Monday, February 19, 2024

শিক্ষকৰ ভূমিকা(Role of teacher)


শিক্ষকৰ ভূমিকা 

শিক্ষা হৈছে এক মানৱ তৈয়াৰী প্ৰক্ৰিয়া বা মানৱ সম্পদ বিকাশ প্ৰক্ৰিয়া।যিকোনো শিক্ষা প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হোৱাত নিৰ্ভৰ কৰে শিক্ষক,শিক্ষাৰ্থী,পাঠ্যক্ৰম আৰু সা-সুবিধাসমূহৰ ওপৰত।এইসমূহৰ ভিতৰত শিক্ষকজনৰ ভূমিকাই হৈছে সৰ্বপ্ৰধান। সেইবাবে সমগ্ৰ শিক্ষা প্ৰক্ৰিয়াৰ সফলতাত শিক্ষকৰ ভূমিকাই প্ৰধান। প্ৰাচীন ভাৰতবৰ্ষত শিক্ষক সকলক ভগৱানৰ লগত তুলনা কৰা হৈছিল। অধ্যাপক হুমায়ুন কবীৰৰ ভাষাত "শিক্ষক সকল হৈছে প্ৰকৃতাৰ্থত দেশৰ ভৱিষ্যত গঢ়োতা"। শিক্ষকৰ প্ৰভাৱ চিৰ বিদ্যমান। শিক্ষক সকলে যিকোনো এখন দেশৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে। শিক্ষকসকল হ'ল মানৱ জীৱনৰ বিকাশ কাৰ্য্যত নিয়োজিত এক সৰ্ববৃহৎ গোট।শিক্ষকসকলে নিজৰ ভূমিকা ভালদৰে সম্পন্ন কৰিবলৈ হ'লে তেওঁলোকক উপযুক্ত প্ৰশিক্ষণৰো প্ৰয়োজন।
              শিক্ষকসকল হৈছে জাতিৰ মেৰুদণ্ডস্বৰূপ। শিক্ষকসকলক ভৱিষ্যতৰ খনিকৰ বুলি ক'ব পাৰি। কিয়নো শিক্ষকৰ শিক্ষাৰ ওপৰতে এজন শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে। শিক্ষকে শিক্ষাদান প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তিসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰে। শিক্ষকজনে সদায় শিক্ষাদান কাৰ্য্যত ব্ৰতী হৈ থাকি শিক্ষাদানৰ দ্বাৰা শিক্ষাৰ্থীসকলক জ্ঞান দিয়ে।দেশ এখনৰ শিক্ষা ব্যৱস্থাৰ শৈক্ষিক দিশৰ গুণগত মানদণ্ড নিৰ্ভৰ কৰে শিক্ষকৰ গুণাৱলীৰ ওপৰত।সেয়েহে শিক্ষকক এজন পথ প্ৰদৰ্শক,সমাজ সংস্কাৰক আৰু আধুনিকীকৰণৰ জনক বুলি ক'ব পাৰি। এটা জাতিৰ উন্নতিৰ প্ৰত্যেকটো দিশতে শিক্ষকৰ ভূমিকা অপৰিসীম।
               বিদ্যালয় হৈছে সমাজৰ এক ক্ষুদ্ৰ সংস্কৰণ। সমাজে বিদ্যালয় স্থাপন কৰে যাতে ইয়াৰ জৰিয়তে শিক্ষকসকল উপযুক্ত নাগৰিক গঢ়ি তুলিব পাৰে,যিয়ে সমাজখনক সুপথে পৰিচালিত কৰাত সহায় কৰে।বিদ্যালয় আৰু সমাজৰ মাজত এক বন্ধুত্ব সুলভ সম্পৰ্ক থকাটো নিতান্তই প্ৰয়োজন।সুস্থ সুন্দৰ সমাজ এখন গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিসীম।
               শেষত মতপোষণ কৰিব পাৰি যে - বৰ্তমান একবিংশ শতিকাক জ্ঞানৰ বিস্ফোৰণৰ যুগ বুলি অভিহিত কৰিব পাৰি। জ্ঞানৰ বিস্ফোৰণে শিক্ষকসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ কৰি তুলিছে।বৰ্তমান সময়ত শিক্ষকৰ ভূমিকা যথেষ্ঠ জটিল আৰু প্ৰত্যাহ্বানমূলক।শিক্ষকসকলে বিভিন্ন প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবৰ বাবে বিভিন্ন ধৰণৰ ভূমিকা পালন কৰিব লগা হয়।  


এনেকুৱা ধৰনৰ প্ৰয়োজনীয়  বিষয়সমূহ পাবৰ বাবে আমাৰ What's up Channel ত Following কৰক |
👇👇👇👇


Assam Digital Info YouTube channel link
👇👇👇👇

Share:

0 comments:

Post a Comment

Popular Posts