Wednesday, February 27, 2019

কুইজ (সৌৰজগত)

_১) প্ৰশ্ন : মঙ্গল উপগ্ৰহ কেইটা আৰু কি কি?_
_উত্তৰ : দুটা। ফ’বচ্‌ আৰু ডিম’চ্‌।_
_২) প্ৰশ্ন : পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি?_
_উত্তৰ : এটা। চন্দ্ৰ।_
_৩) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ফ’বচ’ৰ দূৰত্ব কিমান?_
_উত্তৰ : প্ৰায় ৯,৪০০ কিঃ মিঃ। ইয়াৰ ব্যাসাৰ্দ্ধ প্ৰায় ৪ কিঃ মিঃ।_
_৪) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ডিম’চ’ৰ দূৰত্ব কিমান?_
_উত্তৰ : প্ৰায় ২৪, ০০০ কিঃ মিঃ। ইয়াৰ ব্যাস প্ৰায় ৫ কিঃ মিঃ।_
_৫) প্ৰশ্ন : ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি কি?_
_উত্তৰ : শ্ৰী হৰিকোটা আৰু নাইনিতাল।_
_৬) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানী সকলে জানিব পাৰিছে?_
উত্তৰ : প্ৰায় এক লাখ নিযুত।
_৭) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যই কিমান ঠাই আগুৰি আছে?_
_উত্তৰ : প্ৰায় এক লাখ আলোকবৰ্ষ।_
_৮) প্ৰশ্ন : শনি গ্ৰহৰ চাৰিওকাষ আঙঠিৰ দৰে দেখা যায় কিয়?_
_উত্তৰ : শনি গ্ৰহৰ চাৰিওকাষে বহুতো সৰু সৰু উপগ্ৰহ লাগি থকা বাবে আঙঠিৰ দৰে দেখা যায়। এই আঙঠিটোৰ ব্যাস প্ৰায় ২,৮৩,০০০ কিঃ মিঃ আৰু প্ৰায় ১৬ কিঃ মিঃ ডাঠ।_
_৯) প্ৰশ্ন : শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি?_
_উত্তৰ : টিটান (Titan) বা টাইটান।_
_১০) প্ৰশ্ন : পাৰচেক কি?_
_উত্তৰ : জ্যোৰ্তিবিজ্ঞানত ব্যৱহৃত এটা ডাঙৰ দূৰত্বৰ একক।_
_১১) প্ৰশ্ন : অনাতাঁৰ দূৰবীণ কি?_
_উত্তৰ : যি আহিলাৰে অনাতাঁৰ তৰঙ্গ জ্যোতিবিজ্ঞানত ব্যৱহাৰ কৰা হয় তাৰ নাম অনাতাঁৰ দূৰবীণ বা ৰেডিঅ’ টেলিস্কোপ।_
_১২) প্ৰশ্ন : ছোভিয়েট ৰুছিয়াই সৰ্বশেষত মঙ্গল গ্ৰহলৈ পঠোৱা যান খনৰ নাম কি?_
_উত্তৰ : ফ’বছ – ১১। ইয়াক ইং ১২/০৭/১৯৮৮ তাৰিখে উৎক্ষেপন কৰে।_
_১৩) প্ৰশ্ন : আকাশৰ ধ্ৰুৱতৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি?_
_উত্তৰ : নিশাৰ ভাগত উত্তৰ ফাললৈ চাই।_
_১৪) প্ৰশ্ন : চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব, দূৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান?_
_উত্তৰ : ওচৰ দূৰত্ব =_ _৩,৬৫,০০০ কিঃ মিঃ,_
_দূৰ দূৰত্ব = ৪,১০,০০০ কিঃ মিঃ,_
_আৰু গড় দূৰত্ব প্ৰায় =_ _৩,৮৭,০০০ কিঃ মিঃ।_
_১৫) প্ৰশ্ন : নিজ কক্ষপথত পৃথিৱীয়ে প্ৰতি ছেকেণ্ডত কিমান দ্ৰুতিৰে ঘূৰে?_
_উত্তৰ : প্ৰায় ৩১ কিঃ মিঃ।_
_১৬) প্ৰশ্ন : সৌৰবছৰ কি?_
_উত্তৰ : পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন তাক সৌৰবছৰ বোলে।_
_১৭) প্ৰশ্ন : বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হৈছে?_
_উত্তৰ : মহাকাশত থকা হাতীপটিৰ দৰে অলেখ তাৰকাৰাজ্য, গেছীয় পদাৰ্থ আদি এক গট হৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে।_
_১৮) প্ৰশ্ন : নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি কি?_
_উত্তৰ : ট্ৰাইটম আৰু নেবেইড।_
_১৯) প্ৰশ্ন : আলোকবৰ্ষ আৰু মহাজাগতিক বৰ্ষৰ মাজত পাৰ্থক্য কি?_
_উত্তৰ : আলোকবৰ্ষৰ দূৰত্বৰ একক আৰু মহাজাগতিক বৰ্ষ সময়ৰ একক।_
_২০) প্ৰশ্ন : হাতীপটি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভূক্ত?_
_উত্তৰ : সৰ্পিল তাৰকা ৰাজ্যৰ অন্তৰ্ভূক্ত।_
_২১) প্ৰশ্ন : সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ?_
_উত্তৰ : নক্ষত্ৰ।_
_২২) প্ৰশ্ন : জ্যোতি কাক বোলে?_
_উত্তৰ : পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১,৪৯,৫০০,০০০ কিঃ মিঃ ক দৈৰ্ঘ্যৰ একক হিচাপে ধৰি লৈ জ্যোতিবিজ্ঞানীসকলে এই দূৰত্বক এক জ্যোতি একক নাম দিছে।_
_২৩) প্ৰশ্ন : সাধাৰণ দূৰবীণেৰে মহাকাশৰ তথ্য সংগ্ৰহত কিহে বাধা দিয়ে?_
_উত্তৰ : ডাৱৰ, কুঁৱলী, ৰ’দৰ পোহৰ, ধূলি-মাকতি আদি।_
_২৪) প্ৰশ্ন : ৰাডাৰ (RADAR) শব্দৰ পূৰ্ণপাঠ কি?_
_উত্তৰ : ৰেডিঅ’ ডিটেকচন্‌ এণ্ড ৰেনজিং।_
_২৫) প্ৰশ্ন : চন্দ্ৰৰ ব্যাস কিমান?_
_উত্তৰ : প্ৰায় ৩৫০০ কিঃ মিঃ।_
_২৬) প্ৰশ্ন : কোনে আৰু কেতিয়া পোন প্ৰথমে চন্দ্ৰত খোজ দিয়ে?_
_উত্তৰ : নীল আৰ্মষ্ট্ৰঙে, ইং ১৯৬৯ চনৰ ২০ জুলাইত।_
_২৭) প্ৰশ্ন : হাতীপটিৰ কেন্দ্ৰৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব কিমান?_
_উত্তৰ : প্ৰায় ৩২,০০০ আলোকবৰ্ষ।_
_২৮) প্ৰশ্ন : কৃত্ৰিম উপগ্ৰহ কাক বোলে?_
_উত্তৰ : নিউটনৰ গতিৰ ৩য় সূত্ৰ মতে ৰকেট মহাকাশলৈ পঠিয়াওতে ইন্ধনৰ জ্বলন যিমান তীব্ৰ হয় ৰকেট সিমান ওপৰলৈ উঠে। তেনে ৰকেটৰ সহায়ৰে কোনো বস্তু পৃথিৱীলৈ নাহি পৃথিৱীক প্ৰদক্ষিণ কৰি থকাকৈ স্থাপন কৰিব পাৰি। এনেদৰে স্থাপন কৰা আৰু ইন্ধন নোহোৱাকৈ পৃথিৱীক প্ৰদক্ষিণ কৰা বস্তুক কৃত্ৰিম উপগ্ৰহ বোলে।_
_২৯) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন?_
_উত্তৰ : ইং ১২/০৪/১৯৬৯ তাৰিখে ভষ্টক -১ ৰে মহাকশলৈ যোৱা ৰুছ দেশৰ মহাকাশচাৰী মেজৰ ইউৰি গাগৰিণেই মহাকাশলৈ যোৱা প্ৰথম মানুহ।_

Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts