Monday, September 20, 2021

অসম টেট ২০২১ ৰ বাবে Pedagogy ৰ ৯০+ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ ।

অসম টেট ২০২১ ৰ বাবে Pedagogy ৰ ৯০+ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ ।


১)শিশুকেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ’বলৈ আৱশ্যক-

উত্তৰ: মনোবিজ্ঞানৰ জ্ঞান।

২)শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব-

উত্তৰ: ব্যক্তি পাৰ্থক্যৰ বিষয়ে।

৩)এজন শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বাবে-

উত্তৰ: ক)বন্ধু

খ)দাৰ্শনিক

গ)পথ প্ৰদৰ্শক।

৪)নিৰ্দেশনামূলক সঁজুলি সমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন-

উত্তৰ: শিক্ষকৰ।

৫)শ্ৰেণীকোঠাত পাঠদান কৰোতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ’ব লাগিব-

উত্তৰ: ক)সৰলৰ পৰা জটিললৈ

খ)জনাৰ পৰা নজনালৈ

গ)মূৰ্ত্তৰ পৰা বিমূৰ্ত্তলৈ।

৬)বৰ্ত্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল-

উত্তৰ: শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত সম্ভাৱণীয়তাৰ বিকাশ সাধন।

৭)শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্বিক দিশ হ’ল-

উত্তৰ: ক)নিৰ্দেশনাৰ দিশ

খ)অভিৰোচনৰ দিশ

গ)কৌশলৰ দিশ।

৮)শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ’লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত-

উত্তৰ: সহযোগিতা থাকিব লাগে।

৯)শ্ৰেণীকক্ষত পাঠদান কৰোতে শিক্ষকে বিৰত থাকিব লাগে-

উত্তৰ: অত্যাধিক পুণৰাবৃত্তি।

১০)শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে-

উত্তৰ: শিক্ষকৰ ব্যক্তিত্বই।

১১)মন্টেশ্বৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়-

উত্তৰ: নিৰ্দেশিকা।

১২)আধুনিক শিক্ষা ব্যৱস্থা এগৰাকী শিক্ষকৰ প্ৰধান কৰ্ত্তব্য হ’ল-

উত্তৰ: শিক্ষাৰ্থীক জ্ঞান দান কৰা।

১৩)শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ-

উত্তৰ: আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে।

১৪)সুচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে-

উত্তৰ: শিক্ষকে।

১৫)শিক্ষাৰ্থীক অভিৰোচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল-

উত্তৰ: হাৰলকে।

১৬)শ্ৰেণীকক্ষৰ বাহিৰেও বাহিৰৰ পৰিৱেশতো এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব-কথাষাৰ-

উত্তৰ: সত্য।

১৭)শিক্ষকে অত্যাধিক মৰম-চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে-

উত্তৰ: পিছপৰা শিশু সকলক।

১৮)শিশুৰ জ্ঞানমূলক, আনুভূতিক আৰু সংক্ৰিয়াত্মক দিশৰ বিকাশত বিশেষে ভূমিকা পালন কৰিব পাৰে-

উত্তৰ: শিক্ষকে।

১৯)১৪০ৰ ওপৰৰ বুদ্ধ্যাংক থকা শিক্ষাৰ্থী সকলক কোৱা হয়-

উত্তৰ: প্ৰতিভাশালী।

২০)৯০-১১০ৰ ভিতৰত বুদ্ধ্যাংক থকা সকলক কোৱা হয়-

উত্তৰ: সাধাৰণ বুদ্ধি সম্পন্ন।

২১)এখন সমাজৰ চিকিৎসক তথা শিক্ষকৰো শিক্ষক বুলি কোৱা হয়-

উত্তৰ: প্ৰধান শিক্ষকক।

২২)এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব হ’ল-

উত্তৰ: ক)বিদ্যালয়ৰ তত্বাৱধান

খ)প্ৰশাসন ৰক্ষা

গ)সমন্বয় সাধন।

২৩)আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: ৬ বছৰত।

২৪)প্ৰাক-প্ৰাথমিক শিক্ষা হ’ল-

উত্তৰ: অনানুষ্ঠানিক শিক্ষা।

২৫)প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: আঢ়ৈ বছৰৰ পৰা চাৰে পাঁচ বছৰীয়া শিশুক।

২৬)এগৰাকী আদৰ্শ শিক্ষকৰ গুণাৱলী হ’ল-

উত্তৰ: ক)ৰসিকতা

খ)বাগ্মিতা

গ)বিষয়বস্তুৰ গভীৰ জ্ঞান।

২৭)আধুনিক শিক্ষা ব্যৱস্থা হ’ল-

উত্তৰ: শিশু কেন্দ্ৰিক।

২৮)শিশু কেন্দ্ৰিক শিক্ষাৰ বাটকতীয়া আছিল-

উত্তৰ: ৰুছো।

২৯)নেতিবাচক শিক্ষাৰ প্ৰৰ্বত্তক আছিল-

উত্তৰ: ৰুছো।

৩০)ইংৰাজী ‘School’ শব্দটো গ্ৰীক ভাষাৰ-

উত্তৰ: Skhole শব্দৰ পৰা অহা।

৩১)শিক্ষানুষ্ঠান এখনৰ মানৱ সম্পদ হ’ল-

উত্তৰ: ক)বৈষয়িক সম্পদ

খ)মানৱ সম্পদ

গ)পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰম কাৰ্যাৱলী।

৩২)বিদ্যালয় এখনৰ মানৱ সম্পদ হ’ল-

উত্তৰ: ক)শিক্ষক

খ)শিক্ষাৰ্থী

গ)বিদ্যালয়ৰ কৰ্মচাৰী।

৩৩)বিদ্যালয় এখনৰ প্ৰতিটো শ্ৰেণীকক্ষত শিক্ষাৰ্থী বহাৰ সুবিধা থাকিব লাগে-

উত্তৰ: ৫০-৬০ জন।

৩৪)বিদ্যালয় এখনত থাকিব নালাগে-

উত্তৰ: পাণদোকান।

৩৫)প্ৰাক-প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: খেলা-ধূলাৰ মাধ্যমত।

৩৬)২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ’ব-

উত্তৰ: ৬ৰ পৰা ১৪ বছৰীয়া শিশুৰ ক্ষেত্ৰত।

৩৭)বৰ্ত্তমান আমাৰ দেশত প্ৰচলিত শিক্ষাৰ গাঁথনি হ’ল-

উত্তৰ: ১০+২+৩

৩৮)স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰ্দৰ্শক আছিল-

উত্তৰ: হাৰ্বাৰ্ট স্পেনচাৰ।

৩৯)বিষয় বস্তু যেনেদৰে আছে তেনেদৰে মনত ৰখাটোৱে হ’ল-

উত্তৰ: স্মৰণ স্তৰৰ লক্ষ্যণ।

৪০)স্মৰণ স্তৰৰ শিক্ষাৰ্থীয়ে মনত ৰাখে-

উত্তৰ: যান্ত্ৰিকভাৱে।

৪১)স্মৰণ স্তৰৰ শিক্ষণ শিকনত ব্যৱহাৰ কৰা শিক্ষণ পদ্ধতি সমূহ সম্পূৰ্ণ মনোবিজ্ঞান পৰিপন্থী আৰু-

উত্তৰ: শিক্ষক কেন্দ্ৰিক।

৪২)স্মৰণ স্তৰৰ শিশুৰ বাবে অনুষ্ঠিত কৰা হয়-

উত্তৰ: সাধাৰণ মৌখিক পৰীক্ষা।

৪৩)সৰু ল’ৰা-ছোৱালীৰ বাবে অধিক ফলপ্ৰসূ বিধৰ শিক্ষা হ’ল-

উত্তৰ: স্মৰণ স্তৰৰ শিক্ষা।

৪৪)স্মৰণ স্তৰৰ শিক্ষণ-শিকনৰ আসোঁৱাহ হ’ল-

উত্তৰ: ক)প্ৰজ্ঞানাত্মক দক্ষতাৰ বিকাশ নহয়

খ)বোধ আৰু প্ৰয়োগহীন

গ)আন্ত: ক্ৰিয়াহীন।

৪৫)বোধ স্তৰৰ শিক্ষণ-শিকন স্তৰৰ শিক্ষণ শিকনতকৈ-

উত্তৰ: উচ্চ স্তৰৰ।

৪৬)বোধ স্তৰৰ শিক্ষা ব্যৱস্থা হ’ল-

উত্তৰ: মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

৪৭)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰণোদন প্ৰকৃতি(Nature of Motivation) হয়-

উত্তৰ: বাহ্যিক।

৪৮)মননশীল স্তৰত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা হ’ল-

উত্তৰ: মুখ্য।

৪৯)মননশীল স্তৰৰ শিক্ষণ-শিকনত প্ৰণোদনৰ প্ৰকৃতি হ’ল-

উত্তৰ: আভ্যন্তৰীণ।

৫০)মননশীল স্তৰৰ শিক্ষণ-শিকনত ব্যৱহাৰ হোৱা পদ্ধতি প্ৰয়োগ কৌশল সমূহ-

উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।

৫১)মননশীল স্তৰৰ শিক্ষণ-শিকনে সহায় কৰে-

উত্তৰ: মানসিক কাৰ্য্যদক্ষতা বৃদ্ধিত।

৫২)মননশীল স্তৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ দায়িত্ব-

উত্তৰ: বেছি।

৫৩)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰকৃত বোধ আৰু শিকা কথাবোৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰিব পৰাকৈ গ্ৰহণ কৰা পদ্ধতি হ’ল-

উত্তৰ: ক)আৰোহী-অৱৰোহী পদ্ধতি

খ)বক্তৃতা প্ৰদৰ্শন পদ্ধতি

গ)বিশ্লেষক-সংশ্লেষক পদ্ধতি।

৫৪)বোধ স্তৰৰ মূল্যায়ণ পৰীক্ষাত অধিক গুৰুত্ব দিয়া হয়।

উত্তৰ: চমু প্ৰশ্নত।

৫৫)মননশীল স্তৰৰ শিক্ষণে-

উত্তৰ: মননশীল স্তৰৰ শিকনে।

৫৬)মননশীল স্তৰত শিক্ষকৰ ভূমিকা-

উত্তৰ: গৌণ।

৫৭)প্ৰসস্ত শিক্ষাদানৰ বাবে এজন শিক্ষকৰ গাত থাকিবলগীয়া গুণ হ’ল-

উত্তৰ: ক)এটা নিৰোগী স্বাস্থ্য

খ)বৌদ্ধিক যোগ্যতা

গ)নিৰপেক্ষতা।

৫৮)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে হ’ব লাগে-

উত্তৰ: প্ৰয়োজন ভিত্তিক।

৫৯)যি জ্ঞান জীৱনত কোনো দিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান-

উত্তৰ: স্কুলত প্ৰদান কৰা অনুচিত।

৬০)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ-

উত্তৰ: বুদ্ধিৰ ওপৰত।

৬১)প্ৰচলিত শিক্ষা ব্যৱস্থাত নেতৃত্ব প্ৰদান কৰিব পৰা গুণ থকাটো নিতান্তই প্ৰয়োজনীয়-

উত্তৰ: শিক্ষকৰ।

৬২)অনভিজ্ঞ ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে-

উত্তৰ: নিৰ্দেশনা আৰু পৰিচালনাই।

৬৩)শিক্ষা পৰিকল্পনা ৰচনা কৰাটো এটা প্ৰধান কাম-

উত্তৰ: শিক্ষকৰ।

৬৪)শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো-

উত্তৰ: অপ্ৰয়োজনীয়।

৬৫)অনগ্ৰসৰ শিশুৰ এটা প্ৰধান বৈশিষ্ট্ হ’ল-

উত্তৰ: বৌদ্ধিক নিম্নমান বিশিষ্টতা।

৬৬)উইলিয়াম কিলপেট্ৰিকে উদ্ভাৱণ কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ পদ্ধতিটোৰ নাম হ’ল-

উত্তৰ: প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি।

৬৭)প্ৰকল্প পদ্ধতি হ’ল-

উত্তৰ: ক)শিক্ষাৰ্থীয়ে নিজে কৰিবলগীয়া কাম

খ)সামাজিক পৰিৱেশত সম্পন্ন কৰিব পৰা কাম

গ)শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছাত বাচি ল’ব পৰা কাম।

৬৮)এটা ভাল প্ৰকল্প থাকিবলগীয়া গুণাগুণ হ’ল-

উত্তৰ: ক)প্ৰয়োগিক জ্ঞান লাভৰ সুবিধা

খ)সময় সাপেক্ষ হোৱা

গ)বৰ সহজ বৰ জটিল নোহোৱা।

৬৯)শ্ৰেণী কক্ষত পাঠ সুচলকাৰী হিচাপে প্ৰধান ভূমিকা পালন কৰিব লাগে-

উত্তৰ: শিক্ষকে।

৭০) “এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাতেই গঢ় লয়”- মতামতটো আছিল-

উত্তৰ: কোঠাৰী আয়োগৰ।

৭১)শিক্ষা গ্ৰহণৰ বৈশিষ্ট হ’ল-

উত্তৰ: ক)শিক্ষা গ্ৰহণ এবিধ বিকাশৰ প্ৰক্ৰিয়া

খ)শিক্ষা গ্ৰহণ এবিধ সমাযোজন প্ৰক্ৰিয়া

গ)শিক্ষা গ্ৰহণ অভিজ্ঞতা সংগঠনৰ প্ৰক্ৰিয়া।

৭২)এজন প্ৰাৰম্ভিক শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সমস্যাক ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

৭৩)ব্ৰেইলী পদ্ধতিত শিক্ষা প্ৰদান কৰা হয়-

উত্তৰ: অন্ধ সকলক।

৭৪)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স-

উত্তৰ: কম।

৭৫)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকক্ষত প্ৰদান কৰা সঁহাৰি-

উত্তৰ: পুতৌজনক।

৭৬)এগৰাকী শিক্ষকৰ অনগ্ৰসৰ ছাত্ৰৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল-

উত্তৰ: তেওঁলোকক চিনাক্ত কৰা।

৭৭)অনগ্ৰসৰ সকলৰ বাবে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা হ’ব লাগে-

উত্তৰ: মনোবৈজ্ঞানিক বিধৰ।

৭৮)সৰ্বসাধাৰণৰ বাবে প্ৰস্তুত কৰা সাধাৰণ শিক্ষাই অনগ্ৰসৰ সকলক-

উত্তৰ: বিশেষ সহায় নকৰে।

৭৯)সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল-

উত্তৰ: ১৯৮৮ চনত।

৮০)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিৰ মূল উদ্দেশ্য আছিল-

উত্তৰ: দেশৰ নিৰক্ষৰতা আঁতৰ কৰা।

৮১)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিখন প্ৰৱৰ্ত্তন কৰিছিল-

উত্তৰ: ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনে।

৮২)আঁচনিখন প্ৰৱৰ্ত্তন হোৱাৰ কিমান বছৰৰ ভিতৰত সম্পূৰ্ণ সাক্ষৰতা প্ৰাপ্তি ইয়াৰ লক্ষ্য আছিল?

উত্তৰ: ২০০৫ চনৰ ভিতৰত।

৮৩)সম্পূৰ্ণ সাক্ষৰতা অভিযানে প্ৰ্থমতে সামৰি লৈছিল-

উত্তৰ: ৪৪২ খন জিলাক।

৮৪)সম্পূৰ্ণ সাক্ষৰতা অভিযান আছিল-

উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।

৮৫)লোক কৃষ্টি, যাত্ৰা, বাটৰ নাট, ভজন, কীৰ্ত্তন আদি প্ৰয়োগ কৰিব পৰা যায়-

উত্তৰ: সম্পূৰ্ণ সাক্ষৰতা অভিযান।

৮৬)শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায়কেইটা হ’ল-

উত্তৰ: ক)পৰিকল্পনা পৰ্যায়

খ)কাৰ্যকৰী পৰ্যায়

গ)মূল্যায়ণ পৰ্যায়।

৮৭)শ্ৰেণীকোঠাত শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে যিবোৰ পদক্ষেপ হাতত লয় সেইবোৰেই হ’ল-

উত্তৰ: পূৰ্বকাৰ্যকৰী বা পৰিকল্পনা পৰ্যায়।

৮৮)পাঠদানকাৰ্য শিক্ষাৰ্থীৰ বোধগম্য হোৱাকৈ শিক্ষকে বিষয়সূচী সজাই ল’ব লাগে-

উত্তৰ: পূৰ্বকাৰ্যকৰী পৰ্যায়ত।

৮৯)শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয়-

উত্তৰ: কাৰ্যকৰী পৰ্যায়ক।

৯০)শিক্ষকে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰে-

উত্তৰ: কাৰ্যকৰী পৰ্যায়ত।

৯১)শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰটো হ’ল-

উত্তৰ: মূল্যায়ণ বা উত্তৰ ক্ৰিয়াশীল পৰ্যায়।

৯২)শিক্ষকে লিখিত বা মৌখিক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে-

উত্তৰ: মূল্যায়ণ পৰ্যায়ত।

৯৩)পৰীক্ষাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰাত শিক্ষকক সহায় কৰিব পাৰে-

উত্তৰ: মূল্যায়ণ স্তৰে।

৯৪)শিক্ষাবিদ Jacksonৰ মতে শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ মৌখিক উদ্দীপনা যোগাব পাৰে-

উত্তৰ: কাৰ্যকৰী পৰ্যায়ত।

৯৫)শিক্ষাদান ব্যৱস্থাটোক ফলপ্ৰসূ কৰি তুলিবলৈ এক স্থিৰ-

উত্তৰ: পৰিকল্পনাৰ প্ৰয়োজন।

Collection by A. Koch
Share:

1 comment:

Popular Posts