Sunday, May 4, 2025

ধ্বনি (Phone) CTET Assamese paper

ধ্বনি (Phone)



আমি শব্দ এটা কওঁতে মুখৰ বিভিন্ন অংগ,ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ । এনে উচ্চাৰণকে ধ্বনি বোলে । উচ্চাৰণৰ স্থান আৰু বাধা অনুযায়ী ধ্বনিবোৰক স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি এই দুটা ভাগত ভাগ কৰিব পাৰি।

যেনে – মই ভাত খালো ।


এই বাক্যটোত তিনিটা শব্দ আছে। (১) মই, (২) ভাত, (৩) খালো।
এতিয়া যদি আমি তিনিওটা শব্দ বিশ্লেষণ কৰোঁ—
১) মই =ম+অ+ই
২) ভাত=ভ+আ+ত
৩) খালো=খ+আ+ল+ও
ম,অ,ই,ভ,আ,ত,খ,আ,ল,ও আদি চিহ্নবোৰ আমি মুখৰ বিভিন্ন অংগ ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ । এনে উচ্চাৰণকে ধ্বনি বোলে।

ধ্বনিৰ প্ৰকাৰৰ:

স্বৰধ্বনি :

যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ুপ্ৰৱাহ বাধাপ্ৰাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে তাকে স্বৰধ্বনি বোলে।

ব্যঞ্জনধ্বনি:

যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন অনুসৰি বাক্ যন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূৰ্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয় তাকে ব্যঞ্জনধ্বনি বোলে।

শব্দৰ মাজত একে অৱস্থানত বহিও যি ধ্বনিয়ে শব্দৰ ৰূপ আৰু অৰ্থৰ পৰিৱৰ্তন সাধে,‌ সেই ধ্বনিকে বিশিষ্ট ধ্বনি বোলে ।


বিশিষ্ট স্বৰধ্বনি - ৮ টা
বিশিষ্ট ব্যঞ্জনধ্বনি - ২১ টা

                         বিশিষ্ট স্বৰধ্বনিৰ‌ তালিকা




                     

                    বিশিষ্ট ব্যঞ্জনধ্বনিৰ তালিকা


   * ওষ্ঠ্য ধ্বনি:হাওঁফাওঁৰ পৰা বৰ্হিগামী বায়ুপ্ৰৱাহৰ গতিক  লগ লগাই ক্ষন্তেক ৰোধ কৰি পিছ মুহুৰ্ততে এৰি দিলেই ওষ্ঠ্য ধ্বনিৰ সৃষ্টি হয়। যেনে- প,ফ,ব,ভ,ম,ৱ আদি বিশিষ্ট ব্যঞ্জনধ্বনি ওষ্ঠ্য ধ্বনিৰ অন্তৰ্গত।

 * দন্তমূলীয় ধ্বনি:জিভাৰ আগটো দাঁতৰ গুৰিত লাগি হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰৱাহ ক্ষন্তেক ৰোধ কৰি তৎক্ষণাৎ এৰি দিয়াৰ ফলত উচ্চাৰিত হোৱা ধ্বনিক দন্তমূলীয় ধ্বনি বোলে। যেনেঃ ত, থ, দ, ধ, ল ইত্যাদি।

*তালব্য ধ্বনি: আগ জিভাখনৰে কঠিন তালু স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰৱাহ ক্ষন্তেক ৰোধ কৰি এৰি দিয়াৰ ফলত উচ্চাৰণ হোৱা ব্যঞ্জনধ্বনিক তালব্য ব্যঞ্জনধ্বনি বোলে। যেনে: সংস্কৃত ভাষাৰ চ, ছ, জ আদি। অসমীয়াত এইকেইটা ধ্বনি দন্তমূলীয় ৰূপেহে উচ্চাৰিত হয়। অসমীয়া ভাষাত তালব্য ব্যঞ্জনধ্বনি মাত্ৰ এটা-'য়'।

*পশ্চ-তালব্য ধ্বনি: জিভাৰ পিছ অংশৰ দ্বাৰা কোমল তালুত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰৱাহ ক্ষন্তেক ৰোধ কৰি তাৎক্ষণিকভাবে এৰি দিলে পশ্চ-তালব্য ধ্বনি উচ্চাৰিত হয়। যেনে: ক, খ, গ, ঘ, ঙ আদি।

*কন্ঠ-নালীয় ধ্বনি: হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰৱাহ কন্ঠত ৰোধ কৰি সৃষ্টি কৰা ধ্বনিয়েই কন্ঠ ধ্বনি। কন্ঠতন্ত্ৰী বিবৰত উচ্চাৰিত ধ্বনিক কন্ঠ-নালীয় ধ্বনি বোলে। এই ধ্বনি উচ্চাৰণত হাওঁফাওঁৰ পৰা নিৰ্গত বায়ুপ্ৰৱাহে কন্ঠতন্ত্ৰীত বাধাপ্ৰাপ্ত হৈ ঘৰ্ষণৰ সৃষ্টি কৰে। অসমীয়া ভাষাৰ কন্ঠ-নালীয় বিশিষ্ট ব্যঞ্জনধ্বনিটো হ'ল- 'হ' ।

Previous year questions

1) নিন্মলিখিত কোনটো অসমীয়া ভাষাৰ অঘোষ অল্পপ্ৰাণ ধ্বনিৰ উদাহৰণ?

a) ব

b) ত

C) দ

d) গ

2) তলৰ কোনটো অসমীয়া ভাষাৰ পাৰ্শ্বিক আৰু কম্পিত ব্যঞ্জন বৰ্ণৰ উদাহৰণ?

a) ম,ন

b) ৱ,য

c) ল,ৰ

d) স,হ

Whatsapp Group link- Click here 

Whatsapp channel Link - Click here 

Share:

Related Posts:

0 comments:

Post a Comment

If you have any doubt, please let me know

Popular Posts