অসম টেট ২০১৯
শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ কিছুমান অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ
১) “মানুহৰ সমূহ সহজাত জৈৱিক প্ৰবৃত্তি, প্ৰেৰণা, প্ৰৱণতা, হেঁপাহ আদি আৰু আৰ্জিত শিক্ষা, অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্ৰবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব”- উক্তিটো আগবঢ়াইছিল-
উত্তৰ: মৰ্টন প্ৰিন্স।
২)ব্যক্তিয়ে নিজকে সমাজৰ পৰিৱেশৰ লগত সমাযোজন কৰা কাৰ্যত প্ৰকাশ পায়-
উত্তৰ: ব্যক্তিত্বৰ।
৩)শিশুৰ সৱল ব্যক্তিত্ব গঠনত সহায় কৰে-
উত্তৰ: শিক্ষকে।
৪)তিনি বছৰীয়া শিশু এটাৰ ব্যক্তিত্ব গঠনত প্ৰধান ভূমিকা পালন কৰে-
উত্তৰ: মাকে।
৫)শৈশৱ কালৰ শিশুৰ নৈতিক সচেতনতা-
উত্তৰ: নাথাকে।
৬)শিশুৰ ব্যৱহৃত নামটোৱে তাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব-
উত্তৰ: পাৰে।
৭)শিশুৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা প্ৰধান দিশ হ’ল-
উত্তৰ: আটাইকেইটা শুদ্ধ।
৮)এটা সমস্যাজড়িত শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰণ- তাৰ সামাজিক পৰিৱেশত-
উত্তৰ: প্ৰদৰ্শন কৰিব নোৱাৰে।
৯)সমস্যাজৰ্জৰ শিশু সকলে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত-
উত্তৰ: মানসিক বাধা অনুভৱ কৰে।
১০)শিশুৰ সমস্যাজড়িত আচৰণৰ ভিতৰত পৰে-
উত্তৰ: আটাইকেইটা শুদ্ধ।
১১)শিশুৰ সমস্যাজৰ্জৰ আচৰণ পৰিশোধনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে-
উত্তৰ: মাক-দেউতাকে।
১২) “যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয় জীৱনৰ মাজভাগত বয়স উপযোগী হোৱা সত্বেও নিম্ন শ্ৰেণীৰ কামকাজ বিলাকো কৰিব বা পঢ়িব নোৱাৰে, প্ৰকৃততে তেনেবোৰ শিশুৱেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু”- মতবাদটো আছিল-
উত্তৰ: ছিৰিল বাৰ্ট।
১৩)অতিমাত্ৰা লাজকুৰীয়া আৰু ভয়াতুৰ শিশু এটাক ক’ব পাৰি-
উত্তৰ: সমস্যাজড়িত।
১৪)যিবোৰ শিশুৰ বিকাশ খৰকটীয়া নহয়, খুৱ লাহে লাহে শিকে, তেওঁলোকক কোৱা হয়-
উত্তৰ: শ্লথ শিক্ষাৰ্থী।
১৫)সাধাৰণতে দুৰ্দান্ত শিশুবিলাক হয়-
উত্তৰ: প্ৰাণ চঞ্চল।
১৬)মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল-
উত্তৰ: ডব্লিউ বিয়াৰ।
১৭)মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি এজনৰ লক্ষণ হ’ল-
উত্তৰ: আটাইকেইটা শুদ্ধ।
১৮)১৮৮৫ চনত এমিল ক্ৰেপেলিন নামৰ মনোবিদ গৰাকীয়ে অস্বাভাৱিক আচৰণক ভাগ কৰিছিল-
উত্তৰ: দুটা ভাগত।
১৯)ভয়, সংঘাত, উৎকন্ঠা আদি সৃষ্টি কৰা ভাৱ, স্মৃতি, ইচ্ছা আদিক অচেতন মনলৈ ঠেলি পঠিয়াই তাতে আৱদ্ধ কৰি ৰখা প্ৰক্ৰিয়াকে-
উত্তৰ: অৱদমন বোলে।
২০)এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ’ব পাৰে-
উত্তৰ: আটাইকেইটা শুদ্ধ।
২১)শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হ’ল-
উত্তৰ: মানসিক বিকাশ।
২২) “এমিল”(Emile) গ্ৰন্থখনৰ শ্ৰষ্টা আছিল-
উত্তৰ: ৰুছো।
২৩)শিক্ষাবিদ ডব্লিউ এম. ৰাইবাৰ্ণে বিকাশৰ স্তৰক বিভাজন কৰিছিল-
উত্তৰ: ছয়টা স্তৰত।
২৪)শিশুৰ সৰ্বাংগীন বিকাশত মুখ্য ভূমিকা পালন কৰে-
উত্তৰ: ঘৰখনে।
২৫)বিশ্বত পোন প্ৰথমতে প্ৰাক-প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন হৈছিল ব্ৰেকেনবাৰ্গ চহৰত-
উত্তৰ: ১৮৩৭ চনত।
২৬)শিক্ষাৰ অধিকাৰ আইন ২০০৯ খন ভাৰতত বলবৎ হৈছিল-
উত্তৰ: ২০০৯ চনৰ ১ এপ্ৰিলত।
২৭)২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব-
উত্তৰ: ৬-১৪ বছৰীয়া শিক্ষাৰ্থীয়ে।
0 comments:
Post a Comment