নিৰ্ভৰ কৰে=আত্মনিৰ্ভৰশীল; স্বাৱলম্বী
১৪)যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
১৫)যাৰ আদি নাই= অনাদি
১৬)যাৰ অন্ত নাই=অনন্ত
১৭) যাৰ সীমা নাই= অসীম
১৮)যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
১৯) যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
২০)যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
২১)যাক দেখা নাযায়=অদৃশ্য
২২)যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
২৩)যাক সহজে পোৱা যায়=সুলভ
২৪)যাৰ নাম নাই =অনামী 
২৫)যাৰ সীমা আছে= সসীম
২৬)যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
২৭)যাৰ ধাৰ আছে =ধাৰুৱা
২৮) যি অলপতে শুনে=শহাকণীয়া
২৯)যি কাৰো পক্ষত নাথাকে=নিৰপক্ষ
৩০)যি নিশা চৰে= নিশাচৰ 
৩১)যি সহ্য কৰিব পাৰে =সহনশীল
৩২)যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী
৩৩) ভিক্ষা কৰে যি=ভিক্ষাৰী
৩৪)যি খুজি মাগি খায়=খোজনীয়া; মগনিয়া
৩৫)যি আনৰ বস্তু বলেৰে নিয়ে=ডকাইত
৩৬)যি কথা জনা নাযায়=অজ্ঞাত
৩৭)যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী
৩৮)দুটা মাহৰ মাজৰ দিন=দোমাহী বা সংক্ৰান্তি
৩৯) যি জনে নিয়মমতে খৰচ কৰে --- মিতব্যয়ী
৪০) যি সঁচা কথা কয়=সত্যবাদী
৪১)যি মিছা কথা কয়=মিছলীয়া
৪২) যি ঘৰত ওপজে=ঘৰ-ওপজা
৪৩)যি বনত ওপজে=বনজ
৪৪)যি নগৰত থাকে=নগৰীয়া
৪৫)যি গাঁৱত থাকে =গাঁৱলীয়া
৪৬)যি বিদেশত থাকে =প্ৰবাসী
৪৭)বিদেশৰপৰা অহা লোক=বিদেশী
৪৮)যি ভয় নকৰে=নিৰ্ভীক
৪৯) আনৰ ভাল দেখিব নোৱাৰা =চকুচৰহা, পৰশ্ৰীকাতৰ
৫০)একে গুৰুৰ শিষ্য=হৰিভকত, সতীৰ্থ
৫১) একে শ্ৰেণীতে পঢ়া=সহপাঠী
৫২)একে মাকৰ সন্তান=সহোদৰ, সোদৰ
৫৩)গোটেই জীৱন জুৰি=আজীৱন
৫৪)মাগিলেও ভিক্ষা নোপোৱা সময়=দুৰ্ভিক্ষা
৫৫) জন্মৰ পৰা অন্ধ যি=জন্মান্ধ
৫৬)যি এটা চকুৰে নেদেখে =কণা
৫৭)দুয়োটা চকুৰে নেদেখা লোক=অন্ধ
৫৮)যি কথা কব নোৱাৰে=মুক; বোবা
৫৯)যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে=মুকবধিৰ
৬০)শাৰীৰিকভাৱে অক্ষম যি=প্ৰতিবন্ধী
৬১)যাৰ মাক পিতাক মৰিছে=মাউৰা
৬২) যি পুৰুষৰ তিৰোতা মৰিছে =বৰলা; বিপত্নীক
৬৩)যি তিৰোতাৰ পুৰুষ মৰিছে =বিধৱা
৬৪)স্বামী থকা তিৰোতা=সধৱা; আয়তী
৬৫)নাম গোৱা তিৰোতা=নামতী
৬৬)বিহুৰ আগ দিনা=উৰুকা
৬৭)যি দিনত নেদেখে= দিনকণা
৬৮)যি ৰাতি নেদেখে=কুকুৰীকণা
৬৯) দুই ঘৰৰ মাজৰ ঠাই=দোঘোৰা
৭০) ঘৰৰ চালৰ পানী পৰা ঠাই =পানী পচা
৭১)এবাৰ ফল দি মৰা গছ=ওষধি
৭২)দুই বছৰৰ মূৰত পোৱালি দিয়া গাই=দুৰচী;দোৰাহী
৭৩)পনীয়া গাখীৰ দিয়া গাই=জলাহী
৭৪)শিং নথকা গৰু=লাওমূৰা
৭৫)হাল বোৱা গৰু=বলধ
৭৬)ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী
৭৭)স্মৰণ কৰিবলগীয়া=স্মৰণীয়
৭৮)যাৰ বিয়া হোৱা নাই=অবিবাহিত;আবিয়ৈ
৭৯)যাৰ বিয়া হৈছে=বিবাহিত
৮০)জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
৮১)জন্তুৰ নিচিনা যি=জান্তব
৮২)যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া
৮৩)যি বতৰ শীতো নহয় উষ্ণও নহয়=নাতিশীতোষ্ণ
৮৪) যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া
৮৫)মাৰ ভনীয়েক =মাহী
৮৬)দেউতাৰ ভনীয়েক=পেহী
৮৭)মাৰ সতিনীয়েক=বিমাতা, মাহীমা
৮৮)ককাৰ দেউতাক=আজোককা
৮৯)কঁঠালৰ সৰু কলি =মুচি
৯০)খাবলৈ অনা সৰু কলপুলি=পচলা
৯১)দাঁত ওলোৱা হাতী=দঁতাল
৯২)মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া
৯৩)যি জলত চৰে=জলচৰ
৯৪)যি স্থলত চৰে=স্থলচৰ
৯৫)জল আৰু স্থল উভয়তে চৰে যি=উভচৰ
৯৬)যি কণীৰপৰা জন্মে=অণ্ডজ
৯৭)ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক
৯৮)ঈশ্বৰক বিশ্বাস নকৰা লোক=নাস্তিক
৯৯)গান গোৱা লোক=গায়ক
১০০)খেলা ধুলা কৰা লোক=খেলুৱৈ
১০১)মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক=কুমাৰ
১০২)লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কমাৰ
১০৩)কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কঁহাৰ
১০৪)সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
১০৫)চিকিৎসা কৰা লোক=চিকিৎসক
১০৬)গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া
১০৭)যি উপকাৰ কৰে=উপকাৰী
১০৮)উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক=কৃতজ্ঞ; অকৃতঘ্ন
১০৯)উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক=কৃতঘ্ন; অকৃতজ্ঞ
১১০)বৰষুণ নোহোৱা বতৰ=খৰাং
১১১)যাৰ কোনো নাই=অনাথ

১১২)ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
১১৩)যি একো নাজানে=অজ্ঞ
১১৪)যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান
১১৫)যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত
১১৬)যি এই লোকৰ নহয়=অলৌকিক
১১৭)দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
১১৮)ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
১১৯)য'ত কোনো মানুহ নাই=নিৰ্জন
১২০)দেশক ভাল পোৱা মানুহ=দেশভক্ত
১২১)দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী
১২২)দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ
১২৩)গৰু চৰোৱা লোক=গৰখীয়া
১২৪)হাতী চৰোৱা লোক=মাউত
১২৫)যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
১২৬)যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
১২৭)যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
১২৮)যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
১২৯)যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয়
১৩০)যাক সকলোৱে জানে=বিখ্যাত
১৩১)যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত
১৩২)কবনলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য
১৩৩)যাক শুনিব নোৱাৰি=অশ্ৰাব্য
১৩৪)যাৰ জ্ঞান আছে=জ্ঞানী
১৩৫)যাৰ ধন আছে=ধনী
১৩৬)যাৰ মান আছে=মানী
১৩৭)যাৰ ঋণ আছে=ঋণী
১৩৮)যাৰ ঘৰ বাৰী নাই=অঘৰী
১৩৯)যাৰ একো নাই=নিঃস্ব
১৪০)য'ত যাব নোৱাৰি=দুৰ্গম
১৪১)য'ত যাব পাৰি=সুগম
১৪২)যি বহুত কথা কয়= বহুবল্কী
১৪৩)যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক=কথাচহকী

১৪৪)যাৰ মৰণ নাই=অমৰ
১৪৫)যাৰ ভয় আছে=ভয়াতুৰ
১৪৬)স্কুলত পঢ়া ল'ৰা ছোৱালী=ছাত্ৰছাত্ৰী

১৪৭)যাৰ শত্ৰু নাই=অজাতশত্ৰু
১৪৮)যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
১৪৯)শাক পাচলি কৰা ঠাই=শাকনি
১৫০)ধান খেতি কৰা ঠাই=ধাননি
১৫১)যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব
১৫২)যাক গণনা কৰিব নোৱাৰি=অগণন
১৫৩)যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয়
১৫৪)যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য
১৫৫)যি কাম কৰা উচিত=কৰ্তব্য
১৫৬)যি পুৰি নাযায়=অদাহ্য
১৫৭)যি নিয়মমতে খৰচ কৰে=মিতব্যয়ী
১৫৮)যি মাটি ফুটি ওলায়=উদ্ভিদ
১৫৯)যি বিদ্যালাভ কৰিছে=কৃতবিদ্য
১৬০)বহুতৰ মাজত প্ৰধান=শ্ৰেষ্ঠ
১৬১)যাক দিব পৰা নাযায়=অদেয়
১৬২)যাক বধ কৰিব পৰা নাযায়=অবধ্য
১৬৩)যি খুউব বেছি দীঘল নহয়=নাতিদীৰ্ঘ
১৬৪)যাক নিমিষতে ভঙ্গ কৰিব পাৰি=ক্ষণভঙ্গুৰ
১৬৫)যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
১৬৬)বিষ্ণুক উপাসনা কৰা লোক=বৈষ্ণৱ
১৬৭)শিৱক উপাসনা কৰা লোক=শৈৱ
১৬৮)শক্তিক উপাসনা কৰা লোক=শাক্ত
১৬৯)যি সহজে জীণ নাযায়=অজীৰ্ণ; গুৰুপাকী
১৭০)যি অইন ফালে মন দিয়ে=অন্যমনস্ক
১৭১)শৰৎ কালত হোৱা=শাৰদীয়
১৭২)যি গুণীৰ গুণ বুজে=গুণগ্ৰাহী
১৭৩)বাটে বাটে যোৱা মানুহ=বাটৰুৱা
১৭৪)যাৰ ধৰ্মলৈ ভয় আছে=ধৰ্মভীৰু
১৭৫)কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা=কৃতসংকল্প
১৭৬)অশেষ মূল্য যাৰ=অমূল্য
১৭৭)দৰমহা নোলোৱাকৈ কৰা কাম=অবৈতনিক
১৭৮)যোৱাৰ উচিত বা যোগ্য=গন্তব্য; গমনীয়
১৭৯)কাপোৰ বব জনা তিৰোতা=শিপীনী
১৮০)যি কাম কাজত পাকৈত=কাজী
১৮১) একে সময়তে হোৱা=সমসাময়িক
১৮২)ভৱিষ্যত চিন্তা কৰিব পৰা লোক=দূৰদৰ্শী
১৮৩)পি খোৱা বস্তু=পেয়
১৮৪)বুকুৰে বগাই যোৱা প্ৰাণী=সৰীসৃপ
১৮৫)যি বিশ্বজনৰ বাবে ভাল=বিশ্বজনীন
১৮৬)যি সৰ্বাংগ ব্যাপি আছে=সৰ্বাংগীণ
১৮৭)ফুল থোৱা পাত্ৰ=ফুলদানি
১৮৮)যি কথা কোৱা উচিত=বক্তব্য; বচনীয়
১৮৯)জুই ধৰি ৰখা ঠাই=জুহাল
১৯০)নিজৰ ওপজা ঠাই=জন্মভূমি
১৯১)বস্তু বেচা কিনা কৰা ঠাই=বজাৰ
১৯২)বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
১৯৩)বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
১৯৪)যাৰ মূৰত চুলি নাই=তপা
১৯৫)যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
১৯৬)যি কথা লগাই ফুৰে=খলুৱা

১৯৭)যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
১৯৮)যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
১৯৯)যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ
২০০)যি নিজে নিজে হয়=স্বয়ম্ভু
২০১)যাৰ পূৰ্বজন্মৰ কথা মনত আছে=জাতিষ্মৰ
২০২)যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু।
২০৩)যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী
২০৪)যাৰ বিবেচনা শক্তি নাই=অবিবেচক
২০৫)সহজে যি জীণ যায়=লঘুপাকী
২০৬)যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল
২০৭)সকলোকে সমানভাৱে দেখা=সমদৰ্শী
২০৮)বিপদৰ সময়ত ওলোৱা বুদ্ধি=প্ৰত্যু্ৎপন্নমতি
২০৯)যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু
২১০)যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু
২১১)যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
২১২)যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা
২১৩)যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
২১৪)যি নিজকে পণ্ডিত বুলি ভাৱে=পণ্ডিতমন্য
২১৫)আনৰ দোষ দেখা স্বভাৱ=অসূয়া
২১৬)যাৰ জন্ম নাই=অজ
২১৭)ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
২১৮)শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
২১৯)ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
২২০)যাৰ আগত জন্ম=অগ্ৰজ
২২১)যাৰ পিছত জন্ম=অনুজ
২২২)আগে আগে গমন কৰে যি=অগ্ৰগামী
২২৩)পিছে পিছে গমন কৰে যি=অনুগামী
২২৪)যি কম কথা কয়=মিতভাষী
২২৫)যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী
২২৬)ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
২২৭)নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন
২২৮)মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প
২২৯)যি মাটিৰে নিৰ্মান=মৃন্ময়
২৩০)যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ

Share:

Popular Posts