Monday, February 18, 2019

কুইজ ( বিজ্ঞান )

প্ৰশ্ন : ৰন্ধন (L.P.G.) কি কি উপাদানৰ সমষ্টি?
উত্তৰ : বিউটেন, অইচ’বিউটেন, বিউটিন, প্ৰপেন আৰু প্ৰপিনৰ সমষ্টি।

প্ৰশ্ন : হাইড্ৰ’জেন গেছৰ নামাকৰণ কোনে কেতিয়া কৰিছিল?
উত্তৰ : ১৭৮৩ চনত লেভইছিয়াৰে।

প্ৰশ্ন : চশমা তৈয়াৰ কৰা কাচত দুবিধ লেন্থানাইড ধাতু থাকে। ধাতু দুবিধৰ নাম কি?
উত্তৰ : প্ৰেছিঅ’ডাইমিয়াম আৰু নিঅ’ডাইমিয়াম।

প্ৰশ্ন :‘প্লাষ্টাৰ অব পেৰিছ’ৰ ৰাসায়নিক সংকেত কি?
উত্তৰ : 2CaSo4 H2O।

প্ৰশ্ন : পৃথিৱীৰ খোলাত সৰ্বাধিক পৰিমাণে থকা মৌল বিধ কি?
উত্তৰ : অক্সিজেন (৪৯%)।

প্ৰশ্ন : ‘অয়ল অব ভিট্ৰিয়ল (Oil of Vitrial) কাক কিৱা হয়?
উত্তৰ : চালফিউৰিক এছিদ (H2So4)।

প্ৰশ্ন : ফ্ল’ৰিণ, ক্লৰিণ, ব্ৰমিন আৰু আয়’ডিন এই চাৰিটা মৌলিক একত্ৰে কি কোৱা হয়?
উত্তৰ : হে’লজেন।

প্ৰশ্ন : গধুৰ পানীৰ এটা অযুত কি কি উপাদান থাকে?
উত্তৰ : দুটা ডয়টেৰিয়াম আৰু এটা অক্সিজেন পৰমাণু (D2O)।

প্ৰশ্ন : লাফিংগেছ বুলি কাক জনা যায়?
উত্তৰ : N2O (নাইট্ৰ’জেন অক্সাইড)।

প্ৰশ্ন : যুদ্ধক্ষেত্ৰত ধোৱাৰ পৰ্দা (Smoke screen) সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা যৌগ বিধৰ নাম কি?
উত্তৰ : ফছফৰিন (PH3)।

প্ৰশ্ন : ‘মিল্ক অৱ মেগনেছিয়া’ কোনবিধ পদাৰ্থক কোৱা হয়?
উত্তৰ : মেগনেছিয়াম হাইড্ৰক্সাইড Mg (OH)2 ।

প্ৰশ্ন : শুকান বৰফ (Dry ice)ৰ ৰাসায়নিক নাম কি?
উত্তৰ : কাৰ্বন-ডাই-অক্সাইড (Co2) গোটা।
প্ৰশ্ন : ১৯৮৪ চনত ভূপাল গেছ দুৰ্ঘটনাত এবিধ বিষাক্ত গেছ নিৰ্গত হৈ শতাধিক লোকৰ মৃত্যু হৈছিল। সেই বিষাক্ত গেছ বিধৰ নাম কি?
উত্তৰ : মিথাইল আইচ’ছায়েনাইড।

প্ৰশ্ন : “Hindu Chemistry” নামৰ মূল্যবান গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ : আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰায়।

প্ৰশ্ন : গেছৰ চাপ আৰু আয়তনৰ মাজৰ সম্পৰ্কটোক আচলতে কাৰ সূত্ৰ বুলি কোৱা হয়?
উত্তৰ : বয়লৰ সূত্ৰ (Boyle’s law)।

প্ৰশ্ন : ৰসায়ন বিজ্ঞানৰ পৰিচিত নাম ‘এচিড’ শব্দটো মূলত কোন ভাষাৰ পৰা আহে?
উত্তৰ : লেটিন ভাষাৰ ‘আচিভাচ’ শব্দৰ পৰা, যাৰ অৰ্থ অম্ল।

প্ৰশ্ন : আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ : এণ্টনি লেভয়ছিয়াৰ।

প্ৰশ্ন : বুনছেন বাৰ্ণাৰ (Bunsen burner) ৰ আৱিষ্কাৰক কোন?
উত্তৰ : ৰৰ্বাট ৱাইলহেম বুনছেন (জাৰ্মানী) l                

প্ৰশ্ন : L.P.G. চিলিণ্ডাৰৰ উৰুখনি (Leakage) ৰ সম্ভেদ পাবলৈ এবিধ উগ্ৰ গোন্ধ যুক্ত যৌগ যোগ কৰা হয়। যৌগটোৰ নাম কি?
উত্তৰ : ইথাইল মাৰকেপটান।

প্ৰশ্ন : কেলেমাইনৰ ৰাসায়নিক সংকেত কি?
উত্তৰ : Znco3 (জিংক কাৰ্বনেট)।

Share:

0 comments:

Post a Comment

Popular Posts